নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ জুন, জেঠ মাহৰ ২৭ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : উত্তৰাষাঢ়া, যাত্রা : নাই

মেষ : আজি কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ পুৰণি কোনো বন্বুূক লগ পাব পাৰে৷ যান–বাহনৰ পৰা শৰীৰত আঘাত পোৱাৰ সম্ভাৱনা৷ মনৰ আশা ভংগ হ’ব পাৰে৷ শুভ ৰং– সেডজীয়া, শুভ সংখ্যা– ৫৷

বৃষ : আজি কর্মক্ষেত্রত উন্নতি অব্যাহত থাকিব৷ সম্পদ লাভৰ যোগ৷ স্বাস্থ্যৰ কাৰণে চিন্তা থাকিব৷ আত্মীয় বিয়োগৰ সংবাদ পাব পাৰে৷ শুভ ৰং– নীলা, শুভ সংখ্যা– ৩৷

মিথুন : আজি কর্মক্ষেত্রত জটিলতা দেখা দিব পাৰে৷ শুভ সংবাদ প্রাপ্তিৰ যোগ৷ শিক্ষকতাৰ লগত জড়িত ব্যক্তিসকলৰ সুনাম বৃদ্ধি ৷ মাতৃৰ কাৰণে চিন্তা থাকিব৷ শুভ ৰং– সোণালী, শুভ সংখ্যা– ৮৷

কর্কট : আজি কর্মক্ষেত্রত সন্মানবৃদ্ধিৰ যোগ৷ বিষয় সম্পদলৈ ভাতৃৰ লগত বিৰোধ হ’ব পাৰে৷ ঘৰৰ কিবা মূল্যৱান বস্তু চুৰি হোৱাৰ সম্ভাৱনা৷ হঠাৎ চকুৰ সমস্যা দেখা দিব৷ শুভ ৰং– বেঙুনীয়া, শুভ সংখ্যা– ৯৷

সিংহ : আজি সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব৷ শত্রু দমন হ’ব৷ ভ্রমণত সাফল্য৷ অর্থপ্রাপ্তিৰ যোগ৷ নতুনকৈ পেটৰ কোনো সমস্যা দেখা দিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং– কমলা, শুভ সংখ্যা– ২৷

কন্যা : আজি কর্মক্ষেত্রত বিনাদোষত সন্মান হানিৰ যোগ৷ কিবা বিষয়লৈ পিতৃৰ লগত মতবিৰোধ হ’ব পাৰে৷ উচ্চ বিদ্যা লাভৰ ডদ্দেশ্যে বিদ্যার্থীৰ বাহিৰলৈ যোৱাৰ যোগ৷ শুভ ৰং– গুলপীয়া, শুভ সংখ্যা– ১৷

তুলা : আজি কর্মক্ষেত্রত সহকর্মীৰ দ্বাৰা অপমানিত হ’ব পাৰে৷ বন্বুূৱে বিশ্বাসঘাতকতা কৰিব পাৰে৷ শুভ কর্মৰ উদ্দেশ্য লৈ ক’ৰবাত যাত্রাৰ ক্ষেত্রত বিঘিনি ঘটিব পাৰে৷ শুভ ৰং– ক’লা, শুভ সংখ্যা– ৫৷

বৃশ্চিক : আজি সামাজিক কামত সন্মান বৃদ্ধিৰ যোগ৷ বিপদত বন্বুূৰ উপযুক্ত সহায়–সহযোগ লাভ কৰিব৷ ঘৰুৱা কোনো পৰিকল্পনা গ্রহণ কৰিব পাৰে৷ শৰীৰত আঘাত পাব পাৰে৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা– ৪৷

ধনু : আজি দৈনন্দিন কর্মত সাফল্য আহিব৷ শত্রুৱে বিভিন্ন দিশত ক্ষতি কৰিবৰ চেষ্টা কৰিব পাৰে৷ চুটি ভ্রমণৰ যোগ৷ প্রেমত সাৱধান৷ শুভ ৰং– ক্রীম, শুভ সংখ্যা– ৮৷

মকৰ : আজি কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ বিশিষ্ট কোনো ব্যক্তিৰ সহায়ৰ ফলত নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ বিশেষ প্রয়োজনত কিছু অর্থ ঋণ কৰিব লগা হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ শুভ ৰং– মেৰুণ, শুভ সংখ্যা– ৬৷

কুম্ভ : আজি ঘৰুৱা দিশত শান্তি বজাহ থাকিব৷ গুৰুত্বপূর্ণ কামত বাধা পাব পাৰে৷ হঠাৎ অর্থ হাতৰ পৰা ওলাই যাব পাৰে৷ যান–বাহনৰ পৰা সতর্কতা অৱলম্বন কৰিব৷ শুভ ৰং– বগা, শুভ সংখ্যা– ৩৷

মীন : আজি কিবা বিষয় লৈ ঘৰুৱা অশান্তি হ’ব পাৰে৷ বাধা বিঘিনিৰ মাজেৰে কর্মক্ষেত্রত সাফল্য আহিব৷ বন্বুূৰ আগমনৰ ফলত আনন্দ লাভ কৰিব৷ ভাল কোনো সংবাদ পাব পাৰে৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা– ৭৷

You might also like