বাঘবৰত ভয়ংকৰ ঘটনা : মৰাপাট খেতিত উদ্ধাৰ কণমানিৰ মৃতদেহ
বৰপেটা জিলাৰ বাঘবৰৰ ২ নং চাছৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। উল্লেখ্য যে গাঁওখনৰ নিবাসী মোকাদ্দেচ আলী আহমেদৰ কন্যা সন্তান মাৰিফা তামান্না (১০) নামৰ কণমানিজনী সোমবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱা ৰাস্তাৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ পৰিছিল।
নিৰুদ্দিষ্ট হোৱাৰ পিছৰ পৰাই দিনৰ ভাগত পৰিয়ালৰ লোক তথা স্থানীয় গঞাই কণমানিজনীৰ সন্ধানত বিচাৰ-খোচাৰ কৰে যদিও আবেলি লৈকেও কোনো শুংসূত্ৰ লাভ কৰা নাছিল। অৱশ্যে সন্ধিয়া পৰত পুনৰ পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে ঘৰৰ ওচৰে-পাঁজৰে থকা মৰাপাট খেতিসমূহত কণমানিজনীৰ সন্ধানত নামি পৰে।
দুৰ্ভাগ্যবশতঃ কণমানিজনীক মৰাপাট খেতিতেই মৃত অৱস্থাত দেখা পাই সকলো হতভম্ব হৈ পৰাৰ লগতে হুৱাদুৱা লাগে অঞ্চলজুৰি। ঘটনাৰ পিছতেই তৎক্ষণাত ঘটনাস্থলীত বাঘবৰ আৰু মন্দিয়া আৰক্ষীৰ দল উপস্থিত হয়।
অৱশ্যে পৰৱৰ্তী সময়ছোৱাত বৰপেটা জিলা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকসহ এক শীৰ্ষ বিষয়াৰ দলৰ লগতে বাঘবৰৰ কাৰ্যবাহী দণ্ডাধীশো উপস্থিত হৈ পৰিস্থিতিৰ মোকাবিলা কৰে।
সমান্তৰালকৈ আৰক্ষী-প্ৰশাসনৰ বৃহৎ দলেটোৱে সেই মূহুৰ্তৰ পৰাই জোৰদাৰ তদন্ত কৰিবলৈ আৰম্ভ কৰে। ইফালে মৃত অৱস্থাত উদ্ধাৰ হোৱা কণমানিজনীৰ দেহত আঘাত আৰু ৰক্তক্ষৰণ হোৱা বুলি জনৈক সূত্ৰে জনা যায়।
পিছলৈ কণমানিজনীক আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। কণমানিজনীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে সৰ্বত্ৰ। অন্যহাতে ঘটনাৰ নিশাই বাঘবৰ আৰক্ষী, মন্দিয়া আৰক্ষী আৰু জিলাৰ উচ্চপদস্হ আৰক্ষী বিষয়াই চলোৱা তীব্ৰ অভিযানত তিনিজনকৈ নাবালক ল’ৰাক আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা যায়।
আটকাধীন নাবালক ল’ৰাকেইজনক আৰক্ষীৰ শীৰ্ষ সূত্ৰই সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। অচিৰেই ঘটনাৰ সৈতে জড়িত মূল অভিযুক্তক কৰায়ত্ত কৰিবলৈ আৰক্ষী সক্ষম হ’ব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।
ইফালে ঘটনাৰ তদন্ত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে হাতত লোৱাত স্বাভাৱিকতেই বহুতেই কৃতজ্ঞতা জনাইছে। অৱশ্যে এই সমগ্ৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।
নিয়মীয়া বাৰ্তা, বাঘবৰ, ১৬ জুন