ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ; সুযোগ পালে বৈভৱ সূৰ্যবংশীয়ে
ডিজিটেল ডেস্ক, ৬ জুন : ভাৰতীয় ক্ৰিকেটত আৰম্ভ হৈছে এক নতুন অধ্যায়। টি-২০ বিশ্বকাপজয়ী অধিনায়ক সূৰ্যকুমাৰ যাদৱক দলৰ পৰা বাদ দি ভাৰতৰ টি-২০ দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে শ্ৰেয়াছ আয়াৰক। শনিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ বাবে টি-২০ দল ঘোষণা কৰাৰ লগতে আগন্তুক এছিয়ান গেমছৰ বাবে সম্ভাব্য দলো প্ৰকাশ কৰে।
মুম্বাইস্থিত ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচকসকলৰ বৈঠকত ব’ৰ্ডৰ সচিব দেৱজিত শইকীয়া উপস্থিত আছিল। উক্ত বৈঠকতে সূৰ্যকুমাৰ যাদৱক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত চূড়ান্ত কৰা হয়। লগতে টি-২০ দলৰ পৰা বাদ পৰে হাৰ্দিক পাণ্ডিয়া আৰু ৰিংকু সিং।
আনহাতে, প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে ১৫ বছৰীয়া প্ৰতিভাৱান ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে। আইপিএলত উজ্জ্বল প্ৰদৰ্শনেৰে চৰ্চালৈ অহা খেলুৱৈগৰাকীক ঘোষিত তিনিওটা দলতে অন্তৰ্ভুক্ত কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিলে বয়সৰ ফালৰ পৰা তেওঁ ভংগ কৰিব পাৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ বহুদিনীয়া অভিলেখ। শচীনে ১৬ বছৰ ২০৫ দিন বয়সত পাকিস্তানৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটাইছিল, যাৰ বিপৰীতে বৈভৱৰ বৰ্তমান বয়স মাত্ৰ ১৫ বছৰ ৭১ দিন।
কেইবাদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্তত ভাৰতৰ টি-২০ দলৰ নেতৃত্ব শ্ৰেয়াছ আয়াৰৰ হাতত অর্পণ কৰা হয়। আইপিএলত সফল অধিনায়কত্বই তেওঁক এই দায়িত্ব লাভত সহায় কৰিছে। আনহাতে, আইপিএলত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহ কৰিলেও ঘোষিত কোনো এটা দলতে স্থান লাভ নকৰিলে ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গিলে।
এছিয়ান গেমছৰ বাবে ঘোষিত ১৫ জনীয়া শক্তিশালী দলত অন্তৰ্ভুক্ত কৰা হৈছে যশপ্ৰীত বুমৰাহক। আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ বাবে ঘোষিত ১৬ জনীয়া টি-২০ দলত বৈভৱৰ উপৰি নতুন মুখ হিচাপে সুযোগ লাভ কৰিছে প্ৰিন্স যাদৱে। নিৰ্বাচকসকলৰ মতে, আইপিএলত ভাল প্ৰদৰ্শনৰ পুৰস্কাৰ হিচাপেই তেওঁলোকক জাতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে।
ৰাষ্ট্ৰীয় নিৰ্বাচক সমিতিৰ অধ্যক্ষ অজিত আগাৰকাৰে সংবাদমেলত কয় যে আইপিএল আৰু অনূৰ্ধ্ব-১৯ ক্ৰিকেটত ধাৰাবাহিক সফল প্ৰদৰ্শনৰ বাবেই বৈভৱক দলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয়- “বৈভৱে নিজৰ যোগ্যতাৰে এই সুযোগ অৰ্জন কৰিছে। তেওঁৰ প্ৰদৰ্শনেই আমাক তেওঁক দলত ল’বলৈ বাধ্য কৰিছে। বয়স কম হ’লেও তেওঁৰ প্ৰতিভা আৰু মানসিক দৃঢ়তা স্পষ্ট।”
আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ টি-২০ দল
শ্ৰেয়াছ আয়াৰ (অধিনায়ক), তিলক বাৰ্মা (সহ-অধিনায়ক), ৰবি বিষ্ণই, অভিষেক শৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ ছিৰাজ, সঞ্জু ছেমছন, অক্ষৰ পেটেল, হৰ্ষিত ৰাণা, ঈশান কিষাণ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, শিৱম ডুবে, বৰুণ চক্ৰৱৰ্তী, প্ৰিন্স যাদৱ আৰু বৈভৱ সূৰ্যবংশী।
এছিয়ান গেমছৰ দল
শ্ৰেয়াছ আয়াৰ (অধিনায়ক), তিলক বাৰ্মা (সহ-অধিনায়ক), ৰবি বিষ্ণই, অভিষেক শৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, যশপ্ৰীত বুমৰাহ, সঞ্জু ছেমছন, অক্ষৰ পেটেল, হৰ্ষিত ৰাণা, ঈশান কিষাণ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, শিৱম ডুবে, বৰুণ চক্ৰৱৰ্তী আৰু বৈভৱ সূৰ্যবংশী।