চাৰিদুৱাৰত বিদ্যালয় ভাঙি তহিলং বন্যহস্তীৰ
শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ বিভিন্ন অঞ্চলত বন্যহস্তী আৰু মানৱৰ সংঘাত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা জাক-জাক বন্যহস্তীয়ে অঞ্চলবাসী ৰাইজৰ নিদ্ৰাহৰণ কৰি অহাটো এক নিত্য-নৈমিত্তিক কাৰ্যত পৰিণত হৈছে।
অঞ্চলটোৰ বিভিন্ন স্থানত বন্যহস্তীৰ তাণ্ডৱ চলি অহাৰ মাজতে যোৱানিশা বন্যহস্তীয়ে ভাঙি তহিলং কৰে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ চাৰিদুৱাৰ ঢাৰিকাটিস্থিত ঢাৰিকাটি মধ্য ইংৰাজী বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ দেৱাল আৰু ৰান্ধনি গৃহ।
জানিব পৰা মতে যোৱানিশা বালিপৰা আৰু চেঙেলীমৰা সংৰক্ষিত বনাঞ্চলৰপৰা খাদ্যৰ সন্ধানত ঢাৰিকাটি গাঁৱত প্ৰৱেশ কৰা হাতীৰ জাক এটাই গঞা ৰাইজক সন্ত্ৰস্ত কৰি ৰখাৰ লগতে ঢাৰিকাটি মধ্য ইংৰাজী বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পকী দেৱাল আৰু বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনিগৃহটোৰ দেৱাল ভাঙি তচনচ কৰে।
লগতে ৰান্ধনিগৃহটোত মজুত ৰখা চাউল, বাচন-বৰ্তন আদিও খাই ভাঙি তহিলং কৰি বিস্তৰ ক্ষতিসাধন কৰে। আজি পুৱা বিদ্যালয়লৈ আহি বিদ্যালয়ৰ শিক্ষকে ঘটনাটো দেখি হতবাক হৈ পৰে। লগে লগে খবৰ দিয়ে স্থানীয় বনবিভাগক। বনবিভাগ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
উল্লেখ্য যে উক্ত বিদ্যালয়খনে বন্যহস্তীয়ে বছৰেকত তিনিবাৰ চাৰিবাৰকৈ ভাঙি অনিষ্ট কৰি আহিছে। ইমানৰ পিছতো চৰকাৰী বিদ্যালয়খনক সুৰক্ষা দিবলৈ সক্ষম হোৱা নাই স্থানীয় বনবিভাগ।
নিয়মীয়া বাৰ্তা, বালিপৰা, ৮ জুন