ফিফা বিশ্বকাপলৈ মাজত মাথোঁ ৬ দিন, বিনামূলীয়া টিকটক লৈ বিপদত ৬০গৰাকী অনুৰাগী
ডিজিটেল ডেস্ক, ৬ জুন : ফিফা বিশ্বকাপলৈ মাজত মাথোঁ ৬টা দিন বাকী৷ ইতিমধ্যে মেগা প্রতিযোগিতাখনৰ টিকটৰ দামক লৈ তীব্র বিতর্কৰ সৃষ্টি হৈছে৷ প্রতিযোগিতাখনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ফিফাৰ সিদ্ধান্তক লৈ নতুন বিতর্কৰ সৃষ্টি হৈছে৷
সমস্যাৰ মূল হৈছে টিকট পেমেণ্ট ৱেবছাইট৷ অনলাইনযোগে টিকট ক্রয় কৰা ৬০জন ফুটবল অনুৰাগীয়ে লাভ কৰিছিল বিশ্বকাপৰ বিনামূলীয়া টিকট৷ স্বাভাৱিকতে তেওঁলোক আনন্দত আত্মহাৰা হৈ পৰিছিল৷ পিছত গম পোৱা যায় যে ৱেবছাইটটোৰ কাৰিকৰী সমস্যাৰ বাবে তেওঁলোকে বিনামূলীয়া টিকট লাভ কৰিছিল৷
বিষয়টো জানিব পাৰি ফিফাই বিনামূলীয়া টিকট লাভ কৰা ৬০জন অনুৰাগীক ৭ দিনৰ ভিতৰত টিকটৰ মূল্য দিবলৈ কয়৷ ইয়াৰ ফলত বিতর্কৰ সৃষ্টি হৈছে৷ প্রশ্ণ উত্থাপন হয় বিশ্বকাপৰ দৰে বৃহৎ প্রতিযোগিতাত এনে ভুল কেনেকৈ হ’ব পাৰে?
এই সন্দর্ভত ফিফাই কয় যে বিশ্বকাপৰ কোনো বিনামূলীয়া টিকট নাই৷ ৱেবছাইটটোৰ কাৰিকৰী বিজুতিৰ বাবে সমস্যাটোৰ সষ্টি হৈছিল৷ নির্দিষ্ট সময়ৰ ভিতৰত ধন নাপালে টিকট বাতিল কৰা হ’ব৷ সংশ্লিষ্ট ফুটবল অনুৰাগীসকলক এই বিষয়ে ৩ জুনত অৱগত কৰা হৈছিল৷