নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অম্বুবাচী মহাযোগক লৈ নীলাচলত বিশেষ বৈঠক

ডিজিটেল ডেস্ক, ৭ জুন : বহুপ্রতীক্ষিত কামাখ্যা কৰিড’ৰ নির্মাণ আৰু আগন্তুক অম্বুবাচী মহাযোগক লৈ নীলাচলৰ কামাখ্যা দেৱালয়ত কর্তৃপক্ষৰ সৈতে শনিবাৰে এক বিশেষ বৈঠকত মিলিত হয় মন্ত্রী জয়ন্ত মল্ল বৰুৱা৷ মন্ত্রীগৰাকীৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকখনত বহুচর্চিত কামাখ্যা কৰিড’ৰৰ পৰিকল্পনাৰ অগ্রগতি তথা কৰিড’ৰটো নির্মাণৰ সময়ত প্রয়োজনীয় আন্তঃগাঁথনিকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিষয়সমূহ আলোচনা কৰা হয়৷

বৈঠকৰ অন্তত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে মূলতঃ কামাখ্যা কৰিড’ৰ নির্মাণক লৈয়েই এই বৈঠক অনুষ্ঠিত হৈছে৷ এই পৰিকল্পনা আজিৰ নহয়, বহুদিন আগৰে পৰা আমি এই প্রকল্পক আগুৱাই নিছিলোঁ৷ কৰিড’ৰটো নির্মাণৰ আৰম্ভণিতে অঞ্চলটোৰ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠান তথা বাসভৱনক লৈ স্থানীয় লোকৰ বহু সমস্যা চলি আছিল৷ এই সমস্যাসমূহ সমাধানৰ বাবে আজি ৰাইজৰ সৈতে আলাপ–আলোচনা কৰিছোঁ৷

অহা ৮ জুনৰ পৰা ৰাইজৰ ওজৰ–আপত্তি সন্দর্ভত এক আলোচনা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰি মন্ত্রী বৰুৱাই কয় যে এসপ্তাহৰ ভিতৰত সকলো সমস্যাৰ সম্পূর্ণ সমাধান হ’ব বুলি আমি আশা প্রকাশ কৰিছোঁ৷ বিভিন্ন সময়ত সৃষ্টি হোৱা কেতবোৰ সমস্যাৰ বাবে নির্মাণত বাধাৰ সন্মুখীন হোৱা কামাখ্যা কৰিড’ৰ আগন্তুক দুবছৰৰ ভিতৰত সম্পূর্ণ হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে মন্ত্রী বৰুৱাই৷

তেওঁ কয় যে কৰিড’ৰটো নির্মাণৰ বাবে সৃষ্টি হোৱা সমস্যাসমূহ আমি প্রায় সমাধানৰ দিশে লৈ আনিছোঁ৷ সকলো দিশ সূক্ষ্মভাৱে পৰীক্ষা–নিৰীক্ষা কৰাৰ পাছতে এই বৃহৎ প্রকল্পক চৰকাৰে আগুৱাই নিব৷ ইয়াৰ বাবেও সকলো প্রস্তুতি একপ্রকাৰ সম্পূর্ণ হোৱাৰ পথত বুলি উল্লেখ কৰি তেওঁ কয় যে কামাখ্যাধামলৈ অহা দর্শনার্থীয়ে যাতে কোনোধৰণৰ অসুবিধাত পৰিবলগীয়া নহয়, তেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰিব বিচৰা বিষয়বোৰত ৰাইজে সন্মতি দিছে৷ ৰাইজৰ মতেই সকলোবোৰ কাম আমি আগুৱাই নিম৷

কথা প্রসংগত মন্ত্রী বৰুৱাই আগন্তুক ২২ জুনৰ পৰা কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মহাযোগৰ প্রস্তুতি সন্দর্ভতো সংবাদ মাধ্যমক অৱগত কৰে৷ তেওঁ কয় যে আগন্তুক অম্বুবাচী মহাযোগ সুকলমে পৰিচালনা কৰিবলৈ সকলো ধৰণৰ প্রস্তুতি চৰকাৰে লৈছে৷ বিগত বর্ষসমূহত অম্বুবাচী মহাযোগৰ সময়ত ৰাজ্যত ভক্ত–দর্শনার্থীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে যদিও সাম্প্রতিক সময়ত ভক্ত–দর্শনার্থীৰ সংখ্যা বৃদ্ধিয়ে কিছু সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে মন্ত্রী বৰুৱাই৷

তেওঁ কয় যে কামাখ্যা কৰিড’ৰ সম্পূর্ণ হৈ উঠাৰ পাছত ভক্তৰ সংখ্যা বৃদ্ধি পালেও কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয়৷ কিন্তু কৰিড’ৰটো সম্পূর্ণ হৈ নুঠালৈকে অসুবিধা কিছু হ’ব পাৰে৷ গতিকে এইবাৰ বার্ষিক পাৰম্পৰিক নিয়ম মতেহে অম্বুবাচী মহাযোগ পালন কৰা হ’ব বুলি তেওঁ লগতে কয়৷ অৱশ্যে ভক্ত–দর্শনার্থী অম্বুবাচী মহাযোগৰ সময়ত দেৱী কামাখ্যাৰ আশিস ল’বলৈ আনবাৰৰ দৰে এইবাৰো আহিব৷ তথাপি প্রয়োজনসাপেক্ষেহে চৰকাৰে ব্যৱস্থাসমূহ গ্রহণ কৰিব৷ কিন্তু বিগত বছৰবোৰৰ দৰে অম্বুবাচী মহাযোগৰ অন্তৰ সময়ত ভিভিআইপি পৰম্পৰা বর্জন কৰা নিয়ম এইবাৰো বাহাল থাকিব বুলি তেওঁ সদৰী কৰে৷

আনহাতে, বৈঠকৰ অন্তত কামাখ্যাধামৰ সৰুদলৈ হিমাদ্রী শর্মাই কয় যে অম্বুবাচীৰ বাবে পূর্বতে যিধৰণে প্রস্তুতি চলোৱা হৈছিল এইবাৰো একেধৰণেই হ’ব৷ আমি এমাহ পূর্বৰে পৰা এখন পৰিচালনা সমিতি অম্বুবাচীৰ বাবে গঠন কৰিছোঁ৷ মহাযোগৰ পৰিপ্রেক্ষিতত মন্দিৰ প্রাংগণত হ’বলগীয়া জনসমাগমৰ প্রতি লক্ষ্য ৰাখি সমিতিয়ে এইবাৰো কর্মচাৰীৰ সংখ্যা ১০০জনলৈ বৃদ্ধি কৰাৰ লগতে নিৰাপত্তাৰক্ষীৰ সংখ্যাও বঢ়াইছে৷ মন্দিৰলৈ অহা–যোৱা কৰা সকলো পথ ইতিমধ্যে জৰীপ কৰি মেৰামতি কৰা হৈছে৷ কিছু বাকী আছে যদিও চৰকাৰৰ সহযোগত অতি সোনকালে সম্পূর্ণ হ’ব বুলি আশা প্রকাশ কৰিছে সৰুদলৈ শর্মাই৷

উল্লেখ্য যে এই বৈঠকখনত কামাখ্যাধামৰ বৰদলৈ কবীন্দ্র প্রসাদ শর্মা, কামৰূপ (মহানগৰ) জিলাৰ জিলা আয়ুক্ত স্বপ্ণীল পালকে ধৰি জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ কেইবাগৰাকীও শীর্ষ বিষয়াই অংশগ্রহণ কৰে৷

You might also like