আফগানিস্তানক পৰাস্ত কৰি ইতিহাস ভাৰতৰ, অভিষেকতে উজলিল মানৱ সুথাৰ
ভাৰতীয় ক্ৰিকেট দলে আফগানিস্তানৰ বিৰুদ্ধে একমাত্ৰ টেষ্টখনত এক ইনিংছ আৰু ৩০০ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰি নতুন ইতিহাস ৰচনা কৰিছে। টেষ্ট ক্ৰিকেটত এয়া ভাৰতৰ সৰ্ববৃহৎ জয় হিচাপে পৰিগণিত হৈছে।
নিউ চণ্ডীগড়ত অনুষ্ঠিত এই খেলখনত শুভমন গিলৰ নেতৃত্বত ভাৰতীয় দলে আৰম্ভণিৰে পৰা সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰে।
প্ৰথমে বেটিং কৰি ভাৰতে ৮ উইকেটত ৫৬৪ ৰান সংগ্ৰহ কৰাৰ পিছত ইনিংছ ঘোষণা কৰে। অধিনায়ক শুভমন গিলে ১৫টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ১২৬ ৰানৰ চমৎকাৰ শতকীয় ইনিংছ খেলে।
ইয়াৰ উপৰি কে এল ৰাহুলে ১০০ ৰান, সাই সুদৰ্শন আৰু ঋষভ পণ্টে ৮১ ৰানকৈ সংগ্ৰহ কৰে। ৱাশ্বিংটন সুন্দৰে অপৰাজিত ৫২ ৰান কৰি অৰ্ধশতক সম্পূৰ্ণ কৰে।
আনহাতে, যশস্বী জয়ছোৱালে ২৪, ধ্ৰুৱ জুৰেলে ১৯, অভিষেক টেষ্ট খেলা মানল সুথাৰে ২৮, মহম্মদ চিৰাজে ২২ আৰু কুলদীপ যাদৱে অপৰাজিত ৯ ৰান যোগদান কৰে।
৪১২ ৰানত পিছপৰা অৱস্থাত প্ৰথম ইনিংছত বেটিং কৰিবলৈ নামি আফগানিস্তান মাত্ৰ ১৫২ ৰানতে অলআউট হয়। দলটোৰ হৈ ৰহমত শ্বাহে সৰ্বাধিক ৬০ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ অভিষেক টেষ্ট খেলা মানৱ সুথাৰে ৬টা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ উপৰি প্ৰসিদ্ধ কৃষ্ণই ৩টা আৰু ৱাশ্বিংটন সুন্দৰে ১টা উইকেট লাভ কৰে।
প্ৰথম ইনিংছত বৃহৎ পিছপৰা অৱস্থাত থকাৰ বাবে আফগানিস্তানক ফ’ল’অন দিয়া হয়। দ্বিতীয় ইনিংছতো আফগান বেটাৰসকল ভাৰতীয় বলাৰৰ আগত তিষ্ঠি থাকিব নোৱাৰিলে আৰু মাত্ৰ ১১২ ৰানতে সমগ্ৰ দলটো পেভিলিয়নমুখী হয়।
দলটোৰ হৈ অপেনিং বেটাৰ ছেদিকুল্লা অটলে সৰ্বাধিক ৪২ ৰান কৰে।
ভাৰতৰ হৈ দ্বিতীয় ইনিংছত ৱাশ্বিংটন সুন্দৰে ৪টা, কুলদীপ যাদৱে ৩টা, মহম্মদ চিৰাজে ১টা আৰু মানৱ সুথাৰে ১টা উইকেট লাভ কৰে।
টেষ্টত ভাৰতৰ সৰ্ববৃহৎ ইনিংছ জয়ৰ তালিকা এনেধৰণৰ-
১. আফগানিস্তানৰ বিৰুদ্ধে – ইনিংছ আৰু ৩০০ ৰান, মুল্লানপুৰ (২০২৬)*
২. ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে – ইনিংছ আৰু ২৭২ ৰান, ৰাজকোট (২০১৮)
৩. আফগানিস্তানৰ বিৰুদ্ধে – ইনিংছ আৰু ২৬২ ৰান, বেংগালুৰু (২০১৮)
৪. বাংলাদেশৰ বিৰুদ্ধে – ইনিংছ আৰু ২৩৯ ৰান, মীৰপুৰ (২০০৭)
৫. শ্ৰীলংকাৰ বিৰুদ্ধে – ইনিংছ আৰু ২৩৯ ৰান, নাগপুৰ (২০১৭)
এই জয়ৰ জৰিয়তে ভাৰতীয় দলে টেষ্ট ক্ৰিকেটত নিজৰ আধিপত্য পুনৰ এবাৰ প্ৰতিষ্ঠা কৰাৰ লগতে অভিষেক টেষ্টতে মানৱ সুথাৰে উজ্জ্বল প্ৰদৰ্শনে ভৱিষ্যতৰ বাবে এক আশাব্যঞ্জক বাৰ্তা প্ৰেৰণ কৰিছে।
ডিজিটেল ডেস্ক, ৮ জুন