বিশ্বকাপত অনবদ্য ৰেকৰ্ড হৰমনপ্ৰীতৰ
দেওবাৰে অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বহুপ্ৰতীক্ষিত ভাৰত–পাকিস্তান মেচত ভাৰতীয় দলটোৱে ৬৪ ৰানত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ১৭০ ৰান সংগ্ৰহ কৰে, য’ত অধিনায়ক হৰমনপ্ৰীতে কৌৰ ৩৬ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে।
এই মেচত হৰমনপ্ৰীতে টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰান কৰা ভাৰতীয় বেটাৰ হিচাপে নতুন ৰেকৰ্ড গঢ়ে। তেওঁ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ ৰেকৰ্ড ভংগ কৰে। উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা এতিয়ালৈকে বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক ৰানৰ ৰেকৰ্ড মিতালী ৰাজৰ নামতেই আছিল। এতিয়ালৈ হৰমনপ্ৰীত কৌৰে ৭৬২ ৰান, মিতালী ৰাজে ৭২৬ ৰান আৰু স্মৃতি মান্ধানাই ৫৯২ ৰান কৰিছে।
হৰমনপ্ৰীতে এতিয়ালৈকে মহিলা টি-২০ বিশ্বকাপত ৩৪টা ইনিংছ খেলি ৭৬২ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ১টা শতক আৰু ৪টা অৰ্ধশতকো অৰ্জন কৰিছে। আনহাতে, মিতালী ৰাজে ২৩টা ইনিংছত ৭২৬ ৰান কৰিছিল।
মহিলা টি২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত হৰমনপ্ৰীতে কৌৰ আৰু স্মৃতি মান্ধানাৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলিছে। এতিয়ালৈকে ভাৰতৰ হৈ কেৱল এই দুগৰাকী খেলুৱৈয়ে টি২০ ক্ৰিকেটত ৪,০০০ৰ অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক হল স্মৃতি মান্ধানা ৪৪০১ ৰান আৰু হৰমনপ্ৰীত কৌৰ ৪১১১ ৰান।
দুয়োগৰাকী বেটাৰৰ মাজত বৰ্তমান ৩০০ৰো কম ৰানৰ ব্যৱধান আছে। স্মৃতি মান্ধানা এতিয়া ভাৰতীয় মহিলা টি২০ ক্ৰিকেটৰ সৰ্বাধিক ৰান সংগ্ৰাহক বেটাৰ হিচাপে শীৰ্ষত আছে।
ডিজিটেল ডেস্ক, ১৫ জুন