নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দায়িত্ব লৈয়ে হোজাইত অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকা; বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা

ডিজিটেল ডেস্ক, ৯ জুন : হোজাই জিলাৰ নতুন অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে আজি হোজাই জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা। কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া আৰু স্থানীয় বিধায়কৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। জিলাখনৰ সামগ্ৰিক উন্নয়ন, জলসিঞ্চন, পথ নিৰ্মাণ আৰু স্বাস্থ্যখণ্ডৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

​​মন্ত্ৰী হাজৰিকাই সদৰী কৰা মতে, জিলাখনত বৰ্তমান প্ৰায় ২৮,০০০ হেক্টৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে যদিও এতিয়াও বৃহৎ পৰিমাণৰ কৃষিভূমি জলসিঞ্চনৰ আওতাৰ বাহিৰত আছে, যাক অহা ৫ বছৰত সম্পূৰ্ণ কৰিবলৈ চৰকাৰে চেষ্টা কৰিব। ইয়াৰ উপৰি জিলাখনৰ চিকিৎসালয়সমূহ অহা ১৫ দিনৰ ভিতৰত সম্পূৰ্ণ স্বচ্ছ আৰু চাফ-চিকুণ কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰী হাজৰিকাই কয়- ​”মুখ্যমন্ত্ৰীয়ে মোক পুনৰ হোজাইৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিছে। আজি মই দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আহিছোঁ আৰু বিভিন্ন বিভাগৰ সৈতে অলপ আলোচনা কৰিছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, পি ডব্লিউ ডিৰ প্ৰায় ২৮০ কিলোমিটাৰ ৰাস্তাৰ কামৰ অগ্ৰগতি আৰু কৃষকসকলৰ পঞ্জীয়ন সন্দৰ্ভত কথা পাতিছোঁ। আমাৰ ইয়াত মাথোঁ ৮০ হাজাৰ কৃষক পঞ্জীয়নভুক্ত হৈ আছে, যিহেতু এইখন কৃষিপ্ৰধান জিলা, ইয়াৰ সংখ্যা দুগুণ হ’ব লাগে যাতে কেন্দ্ৰীয় চৰকাৰৰ সকলো সুবিধা তেওঁলোকে পায়। লগতে স্বাস্থ্য বিভাগক অনুৰোধ জনাইছোঁ যাতে অহা ১৫ দিনৰ ভিতৰত জিলাখনৰ সকলো হাস্পতাল চাফ-চিকুণ কৰা হয়। মই প্ৰতি ১৫ দিনৰ মূৰে মূৰে ইয়ালৈ আহিবলৈ চেষ্টা কৰিম।”

You might also like