নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচাং অভয়াৰণ্যৰ আহত বন্যহস্তীৰ কৰুণ মৃত্যু

প্ৰায় ১০/১২ দিন জীৱন-মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে আমচাং অভয়াৰণ্যৰ দাঁতিৰ PRP VALLEYত আবদ্ধ হৈ থকা বন্য হস্তীটোৱে। মঙলবাৰে মৃত্যু হয় বন্যহস্তীটোৰ। খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীটোৱে পুনৰ অভয়াৰণ্যলৈ ঘূৰি যোৱা সময়তে PRP VALLEY ৰ গাঁতত সোমাই পৰিছিল। ইয়াৰ পিছত বন বিভাগৰ লোকে খবৰ পাই সেই স্থানত উপস্থিত হৈ আবদ্ধ বন্যহস্তীটোক উদ্ধাৰৰ চেষ্টা কৰিছিল যদিও পৰা নাছিল। অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা হাতীটোক পৰৱৰ্তী সময়ত অসম ৰাজ্যিক চিৰিয়াখানাৰ চিকিৎসকৰ দৰে চিকিৎসা প্ৰদান কৰি আছিল যদিও অৱশেষত আজি মৃত্যুমুখত পৰে বন্যহস্তীটো।

ডিজিটেল ডেস্ক, ১৬ জুন

You might also like