নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানৰ বিৰুদ্ধে প্রথম এদিনীয়াত ৭ উইকেটত জয়লাভ টীম ইণ্ডিয়াৰ

ডিজিটেল ডেস্ক, ১৪ জুন : ঘৰুৱা দল টীম ইণ্ডিয়াই প্রথমখন এদিনীয়াত আফগানিস্তানক ৭ উইকেটত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি ঘৰুৱা দলটোৱে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত ১–০ত অগ্রগতি লাভ কৰিছে৷

শনিবাৰে ধৰমশালাত বৰষুণৰ বাবে ২৫ অভাৰলৈ হ্রাস কৰা মেচখনত আফগানিস্তানে জয়ৰ বাবে বান্ধি দিয়া ১৯৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক শুভমন গিলৰ অপৰাজিত ৮৪, লোকেশ ৰাহুলৰ অপৰাজিত ৩৯ আৰু ঈশান কিশনৰ ৩৪ ৰানৰ সহায়ত ভাৰতে ২২.৫ অভাৰত তিনিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷

অ’পেনাৰ ৰোহিত শর্মাই ১৬ আৰু শ্রেয়াছ আয়াৰে ১২ ৰান কৰি পেভিলিয়নমুখী হয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ ৰহমানউল্লাহ গুৰবাজৰ দর্শনীয় শতকৰ সহায়ত আফগানিস্তানে ২৪.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৯৪ ৰান সংগ্রহ কৰে৷ গুৰবাজে ৫১টা বলত ১০২ ৰান কৰি বিদায় লয়৷ দলটোৰ মাত্র তিনিগৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰে৷ অধিনায়ক হাছমতুল্লাহ শ্বাহিদীয়ে ২৭ আৰু আজমতুল্লাহ ওমৰজায়ে ২৬ ৰান কৰে৷

এদিনীয়া ক্রিকেটত ভাৰতীয় দলত অভিষেক ঘটা গুৰনুৰ ব্রাৰ আৰু হর্ষ ডুবে উভয়ে তিনিটাকৈ উইকেট লাভ কৰে৷ অর্শদীপ সিং আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে দুটাকৈ উইকেট লাভ কৰে৷ শৃংখলাৰ দ্বিতীয়খন এদিনীয়া মেচ বুধবাৰে লক্ষ্ণৌত অনুষ্ঠিত হ’ব৷

You might also like