নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ মহিলা বিশ্বকাপত আজি ভাৰতৰ সন্মুখত পাকিস্তান

ডিজিটেল ডেস্ক, ১৪ জুন : দেওবাৰে চিৰপ্রতিদ্বন্দ্বী পাকিস্তানৰ বিপক্ষে খেলি চলিত টি–২০ মহিলা বিশ্বকাপত অভিযান আৰম্ভ কৰিব হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৱে৷

আজি নিশা ৭ বজাত বার্মিংহামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ভাৰতীয় দলটোক ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে৷ এতিয়ালৈকে দুয়োটা দলে টি–২০ত ১৬বাৰ মুখামুখি হৈছে আৰু ইয়াৰে ১৩বাৰ ভাৰতীয় দলটোৱে জয়ৰ মুখ দেখিছে৷ অন্তিমবাৰ দুয়োখন দেশৰ মুখামুখি হৈছিল ২০২৪ চনত ডুবাইত অনুষ্ঠিত টি–২০ বিশ্বকাপত৷ মেচখনত ভাৰতীয় মহিলা দলটোৱে ৬ উইকেটত জয়লাভ কৰিছিল৷

আজিৰ গুৰুত্বপূর্ণ মেচখনৰ পূর্বে তাৰকা বেটাৰ স্মৃতি মান্ধানা আৰু শ্বেফালি বার্মাৰ দুর্বল ফর্মে কিছু পৰিমাণে চিন্তাত ৰাখিছে ভাৰতীয় দলটোক৷ দুয়োগৰাকী অ’পেনাৰ শীঘ্রে ফর্মলৈ ঘূৰি আহিব বুলি আশাবাদী দলটো৷

ইফালে, প্রতিযোগিতাখনৰ আয়োজক ইংলেণ্ডে উদ্বোধনী মেচখনত সহজ বিজয় সাব্যস্ত কৰিছে৷ শুকুৰবাৰে নিশা এজবাষ্টনত অনুষ্ঠিত মেচখনত ইংলেণ্ডে শ্রীলংকাক ৮৭ ৰানত পৰাস্ত কৰে৷ মেচখনত ডানি ৱাট–হজৰ অপৰাজিত ১০৫ ৰানৰ সহায়ত ইংলেণ্ডে নির্ধাৰিত ২০ অভাৰত ১ উইকেটত ২১৯ ৰান কৰাৰ প্রত্যুত্তৰত শ্রীলংকাই নির্ধাৰিত অভাৰত ১৩২ ৰান কৰে৷

You might also like