চিবিআইৰ জালত এন এফ ৰেলৱেৰ জ্যেষ্ঠ অভিযন্তা। শিলচৰত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল ৰে’ল বিষয়া। ২০ লাখ টকাৰ বিল মুকলিৰ নামত দাবী কৰিছিল কমিছন। বিলৰ ধন মুকলি কৰিবলৈ দাবী কৰিছিল ১ শতাংশ উৎকোচ।
২০ হাজাৰ টকা লৈ চিবিআইৰ জালত পৰিল অভিযুক্ত এছ এছ ই। উল্লেখ্য যে উৎকোচ লৈ চিবিআইৰ জালত ৰে’ল বিভাগৰ অভিযন্তা। উৎকোচ গোচৰৰ সৈতে জড়িত ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই।
তদন্তকাৰী সংস্থাটোৱে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি ধৃত বিষয়াজন শিলচৰত পদবীত থকা এন এফ ৰে’লৱেৰ জ্যেষ্ঠ ছেকচন ইঞ্জিনিয়াৰ (এছ এছ ই)।
অভিযুক্ত বিষয়াগৰাকীৰ হাতত থকা বিলখনৰ ক্লিয়াৰেন্সৰ বাবে অভিযোগকাৰী এন এফ ৰে’লৱেৰ নিৰ্মাণ কাম সম্পন্ন কৰা ঠিকাদাৰৰ পৰা ২০ লাখ টকাৰ বিলৰ এক শতাংশ (২০ হাজাৰ টকা) দাবী কৰাৰ অভিযোগত কালি সংস্থাটোৱে নাম প্ৰকাশ নকৰা বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
জানিব পৰা মতে, শুকুৰবাৰে অভিযোগকাৰীয়ে অভিযুক্ত বিষয়াজনক সাক্ষাৎ কৰি উক্ত বিলখন ক্লিয়াৰ কৰিবলৈ অনুৰোধ কৰাৰ সময়ত অভিযুক্তই বিলখন ক্লিয়াৰিঙৰ বাবে প্ৰক্ৰিয়াকৰণ কৰিবলৈ উৎকোচ দাবী কৰে।
অভিযোগকাৰীয়ে চিবিআইৰ কাষ চাপিলেই এজেন্সীয়ে ফান্দ পাতি অভিযোগকাৰীৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ সময়তে অভিযুক্তক ৰঙাহাতেৰে ধৰে।
নিয়মীয়া বাৰ্তা, শিলচৰ, ১৫ জুন