জন্মৰ পিছৰ প্রথম খোজটো সবলভাৱে দিবলৈ শিকোৱা মানুহ দুজনেই আই–পিতাই৷ তেওঁলোকৰ আঙুলিত ধৰিয়েই খোজ কাঢ়িবলৈ শিকে সন্তানে৷ লাহে লাহে খোজবোৰ সবল হয়, আত্মবিশ্বাস বাঢ়ে৷
আত্মবিশ্বাসী সন্তানক দেখি পিতৃ–মাতৃৰ সুখ দুগুণে বাঢ়ে৷ বহু সময়ত পিতৃ–মাতৃয়ে সন্তানৰ বাবে নিজৰ সপোনকো বাস্তৱ ৰূপ দিব নোৱাৰে, কিন্তু সন্তানে দেখা সপোন পূৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলায়৷
পুৱাৰ পৰা ৰাতিলৈ কেৱল সন্তানৰ চিন্তা৷ সকলো উপার্জন, শ্রম যেন সন্তানৰ বাবেই৷ সেয়ে হয়তো কোৱা হয়– মাতৃ দেৱো ভৱ, পিতৃ দেৱো ভৱ৷ কিন্তু একবিংশ শতিকাত অসমত নিজৰ মাতৃক ৰাজপথত পেলাই থৈ যাবলৈও কুণ্ঠাবোধ নকৰে এচামে৷
অলপতে শুৱালকুছিৰ শ্রীহাটীত বহু বছৰ ধৰি ভাৰাঘৰত জীৱন অতিবাহিত কৰা তৰুলতা দাস নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধ মাতৃ নিজৰ জীয়ৰীৰ দ্বাৰা অৱহেলিত হ’বলগীয়া হয়৷ নিজৰ তিনি জীয়ৰীয়ে বৃদ্ধ মাতৃগৰাকীক নির্মমভাৱে মাৰধৰ কৰি গুৱাহাটীৰ ৰাজপথত পেলাই থৈ পলায়ন কৰে৷
পিছত গুৱাহাটীৰ গডচুক আৰক্ষীয়ে বৃদ্ধ মহিলাগৰাকীক উদ্ধাৰ কৰে৷ বাতৰিত উল্লেখ কৰা মতে, তৰুলতা দাসে কাঠমিস্ত্রী স্বামীৰ সৈতে ভাৰাঘৰত দিন অতিবাহিত কৰিছিল৷ স্বামীৰ মৃত্যুৰ পিছত বয়সৰ লগে লগে মাতৃগৰাকী শাৰীৰিকভাৱে দুর্বল হোৱাত তিনি কন্যাই গুৱাহাটীৰ এখন বৃদ্ধাশ্রমত মাকক থৈ আহে৷
পিছত মাহেকত কিবা এটা মাননি দিবলগীয়া হোৱাৰ বাবেই তিনি জীয়ৰীয়ে মাননি দিবলৈ অপাৰগ হয়৷ পিছত তেওঁলোকে মাতৃক বৃদ্ধাশ্রমৰ পৰা আনি গুৱাহাটীৰ পথৰ দাঁতিত এৰি থৈ গুচি যায়৷ পিছত আৰক্ষীয়ে সমগ্র ঘটনা তদন্ত কৰি জীয়েককেইগৰাকীক উদ্ধাৰ কৰি লটাৰীৰ দ্বাৰা তিনি জীয়ৰীৰ প্রতিগৰাকীৰ তাত মাকক এসপ্তাহকৈ ৰাখিবলৈ উপদেশ দিয়ে৷
এই সমগ্র ঘটনাটোৱে মানৱ সমাজক লজ্জানত কৰাই নহয়, ভবাই তুলিছে৷ কোন দিশে এই আধুনিক সমাজ৷ মানুহৰ দায়িত্বজ্ঞানহীনতা কাণ্ড, নৈতিক অৱক্ষয়ৰ দৃশ্য ক্রমাত বৃদ্ধি পাইছে৷ এই দৃশ্যবোৰে সমাজখনত থকা ৰোগবোৰক চিনাক্ত কৰাত যথেষ্ট সহায়ো কৰিছে৷
এই ৰোগ কেঞ্চাৰতকৈও ভয়ংকৰ৷ কেঞ্চাৰে এজন ব্যক্তিক আক্রমণ কৰে, কিন্তু এই ব্যাধিয়ে সমগ্র সমাজখনকে ভিতৰি ভিতৰি গেলাইছে৷ বিবেক, আৱেগ, মৰমক এচামে জলাঞ্জলি দিছে৷ এনে ঘটনাবোৰ বৃদ্ধি হৈ থাকিলে সমাজৰ বাবেই বিপজ্জনক৷ সেয়ে সময় থাকোঁতেই এই ৰোগৰ চিকিৎসা কৰিব লাগিব৷
আজিকালি অভিভাৱকে ল’ৰা–ছোৱালীক কেৰিয়াৰৰ পিছত দৌৰিবলৈ শিকায়৷ কিন্তু নৈতিকতাৰ পাঠ দিবলৈ আহৰি নাই৷ মানুহক এটা কেৰিয়াৰৰ উপৰি নৈতিকভাৱেও মানুহ সবল হৈ উঠাটো জৰুৰী৷
এই কথাবোৰত অভিভাৱকসকলে মন দিব লাগিব৷ পূর্বতে আজৰি পৰত ল’ৰা–ছোৱালীক সাধু শুনোৱাৰ উপৰি স্কুলৰ পাঠত ৰাম–লক্ষ্মণ, ভীষ্মৰ পিতৃভক্তি পাঠ পঢ়াইছিল, কিন্তু আজিকালি তেনে নৈতিকাৰ পাঠ বহু কম৷
আজৰি সময়ত কেৱল ম’বাইল, ৰীলছত ব্যস্ত৷ আজিকালি সন্তানে মাক–দেউতাক পুৰণা ভার্ছন বুলি ভাবে৷ যাৰ ফলত বহুতে সময়ৰ লগে লগে অপ্রয়োজনীয় ব্যক্তি বুলি ডিলিট কৰি দিয়ে৷ বহুতে মা–দেউতাক ঘৰখনত থাকিলে স্বাধীনতা খর্ব হয় বুলিও ভাবে৷ পূর্বতে ঘৰবোৰত ‘আমি, আমাৰ’ শব্দটো বেছিকৈ ব্যৱহাৰ হৈছিল, কিন্তু আজিকালি মোৰ ঘৰ, মোৰ কেৰিয়াৰ, মোৰ সুখ এই শব্দবোৰৰ ব্যৱহাৰ বেছিকৈ হোৱা হ’ল ৷
এই ব্যক্তিকেন্দ্রিক মানসিকতাই সমাজখন এফালৰ পৰা গেলাইছে৷ গতিকে, এনে দিশবোৰ গুৰুত্বসহকাৰে লৈ আমি শুধৰাব লাগে৷ কাৰণ আজি আমি ভাল নহ’লে কাইলৈ উঠি অহা প্রজন্মই যিটো দেখিব, তাকেই কৰিব আৰু লাহে লাহে মানৱতাৰ মৃত্যু হ’ব৷ আমি নিজক সলনি কৰিব লাগিব৷
মঠ–মন্দিৰ আমাৰ বাবে যিমান পৱিত্র স্থান, সেই একেই পৱিত্র আমাৰ ঘৰখন আৰু নিজৰ মাক–দেউতা৷ এই কথাখিনি সকলো স্তৰৰ মানুহক বুজাব পাৰিব লাগিব৷ এই সামাজিক ব্যাধি ৰোধৰ মূল ঔষধ ‘মনুষ্যত্ব’৷ মানুহে মনুষ্যত্ব জীয়াই ৰাখিব লাগিব৷
সমাজৰ জ্যেষ্ঠসকলে কনিষ্ঠজনক শিকাব লাগিব যে মা–দেউতাকৰ সেৱা মানেই ভগৱান সেৱা৷ সেয়ে প্রতিজন মানুহে মন্দিৰ–নামঘৰৰ সমান্তৰালকৈ নিজৰ পিতৃ–মাতৃকো গুৰুত্ব দিব লাগে৷ স্কুল পর্যায়ৰ পৰাই ল’ৰা–ছোৱালীক সহানুভূতিৰ শিক্ষা দিয়াটো প্রয়োজন৷
অসমত কিমান পিতৃ–মাতৃয়ে ল’ৰা–ছোৱালীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বৃদ্ধাশ্রমত থাকিবলগীয়া হৈছে, তাৰ কোনো প্রকৃত তথ্য নাই যদিও এবাৰ দৈনিক কাকতত প্রকাশিত এক তথ্য মতে, ২০১৯ চনৰ পৰা ২০২৪লৈকে গুৱাহাটীৰ ১৮খন থানাত ১২০ৰো অধিক বয়োজ্যেষ্ঠ লোক নিখোজ হোৱাৰ গোচৰ ৰুজু হৈছিল৷
এই নিখোজ ঘটনাবোৰত আলজাইমাৰ ৰোগীও আছে৷ এই বাতৰি শিক্ষিত সমাজৰ বাবে সঁচাকৈ নিৰাশাজনক৷ সম্প্রতি চৰকাৰ চৰকাৰী চাকৰিয়ালৰ ক্ষেত্রত যথেষ্টখিনি কঠোৰ হৈছে যদিও চৰকাৰে বৃদ্ধ –বৃদ্ধাৰ পেন্সন বৃদ্ধিৰ উপৰি ঔষধবোৰ বিনামূলীয়া কৰিব লাগে৷ সামাজিক সংগঠনসমূহেও এই বিষয়ত বিদ্যালয়–মহাবিদ্যাল্ সজাগতা সভা অনুষ্ঠিত কৰিব লাগে৷
আমি মনত ৰখা ভাল–মানুহৰ অর্থৰ অভাৱ হ’লেও পিতৃ–মাতৃৰ বাবে মৰমৰ অভাৱ হ’ব নালাগে, কাৰণ পিতৃ–মাতৃৰ চৰণতেই স্বর্গ আছে৷