নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ জুন, আহাৰ মাহৰ ১ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই

মেষ : আজি ব্যৱসায় বাণিজ্যত উন্নতিৰ যোগ৷ নতুনকৈ ব্যৱসায়ৰ আৰম্ভণিৰ পৰিকল্পনা নকৰাই ভাল হ’ব৷ চাকৰিৰ ক্ষেত্রত অশান্তি৷ কোনো যোগাযোগত সাফল্য আহিব৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা–৪৷

বৃষঃ আজি চাকৰিজীৱীৰ পদোন্নতিৰ ক্ষেত্রত বাধা৷ পৰিয়ালকেন্দ্রিক কোনো সমস্যা দেখা দিব পাৰে৷ আর্থিকত মধ্যম৷ ভ্রমণৰ পাৰিকল্পনা কৰিব পাৰে৷ প্রেমত সন্দেহ৷ শুভ ৰং–বগা, শুভ সংখ্যা–৬৷

মিথুনঃ আজি চাকৰিয়ালৰ উন্নতিৰ যোগ৷ গৃহ পৰিৱর্তনৰ পৰিকল্পনা কৰিব পাৰে৷ হঠাৎ অর্থ প্রাপ্তিৰ যোগ৷ কিবা কাৰণত ঘৰুৱা অশান্তি দেখা দিব৷ উচ্চৰক্তচাপজনিত ৰোগীসকলে সতর্ক হৈ থাকক৷ বিদ্যাত মধ্যম৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা– ৭৷

কর্কটঃ আজি মানসিক চাপজনিত কাৰণে শাৰীৰিক সমস্যা দেখা দিব পাৰে৷ যোগ্যতাৰ উপযুক্ত সন্মান আশা কৰিব পাৰে৷ দিনৰ শেষৰ ভাগত আর্থিক সমস্যা দেখা দিব৷ বিদ্যাত শুভ৷ শুভ ৰং– ক্রীম, শুভ সংখ্যা– ২৷

সিংহঃ আজি কর্ম পৰিৱর্তনৰ যোগ৷ বেয়া সংবাদ প্রাপ্তিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব৷ দাম্পত্যত অশান্তি৷ বিদ্যাত মধ্যম৷ প্রেমত অশান্তি৷ শুভ ৰং–মেৰুণ শুভ সংখ্যা–৩৷

কন্যাঃ আজি কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ বাধা–বিঘিনিৰ মাজেদি উচ্চ বিদ্যার্থীৰ উন্নতি অব্যাহত থাকিব৷ সন্মান হানিৰ যোগ৷ ব্যৱসায়ৰ জৰিয়তে নতুন পৰিচিতি লাভ৷ শুভ ৰং– ছিলভাৰ, শুভ সংখ্যা– ৪৷

তুলাঃ আজিৰ দিনটোত পৰিশ্রম অনুযায়ী ফল নাপাব৷ শৰীৰ স্বাস্থ্যৰ বিষয়ে সর্তক থাকিব৷ একাধিক সুযোগ হাত এৰা হ’ব পাৰে৷ লোহাৰ লগত জড়িত ব্যৱসায়ীসকলৰ অশুভ৷ শুভ ৰং– সোণালী, শুভ সংখ্যা– ২৷

বৃশ্চিকঃ আজি চাকৰীজীৱীসকলে বদলিৰ আভাস পাব পাৰে৷ ব্যৱসায়ত আশা কৰা মতে ফল নাপাব৷ বিভিন্নধৰণৰ শিল্পী আৰু কলা–কুশলীসকলৰ উন্নতিৰ যোগ৷ প্রেমত শুভ৷ শুভ ৰং– গুলপীয়া, শুভ সংখ্যা– ৫৷

ধনুঃ আজি দৈনন্দিন কর্মত উন্নতিৰ যোগ৷ কর্মক্ষেত্রত কিছু অতিৰিক্ত দায়িত্ব ল’ব লগীয়া হ’ব পাৰে৷ গুপ্ত শত্রুৰ কাৰণে ক্ষতিৰ সম্ভাৱনা৷ উচ্চ বিদ্যার্থীৰ একাধিক সুযোগ–সুবিধা আহিব৷ শুভ ৰং–বেঙুনীয়া, শুভ সংখ্যা–৭৷

মকৰঃ আজি চৰকাৰী চাকৰিয়ালৰ কর্মক্ষেত্রত সন্মান হানিৰ যোগ৷ শৰীৰত আঘাত পাব পাৰে৷ আর্থিকত মধ্যম৷ বিদ্যাত শুভ৷ প্রেমত সাৱধান৷ শুভ ৰং– নীলা, শুভ সংখ্যা– ১৷

কুম্ভঃ আজি কর্মত সাফল্য আহিব৷ কর্মক্ষেত্রত নিজৰ প্রতিভাৰ সন্মানপ্রাপ্তিৰ যোগ৷ কোনো মূল্যৱান বস্তু চুৰি হোৱাৰ সম্ভাৱনা৷ ভ্রমণৰ যোগ৷ দাম্পত্যত শান্তি বজাই থাকিব৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা–১৷

মীনঃ আজি চাকৰিজীৱীসকলৰ কর্মক্ষেত্রত সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ প্রাপ্য ধন প্রাপ্তিৰ যোগ৷ পিতৃ–মাতৃৰ শৰীৰৰ কাৰণে চিন্তা৷ দাম্পত্যত মধ্যম৷ শুভ ৰং– কমলা, শুভ সংখ্যা– ৯৷

You might also like