নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক হেঁচা দিলে বিশ্বজুৰি হ’ব অশান্তি, ট্রাম্পৰ শুল্কবাণৰ মাজতে পুটিনৰ সকীয়নি

ডিজিটেল ডেস্ক, ৬ জুন : ‘নতুন মিতিৰ’ আমেৰিকাই শুল্কবাণ এৰিছে ভাৰতলৈ৷ এনে অৱস্থাত ভাৰত আৰু প্রধানমন্ত্রী মোদীৰ ওচৰত ঢাল হিচাপে থিয় দিছে ‘পুৰণি মিতিৰ’ ৰাছিয়া৷ শুল্কযুদ্ধ আৰু মধ্যপ্রাচ্যত চলি থকা সংঘাতৰ পৰিপ্রেক্ষিতত ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে কয় যে মোদীৰ ওপৰত অহেতুক চাপ সৃষ্টি কৰিছে পশ্চিমীয়া দেশসমূহে৷ তাৰ বাবেই বিশ্বজুৰি সৃষ্টি হৈছে অশান্তি৷ ইৰানৰ সৈতে আমেৰিকাৰ সংঘাত আৰু তাৰ ফলত বিশ্বব্যাপী অর্থনৈতিক দুৰৱস্থাৰ মাজতে পুটিনৰ এই মন্তব্য অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷

এখন সংবাদ মেলত পুটিনে কয়- ‘বিশ্বৰ আগশাৰীৰ অর্থনীতিসমূহৰ মাজত ভাৰত অন্যতম৷ আটাইতকৈ বেছি বৃদ্ধি হৈছে তাতেই৷ আগন্তুক দিনত ব্যাপক বৃদ্ধি দেখা যাব ভাৰতীয় অর্থনীতিত৷ এই অগ্রগতি এদিনতে হোৱা নাই৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ কঠোৰ পৰিশ্রমৰ ফলতেই ই সম্ভৱ হৈ উঠিছে৷’

পুটিনে আৰু কয়- ‘ৰাষ্ট্রীয় স্বার্থৰ কথা মনত ৰাখি বিশ্বৰ অধিকাংশ দেশৰ সৈতেই ভাৰতে দ্বিপাক্ষিক সম্পর্ক গঢ়ি তোলাৰ চেষ্টা কৰে৷ এয়া অত্যন্ত উপযোগী পদক্ষেপ৷’ নিজৰ বক্তব্যত নাম উল্লেখ নকৰাকৈয়ে আমেৰিকাক তুলাধুনা দিয়ে ৰাষ্ট্রপতি পুটিনে৷ তেওঁৰ ভাষাত ‘সকলোৱেই জানে, ভাৰত আৰু প্রধানমন্ত্রী মোদীৰ ওপৰত হেঁচা দিয়া হৈছে৷ সেয়া কিন্তু আচলতে আন্তঃৰাষ্ট্রীয় সম্পর্কৰ ক্ষেত্রত অত্যন্ত ক্ষতিকাৰক৷ ভাৰতৰ ওপৰত এনেহেন হেঁচা সৃষ্টি কৰিলে সেয়া কোনো দেশৰ পক্ষেই শুভ নহয়৷’

উল্লেখ্য যে ৰাছিয়াৰ পৰা ভাৰতে তেল আমদানি কৰাটো মুঠেও ভাল চকুৰে চোৱা নাই আমেৰিকাই৷ ৰাছিয়াৰ তেল কিনাৰ শাস্তিস্বৰূপে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰে ড’নাল্ড ট্রাম্প প্রশাসনে৷ শেহতীয়াকৈ ভাৰতৰ ওপৰত পুনৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপৰ প্রস্তাৱ কৰিছে আমেৰিকাই৷ মার্কিন আইনৰ ৩০১ ধাৰাক হাথিয়াৰ হিচাপে লৈ ভাৰতসহ মুঠ ৬০খন দেশৰ ওপৰত এই শুল্ক আৰোপৰ প্রস্তাৱ দিছে মার্কিন বাণিজ্য বিভাগে৷ মার্কিন আইন অনুসৰি বলপূর্বক শ্রমৰ বিনিময়ত উৎপাদন কৰা পণ্যৰ আমদানিত বর্ধিত শুল্ক আৰোপ কৰা উচিত৷ সেই যুক্তিতেই ভাৰতীয় পণ্যৰ ওপৰত বর্ধিত কৰ আৰোপৰ কথা ভাবিছে মার্কিন প্রশাসনে৷ এনেহেন পৰিস্থিতিত ভাৰতৰ ওচৰত থকাৰ বার্তা দিলে পুটিনে৷

You might also like