AI-ৰ দৰে উন্নত প্রযুক্তি ব্যৱহাৰ কৰি নৈতিকতাৰ চূড়ান্ত অধঃপতন ঘটিছে নেকি একাংশ ছাত্রৰ৷ হাতে হাতে থকা ম’বাইল, লেপটপত তথ্য প্রযুক্তিৰ উন্নত আহিলাসমূহ ইণ্টাৰনেট ব্যৱহাৰেৰে নিজৰ গুণগত উন্নতিৰ বিপৰীতে অসৎ কর্মত ব্যৱহাৰ কৰি একাংশ ছাত্র মূল্যবোধ, নৈতিকতাহীনতাৰ কবলত পৰিছে নেকি– এনেবোৰ প্রশ্নই আজি ৰাজ্যৰ সামাজিক, শৈক্ষিক, বৌদ্ধিক জগতখনক জোকাৰি গৈছে৷
গুৱাহাটী মহানগৰীৰ দুখনকৈ অভিজাত শিক্ষানুষ্ঠানৰ কেইবাগৰাকী ছাত্রই তথ্য–প্রযুক্তিৰ উন্নত আৰু অতি সংবেদনশীল এআই প্রযুক্তি ব্যৱহাৰ কৰি নিজ বিদ্যালয়ৰে ছাত্রী তথা শিক্ষাগুৰু শিক্ষয়িত্রীৰ ছবি নগ্ন ৰূপত সমাজিক মাধ্যমত ভাইৰেল কৰি ইয়াৰ জৰিয়তে ধন ঘটাৰ আহিলা কৰা কার্যই ৰাজ্যত এক অশুভ কর্মৰ ইংগিত দিয়াই নহয়, এক ভয়াৱহ ভৱিষ্যতৰো ইংগিত দিছে৷
ইংগিত দিছে অভিজাত বিদ্যালয়ত অধ্যয়ন কৰিবলৈ নামভর্তি কৰা ছাত্রকেইজনৰ পৰিয়ালৰ সামাজিক, শৈক্ষিক সংস্কাৰৰ ফোঁপোলা স্বৰূপটোৰো৷ ঘটনাৰ তথ্য অনুসৰি মহানগৰীৰ দুখন অভিজাত বিদ্যালয় ক্রমে নাৰেংগীৰ ছেইণ্ট ফ্রেন্সিছ ডি চেলছ স্কুল আৰু মহানগৰীৰ ডিপিএছ স্কুলৰ কেইবাগৰাকী ছাত্রই সেই বিদ্যালয় দুখনৰে একাংশ ছাত্রীৰ ফটো AI প্রযুক্তিৰ জৰিয়তে নগ্ণ ৰূপত তৈয়াৰ কৰি সামাজিক মাধ্যমত প্রকাশ কৰে আৰু এই ঘটনাই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰে৷
মহানগৰীৰ নাৰেংগীৰ ছেইণ্ট ফ্রান্সিছ দ্য চেলছ স্কুলৰ কেইবাজনো ছাত্রই বিদ্যালয়খনৰ ৬৪গৰাকী ছাত্রীৰ লগতে ১১গৰাকী শিক্ষয়িত্রীৰ ফটো AIৰ জৰিয়তে মর্ফ কৰি নগ্নৰূপত টেলিগ্রাম এপত মেলি দি ধন ঘটাৰ আহিলা হিচাপে গ্রহণ কৰাও পৰিলক্ষিত হয়৷
কেৱল টেলিগ্রাম এপতে নহয় ইনষ্টাগ্রাম আদি সামাজিক মাধ্যমযোগেও অভিযুক্ত ছাত্রকেইজনে এই মর্ফ কৰা ডীপফেক অশ্লীল ফটোসমূহ এৰি দিয়ে৷ এই ঘটনাৰ কথা বিদ্যালয় কর্তৃপক্ষই ১১ জুনৰ দিনা অৱগত হোৱাৰ পিছত বিষয়টোক লৈ অভিযুক্ত ছাত্রকেইজনৰ বিৰুদ্ধে বিহিত কার্যব্যৱস্থা গ্রহণ কৰে৷
আনহাতে সমগ্র বিষয়টোক লৈ কর্তৃপক্ষই তদন্তৰ বাবে আৰক্ষীৰ অপৰাধ শাখাতো এক গোচৰ ৰুজু কৰিছে৷ নাৰেংগীৰ এছএফএছ বিদ্যালয়ৰ দৰেই অনুৰূপ ঘটনা গুৱাহাটীৰ ডিপিএছ বিদ্যালয়তো সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷
বিদ্যালয়খনৰ নৱম শ্রেণীত অধ্যয়নৰত এজন ছাত্রই বিদ্যালয়ৰ ৫০গৰাকী ছাত্রীৰ অশ্লীল ফটো এআইৰ জৰিয়তে ডীপফেক কৰি প্রস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযোগ পোহৰলৈ আহিছে৷
কাজেই কেইগৰাকীমান স্কুলীয়া ছাত্রই AIৰ জৰিয়তে বিদ্যালয়ৰে ছাত্রী শিক্ষয়িত্রীৰ ফটো দীপফেক কৰি ভাইৰেল কৰা বিষয়টোৱে ৰাজ্যবাসীক হতচকিত কৰি তুলিছে৷
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ সময়সূচী প্ৰকাশ!
ডিজিটেল ডেস্ক, ১৩ জুন