নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত বিষাক্ত পাৰ্থেনিয়াম

ৰাজ্যখনৰ বিভিন্ন স্থানত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে অপতৃণ পাৰ্থেনিয়ামে। নামনিৰ পৰা উজনিলৈ অহা-যোৱা কৰা চাৰিলেনযুক্ত ৰাজপথৰ বহু অংশত, ডিভাইডাৰত অথবা পথৰ দাঁতিত উদ্বেগজনক ভাৱে পয়োভৰ ঘটিছে এই উদ্ভিদবিধৰ।

এই উদ্ভিদ বিধৰ ফলত কেৱল মাটিত উৰ্বৰতা শক্তি অভাৱনীয়ভাৱে হ্ৰাস পোৱাই নহয় এইবিধ উদ্ভিদৰ  শ্ৰীবৃদ্ধিয়ে মানুহৰ দেহৰ বাবে বহুকেইটা মাৰাত্মক ৰোগৰ কাৰক দেখা দিব পাৰে। নগাঁও জিলাৰ চাৰিলেনযুক্ত ৰাজপথৰ ডিভাইডাৰতো বৰ্তমান ব্যাপক হাৰত ফুলিবলৈ লোৱা এইবিধ বিষাক্ত উদ্ভিদৰ প্ৰয়োভৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

বিশেষকৈ নগাঁও চহৰৰ উৰিয়াগাঁও বাইপাছৰ পৰা আমনিলৈকে চাৰিলেনযুক্ত পথছোৱাত এই পাৰ্থেনিয়ামৰ ব্যাপক প্ৰয়োভৰ ঘটা পৰিলক্ষিত হৈছে।শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধসকলৰ লগতে  আশা-পাশে বসবাস কৰা ৰাইজলৰ বাবেও এতিয়া শংকাৰ কাৰণ হৈ পৰিছে।

এই অপতৃণ বিধৰ অস্বাভাৱিক শ্ৰীবৃদ্ধিত গভীৰ উদ্বেগ  প্ৰকাশ কৰিছে নগাঁৱৰ সচেতন মহলে। তথ্য মতে উত্তৰ আমেৰিকাত আৱিষ্কৃত পাৰ্থেনিয়াম নামৰ উদ্ভিদ বিধ অতি বিষাক্ত। খুব কম সময়ৰ ভিতৰতে বিয়পি পৰে বিশ্ব আন-আন দেশলৈও।

আমাৰ ৰাজ্যলৈ এই অপতৃণ বহি :ৰাজ্যৰ পৰা অসমলৈ সৰবৰাহ হোৱা ঘেহুৰ লগত আহে বুলি জানিব পৰা গৈছে।পাৰ্থেনিয়ামে প্ৰায় ৬০ শতাংশ মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস কৰে। পাৰ্থেনিয়ামৰ ফুল ইমানেই বিষাক্ত যে ই বঙ্কাইটিচ, হাপানী, এজমেটিক আদি ৰোগত আক্ৰান্ত মানুহৰ শ্বাস-প্ৰশ্বাসজনিত তথা চালৰ বহুবোৰ মাৰাত্মক ৰোগৰ কাৰক হৈ পৰিব পাৰে।

এই উদ্ভিদ বিধৰ অন্য এটা প্ৰভাৱ হৈছে পাৰ্থেনিয়ামৰ পৰাগ ৰেণুৰ উপস্থিতিয়ে কেইবাবিধ কৃষিজাত‌ উদ্ভিদৰ ফল ধৰাত বাধা প্ৰদান কৰে। সেইহে নগাঁৱৰ সচেতন মহলে শীঘ্ৰেই চৰকাৰীভাৱে তথা কৃষি আৰু লোকনিৰ্মাণ বিভাগৰ জৰিয়তে এইবিধ অপতৃণ সময় থাকোতেই সমূলঞ্চে নিঃশেষ কৰিবৰ বাবে আহ্বান জনাইছে।এই ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ’ব।

বিশেষ বাৰ্তা, নগাঁও, ১৫ জুন

You might also like