পেট্র’পণ্যৰ দেশজুৰি দাম বৃদ্ধি হোৱাৰ পৰিণতিত অসমতো ইয়াৰ প্রভাৱ সর্বদিশত প্রতিফলিত হৈছে৷ পেট্র’পণ্যৰ দাম বৃদ্ধিৰ লগে লগে পৰিবহণ খণ্ডত ইয়াৰ ব্যাপক প্রভাৱ পৰিছে৷ ইন্ধনৰ দাম বৃদ্ধিৰ লগতে গাড়ীৰ যাৱতীয় সামগ্রীৰ মূল্য বৃদ্ধি হৈছে৷
এনে প্রেক্ষাপটত সদৌ অসম মটৰ পৰিবহণ সন্থাই অহা ১ জুলাইৰ পৰা বাছ ভাৰা ৭০ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সন্থাৰ অন্তর্গত নামনি অসমৰ সকলো জিলা বাছ সন্থাই অহা ১ জুলাইৰ পৰা বর্ধিত ৰূপত বাছ ভাৰা লোৱাৰ বাবে সর্বসন্মতিক্রমে সিদ্ধান্ত গ্রহণ কৰিছে৷
নামনি অসমৰ সকলো জিলা বাছ সন্থাই এক গোহাৰিযোগে ১ জুলাইৰ পৰা বর্ধিত বাছ ভাৰা লোৱাৰ সিদ্ধান্ত গ্রহণ কৰে বুলি সদৰী কৰিছে৷
গোহাৰিখনত তেওঁলোকে সদৰী কৰে– বর্তমান ইন্ধনৰ দাম বৃদ্ধিৰ লগতে গাড়ীৰ যাৱতীয় সামগ্রীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে অনিচ্ছা সত্ত্বেও আমি সদৌ অসম মটৰ পৰিবহণ সন্থাই চৰকাৰক আহ্বান জনোৱা ৭০ শতাংশ বাছ ভাৰা বৃদ্ধিৰ সংক্রান্তত আমি নামনি অসমৰ সকলো বাছ সন্থাই একলগ হৈ এখন সভা অনুষ্ঠিত কৰি সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সিদ্ধান্তত একমত হৈ অহা ১ জুলাইৰ পৰা বর্ধিত বাছ ভাৰা লোৱাৰ বাবে সর্বসন্মতিক্রমে সিদ্ধান্ত গ্রহণ কৰোঁ৷
সভাত ইয়াৰ লগতে যাত্রীসকলৰ উঠা–নমাৰ ক্ষেত্রত নূ্যনতম ভাৰা ২০ টকা লোৱাৰ সিদ্ধান্ত লোৱা হয়৷ উল্লেখ্য যে যোৱা ২ জুনত সদৌ অসম মটৰ পৰিবহণ সন্থাই ৰাজ্যত বাছ ভাৰা ৭০ শতাংশ বৃদ্ধি সন্দর্ভত আলোচনাৰ বাবে অসম চৰকাৰৰ পৰিবহণ আয়ুক্তৰ ওচৰত এখন পত্র দাখিল কৰিছিল৷
সেই পত্র অনুসৰি সন্থাই উল্লেখ কৰে যে ২০১৯ চনৰ ২০ নৱেম্বৰত পৰিবহণ বিভাগে পূর্বনির্ধাৰিত ভাৰাৰ ওপৰত ২৫ শতাংশ বৃদ্ধিৰে ব্যৱসায়িক বাহনৰ ভাৰা বৃদ্ধি কৰিছিল৷ সেই সময়ত প্রতিলিটাৰ ডিজেলৰ মূল্য আছিল ৬৬ টকা৷
২০১৯ চনৰ পিছত ঘটা দ্রব্য মূল্যৰ সূচাংক বৃদ্ধিৰ লগত সন্থাৰ স্বত্বাধিকাৰী তথা অন্যান্য কর্মচাৰীসকলে কোনোৰকমে ব্যৱসায় চলাই নিবলৈ অপাৰগ আছিল যদিও পৰিবহণৰ ভাৰা বৃদ্ধি হোৱা নাছিল৷
এনে পৰিস্থিতিত জীৱন–জীৱিকা চলাই নিবলৈ অসমর্থ হোৱা সন্থাৰ নেতৃবর্গই পত্রযোগে ২০১৯ চনৰ ভাৰাৰ ওপৰত অতি কমেও ৭০ শতাংশ ভাৰা বৃদ্ধি কৰিবলৈ দাবী জনাই ইয়াৰ ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিবলৈ পৰিবহণ আয়ুক্তক অনুৰোধ জনাইছিল৷ এনে প্রেক্ষাপটত সন্থাৰ বাছ ভাৰা ৭০ শতাংশ বৃদ্ধিয়ে ৰাজ্যৰ সর্বসাধাৰণৰ ওপৰত যে মাধমাৰ পৰিব সেয়া নিশ্চিত৷
ডিজিটেল ডেস্ক, ১৫ জুন