নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধৰ প্রভাৱ : মধ্যপ্রাচ্যলৈ অসমৰ চাহ ৰপ্তানি ২০% হ্রাস

পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ বিভীষিকাৰ বাবেই সমগ্র দেশৰ লগতে অসমতো পেট্র’ল–ডিজেলকে ধৰি ইন্ধনজাত সামগ্রীৰ নাটনি আৰু দাম বৃদ্ধিয়ে যে হৈছে তেনে নহয়, পশ্চিম এছিয়াৰ যুদ্ধৰ প্রভাৱ অসমৰ চাহ উদ্যোগ খণ্ডতো ব্যাপক ৰূপত পৰা পৰিলক্ষিত হৈছে৷

বিশেষকৈ অসমৰ পৰা পশ্চিম এছিয়া তথা মধ্যপ্রাচ্যৰ দেশসমূহলৈ যুদ্ধৰ বাবে চাহৰ ৰপ্তানিৰ পৰিমাণো ব্যাপক মাত্রাত হ্রাস হৈছে৷ বিগত বর্ষত অভিলেখ ভংগ কৰি ২৮০.৪০ মিলিয়ন কেজি চাহ ভাৰতে বিদেশলৈ ৰপ্তানি কৰাৰ বিপৰীতে পশ্চিম এছিয়াত সংঘটিত যুদ্ধৰ বাবে হৰমুজ প্রণালী বন্ধ হোৱাত পশ্চিম এছিয়াৰ দেশসমূহলৈ চাহৰ ৰপ্তানি ২০ শতাংশ পর্যন্ত হ্রাস হৈছে৷

উল্লেখ্য যে চাহ ৰপ্তানিৰ ক্ষেত্রত চাহৰ উৎপাদনকাৰী মূল ৰাজ্য অসমৰ পৰাই পশ্চিম এছিয়া তথা মধ্যপ্রাচ্যৰ দেশসমূহলৈ অধিক চাহ ৰপ্তানি হয়৷ মুখ্যতঃ যুদ্ধৰ বাবে হৰমুজ প্রণালী বন্ধৰ প্রভাৱ, ৰপ্তানিৰ বাবে চাহৰ বীমাৰ ব্যয় বৃদ্ধি, আকাশলংঘী মালবাহী ব্যয়, পশ্চিম এছিয়াৰ দেশসমূহৰ বেংকিং খণ্ডত যুদ্ধৰ প্রভাৱ, ইণ্টাৰনেট কর্তন, ধনৰ লেনদেন–গেৰাণ্টী আদিকে ধৰি কেইবাটাও কাৰকে অসমকে ধৰি উত্তৰ–পূবৰ পৰা চাহৰ ৰপ্তানি মধ্যপ্রচ্যৰ দেশসমূহ, ইৰান, ইৰাক, ওমান, ইউএই আদি দেশসমূহলৈ হ্রাস হৈছে৷

তথ্য অনুসৰি যুদ্ধৰ বাবে ২০২৬ চনৰ জানুৱাৰী–মার্চ কোৱার্টাৰত ভাৰতে ২১.০১ মিলিয়ন কেজি চাহ ৰপ্তানি কম কৰিবলৈ বাধ্য হয়৷ তথ্য অনুসৰি ভাৰতে পশ্চিম এছিয়াৰ দেশসমূহলৈ ৪৬ শতাংশ চাহ ৰপ্তানি কৰে৷ আনহাতে ইউৰোপ আৰু কমনৱেল্থ দেশসমূহলৈ ৮৭ শতাংশ চাহ ৰপ্তানি কৰে ভাৰতে৷

পশ্চিম এছিয়াৰ দেশসমূহ যেনে– ইৰাক, ইৰান, ছৌদি আৰবীয়া, তুৰস্ক আৰু ইজিপ্তলৈ চাহ ৰপ্তানি ২০ শতাংশ পর্যন্ত হ্রাস হোৱাত অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ চাহ উদ্যোগৰ ক্ষেত্রতো ব্যাপক প্রভাৱ পৰা পৰিলক্ষিত হৈছে৷ এই সন্দর্ভত গুৱাহাটী অকচন বায়াৰ এছ’চিয়েচনৰ সচিব দীনেশ বিহানীয়ে এই প্রতিবেদকক কয় যে অসমত উৎপাদন হোৱা ১৫–২০ শতাংশ অর্থডক্স চাহৰ অধিকাংশই ৰপ্তানি হয় বিদেশলৈ৷

যোৱা এপ্রিলৰ পৰা পশ্চিম এছিয়াত সংঘটিত যুদ্ধৰ প্রভাৱত ২০ শতাংশ পর্যন্ত অর্থডক্স চাহ পশ্চিম এছিয়াৰ দেশসমূহলৈ ৰপ্তানি কৰাত ৰপ্তানিকাৰী ব্যৱসায়িক গোষ্ঠী ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে৷ হৰমুজ প্রণালীত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশৰ বাবেই উক্ত পথেৰে জাহাজ চলাচলত অসুবিধা হোৱাৰ বাবে ৰপ্তানিকাৰী ব্যৱসায়ীসকলে বিকল্প পথৰ সন্ধান কৰিবলগীয়া হৈছে৷

যিটো ব্যৱসায়ীসকলে বহন কৰাত অসমর্থ৷ হৰমুজ প্রণালীৰ জটিল বাণিজ্যিক কৰিড’ৰ যুদ্ধৰ বাবে ভয়াৱহভাৱে ক্ষতিগ্রস্ত হোৱাত পশ্চিম এছিয়াৰ দেশসমূহৰ ডাঙৰ ক্রেতাসকলৰ সৈতে চুক্তি স্থবিৰ হৈ পৰিছে৷ ব্যৱসায়ীসকলে ব্যৱসায়ৰ বাবে হৰমুজ প্রণালী ত্যাগ কৰি বিকল্প পথৰ সন্ধান কৰাত অর্থাৎ জাহাজ কোম্পানীসমূহে হৰমুজ প্রণালী এৰি কেপ অৱ গুড হ’পৰ যোগেদি জাহাজসমূহক পশ্চিম এছিয়ালৈ নিয়াৰ বাবে মালবাহী ব্যয় বৃদ্ধি, বীমাৰ পৰিমাণ বৃদ্ধি আদি কাৰণত চাহ ৰপ্তানিত অসুবিধাৰ সন্মুখীন হৈছে৷

এতিয়া এইসমূহ দেশলৈ জাহাজ চলাচলৰ ক্ষেত্রত ৪০–৬০ দিন লগাত ব্যয় বৃদ্ধি হৈছে৷ পূর্বে মুম্বাই প’টৰ পৰা জাহাজ পোনে পোনে এই দেশসমূহলৈ যোৱাত কম ব্যয়তে চাহ ৰপ্তানি কৰিবলৈ ব্যৱসায়ীসকল সক্ষম হৈছিল যদিও এতিয়া এয়া সম্ভৱ হৈ থকা নাই৷

পশ্চিম এছিয়াৰ দেশসমূহৰ অর্থনৈতিক মন্দাৱস্থাৰ কাৰণে উল্লিখিত দেশসমূহতো ব্যাপক প্রভাৱ পৰিছে৷ এনে পৰিপ্রেক্ষিততে পশ্চিম তথা মধ্য এছিয়ালৈ চাহৰ ৰপ্তানি হ্রাসে চাহ উৎপাদনৰ ক্ষেত্রত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা অসমৰ লাখ লাখ শ্রমিক আৰু হাজাৰ হাজাৰ ক্ষুদ্র চাহ খেতিয়কক মাধমাৰ যে শোধাব, সেয়া এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে৷

ডিজিটেল ডেস্ক, ১২ জুন

You might also like