কাৰ দখললৈ বিশ্বকাপৰ মুকুট… মেছি-নেইমাৰ-ৰ’নাল্ডো-য়ামাল-এমবাপেৰ খেল চাবলৈ উদ্বাউল অনুৰাগী
বিশ্ব ফুটবলৰ মহাৰণ ফিফা বিশ্বকাপৰ বাবে সাজু হৈছে বিশ্বৰ কোটি কোটে অনুৰাগী৷ আজিৰে পৰা আমেৰিকা–মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ফুটবল৷ প্রতিযোগিতাখনৰ উদ্বোধনী মেচখন মেক্সিকোত আয়োজক মেক্সিকো আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত হ’ব৷
ফুটবলৰ মহাৰণখনৰ পূর্বে মেক্সিকোৰ ৰাষ্ট্রপতি ক্লাউডিয়া শ্বেইনবামে মঙলবাৰে নির্দেশনা জাৰি কৰি মেক্সিকো চহৰৰ ফেডাৰেল কর্মচাৰীসকলক ১১ জুনত ঘৰৰ পৰা কাম কৰিবলৈ নির্দেশ দিয়ে৷
লগতে ফিফা বিশ্বকাপৰ উদ্বোধনী খেলৰ সময়ত যান–জঁটৰ ফলত সৃষ্টি হ’ব পৰা সম্ভাব্য সমস্যাসমূহৰ সমাধানৰ বাবে ১১ জুনত শিক্ষানুষ্ঠানসমূহত পাঠদান বন্ধ কৰা হৈছে৷ এই নির্দেশনাৰ লক্ষ্য হৈছে যান–বাহন চলাচল আৰু পথ সুৰক্ষা উন্নত কৰাৰ লগতে মেক্সিকোৱে প্রতিযোগিতাখনৰ উদ্বোধনী খেলখন সুশৃংখলিতভাৱে আয়োজন কৰাটো নিশ্চিত কৰা৷
ৰাষ্ট্রপতিয়ে জাৰি কৰা নির্দেশনা অনুসৰি, ফেডাৰেল সংস্থাসমূহে মেক্সিকো চহৰক ভিত্তি কৰি থকা কর্মচাৰীসকলৰ বাবে দূৰৱর্তী কামৰ ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব৷ অৱশ্যে স্বাস্থ্যসেৱা, নিৰাপত্তা, জটিল আন্তঃগাঁথনি আৰু ফিফা বিশ্বকাপৰ পৰিচালনাকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কর্মচাৰীৰ ক্ষেত্রত এই আদেশ প্রযোজ্য নহয়৷
৩৯ দিন ধৰি চলিবলগীয়া এই ফুটবল মহাৰণত অনুৰাগীসকলে নিজ নিজ পছন্দৰ খেলুৱৈৰ খেল উপভোগ কৰিবলৈ সাজু হৈছে৷ মেছি–ৰ’নাল্ডোৰ মেজিক, এমবাপেৰ ধুমুহা, নেইমাৰৰ ড্রিবলিং চাবলৈ অধীৰ আগ্রহেৰে বাট চাই আছে বিশ্বৰ সহস্রাধিক ফুটবল অনুৰাগী৷
ইফালে, এইবাৰৰ বিশ্বকাপত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব লামিন য়ামালৰ ওপৰত৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপত য়ামালক লৈ বিশ্ব জয়ৰ স্বপ্ন দেখিছে স্পেইনে৷
এই নির্দেশনাত চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়কে ধৰি প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে সকলো শিক্ষানুষ্ঠানতে পাঠদান স্থগিত ৰখা হৈছে৷ ব্যক্তিগত কোম্পানীকো চৰকাৰে তেওঁলোকৰ কর্মচাৰীসকলক দূৰৱর্তী কামৰ সুবিধা প্রদান কৰিবলৈ নির্দেশ দিছে৷
ডিজিটেল ডেস্ক, ১১ জুন