নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অসমীয়াৰ ৰক্ষাকৱচৰ প্রত্যাহ্বান

অসমীয়াই অসমতে ঠিকনা হেৰুওৱাৰ উপক্রম হৈছে৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ৰ ১৪ আগষ্টৰ মাজনিশা নতুন দিল্লীত স্বাক্ষৰিত অসম চুক্তিৰ ছয় নম্বৰ দফা অনুসৰি অসমীয়া লোকসকলৰ সাংবিধানিক, ভাষিক আৰু প্রশাসনীয় ৰক্ষাকৱচৰ বাবে প্রয়োজনীয় জৰুৰী পদক্ষেপ গ্রহণ কৰি সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সুৰক্ষাৰ প্রতিশ্রুতি দিয়া হৈছিল৷

বাংলাদেশী মূলৰ লোকসকলৰ অনুপ্রৱেশৰ সমস্যাই অসমৰ জনগাঁথনি পৰিৱর্তনক লৈ অসমৰ খিলঞ্জীয়া লোকসকল প্রায় ৫ দশক পূর্বে জাগ্রত হৈছিল৷ যিটো গণ আন্দোলনত ৰাজ্যখনৰ ৮৬০গৰাকী অসমীয়া শ্বহীদ হোৱাৰ লগতে কেইবা সহস্রাধিক লোক ঘুণীয়া হৈছিল৷

ছাত্র–ছাত্রীসকলে হেৰুৱাইছিল এটা শিক্ষাবর্ষ৷ দেশৰ ভিতৰতে অবৈধ বিদেশী বহিষ্কৰণৰ দাবীত ছবছৰীয়া অসম আন্দোলনৰ শেষত স্বাক্ষৰিত অসম চুক্তিৰ ছয় নম্বৰ দফা অনুসৰি অসমীয়াই সাংবিধানিক সুৰক্ষাকৱচ লাভ কৰাটো দূৰৰ কথা, বিগত ৪১ বছৰে অসমীয়াৰ আনুষ্ঠানিক সংজ্ঞা নিৰূপণ কৰিব পৰা নাই৷

এতিয়া অসমৰ গৃহভূমিত অসমীয়াই নিজৰ অস্তিত্বক লৈ সন্দিহান হ’ব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ৰাজ্যখনত বিভিন্ন জাতি–জনগোষ্ঠীৰ নিজস্ব চিনাকি থাকিলেও খিলঞ্জীয়া লোকসকলে নিজকে অসমীয়া বুলি অভিহিত কৰিছিল৷ ভাষা–সাহিত্য আৰু শিক্ষাৰ মাধ্যমো আছিল অসমীয়া৷

নব্বৈ দশকৰ পৰা ৰাজ্যখনত উদ্ভৱ হোৱা সশস্ত্র সংগ্রামৰ ধাৰা আৰু আত্মনিয়ন্ত্রণৰ অধিকাৰৰ নামত অসমত অধিকাংশ জনজাতীয় লোকে নিজস্ব সুঁতিৰ স’তে চামিল হৈছে৷ বৃহত্তৰ অসমীয়া জাতি গঠনৰ অংশ হৈও বড়ো, কার্বি, তিৱা, মিচিং, ৰাভা আদি জনজাতীয় লোকসকলে নিজস্ব চিনাকিৰ জৰিয়তে ভাষা আৰু প্রশাসনীয় আত্মনিয়ন্ত্রণৰ সংগ্রামক অগ্রাধিকাৰ দিছে৷

ফলত অসম চুক্তিৰ ছয় নম্বৰ দফা অনুসৰি অসমীয়াৰ সাংবিধানিক সুৰক্ষাকৱচক লৈ ৰাজ্যখনৰ সিংহভাগ খিলঞ্জীয়া লোক ক্ষতিগ্রস্ত হৈছে৷ ৰাজ্যখনৰ অসমীয়া লোকসকলে এতিয়াও অন্তঃকৰণেৰে বিশ্বাস কৰে যে ৰাজ্যখনৰ বড়ো, ৰাভা, তিৱা, মিচিং, কার্বি, দেউৰী, সোণোৱালকে ধৰি জনজাতীয় লোকসকল বৃহত্তৰ অসমীয়া জাতিৰ এক অংশ৷ নিজস্ব ভাষা থাকিলেও সকলো খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ উমৈহতীয়া ভাষাৰূপে অসমীয়া ব্যৱহাৰ কৰা হয়৷

যি সময়ত বাংলাদেশৰ পৰা চলি থকা অনুপ্রৱেশকাৰীৰ সমস্যাই দেশজুৰি জটিল ৰূপ ধাৰণ কৰিছে সেই সময়ত ৰাজ্যখনৰ প্রতিটো জাতি–জনগোষ্ঠী ঐক্যবদ্ধ হৈ অসম চুক্তিৰ ছয় নম্বৰ দফাৰ অধীনত ৰক্ষাকৱচ নিৰূপণৰ বাবে ঐক্যবদ্ধ হোৱা উচিত৷

মাথোঁ ক্ষমতাকেন্দ্রিক ৰাজনীতিৰ বাবে আত্মনিয়ন্ত্রণৰ নামত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল বিভাজিত হৈ থাকিলে কোনো পৰিস্থিতিতেই অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণ কৰাটো সম্ভৱ নহয়৷ এইক্ষেত্রত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ নেতৃস্থানীয় লোক তথা বিবেকৱান লোকসকলে ইতিবাচক পদক্ষেপ গ্রহণ কৰা উচিত৷

২০১৬ চনত অসমৰ ক্ষমতাত বিজেপি নেতৃত্বাধীন এনডিএ ক্ষমতালৈ অহাৰ পিছতে অসম চুক্তিৰ ছয় নম্বৰ দফা কার্যকৰীকৰণৰ বাবে ২০১৬ চনত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত উচ্চ ক্ষমতাসম্পন্ন কমিটী গঠন কৰা হৈছিল৷

উক্ত উচ্চ ক্ষমতাসম্পন্ন কমিটীখনে ২০২০ৰ ২০ ফেব্রুৱাৰীত ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত সেই সময়ৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰা আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ ওচৰত প্রতিবেদন দাখিল কৰিছিল৷

ৰাজ্য চৰকাৰে শেহতীয়াকৈ বিপ্লৱ কুমাৰ শর্মা আয়োগৰ প্রতিবেদনৰ একাংশ ৰূপায়ণৰ পদক্ষেপ লৈছে যদিও অধিকাংশ পৰামর্শই কার্যকৰী হ’বলৈ বাকী৷ বিগত এটা দশকত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলে ঐক্যবদ্ধ হোৱা দেখা গৈছে৷

ৰাজ্যখনৰ জনগাঁথনিৰ দ্রুত পৰিৱর্তনে খিলঞ্জীয়া লোকসকলৰ জীৱন–জীৱিকাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰাই নহয় ভৱিষ্যৎ সুৰক্ষাক লৈও অনিশ্চয়তাত ভুগিছে৷ খিলঞ্জীয়া লোকসকলৰ ঐক্যবদ্ধ জনাদেশৰ আধাৰতে ২০১৬, ২০২১ আৰু ২০২৬ৰ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই চমকপ্রদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷

এনে পৰিস্থিতিত ৰাজ্যখনৰ প্রতিটো জাতি–জনগোষ্ঠীক সৈমান কৰি অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিবাচক ভূমিকা গ্রহণ কৰিলে চাৰি দশকজোৰা সমস্যাটোৰ সমাধানৰ পথ প্রশস্ত হোৱাৰ আশা আছে৷

অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণক লৈ সৃষ্টি হোৱা জটিলতা সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই ১৩ জুনত মুখ খুলিছে৷ বিজেপিৰ প্রদেশ কার্যালয়ত অনুষ্ঠিত মিডিয়া কনক্লেভত ড০ শর্মাই অকপটে স্বীকাৰ কৰে যে অসমৰ অধিকাংশ জনগোষ্ঠীয় লোকে নিজকে বড়ো, কার্বি, মিচিং, তিৱা, গাৰো আদি বুলি চিনাকি দিবলৈ বিচাৰে৷

আনকি অসমৰ জনগোষ্ঠীয় লোকসকলে অসমীয়া ভাষাৰ লিপিৰ বিপৰীতে দেৱনাগিৰি আৰু ৰোমান লিপি ব্যৱহাৰ কৰিছে৷ অসমীয়া ভাষা ব্যৱহাৰক লৈ চৰকাৰী নির্দেশনা জাৰি কৰিলেই জনজাতীয় মন্ত্রী–বিধায়কসকল্ মাজতেই অসন্তুষ্টিৰ সৃষ্টি হয়৷

ইয়াৰ লগে লগে নিজস্ব ভাষা আৰু প্রশাসনীয় ব্যৱস্থাক লৈ আৱেগমুখৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ কিন্তু এইক্ষেত্রত নীৰৱে থাকিলে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ জনজাতীয়সকলে কুণ্ঠাবোধ নকৰে৷ ৰাজ্যখনৰ সামূহিক বিকাশ আৰু শান্তিপূর্ণ বাতাৱৰণ বর্তাই ৰখাৰ স্বার্থত খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ ঐক্যবদ্ধ হোৱাটো এক শুভ লক্ষণ৷

বাংলাদেশীৰ আগ্রাসন প্রতিৰোধ কৰিবলৈ খিলঞ্জীয়া লোকসকল ঐক্যবদ্ধ হোৱাটো সময়ৰ দাবী৷ একেদৰে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আত্মনিয়ন্ত্রণৰ সংগ্রামৰ নামত অসম চুক্তিৰ ছয় নম্বৰ দফা অনুসৰি অসমীয়া তথা খিলঞ্জীয়া লোকসকলৰ সাংবিধানিক সুৰক্ষা প্রদান কৰাটো চৰকাৰৰ মৌলিক দায়িত্ব৷ এইক্ষেত্রত ৰাজ্যৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলে ইতিবাচক ভূমিকা গ্রহণ কৰা উচিত৷

You might also like