নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেল’ডীৰ যাদু : ইনষ্টাগ্রামত আমি বিশ্বৰ আটাইতকৈ জনপ্রিয় যুটি

গম্ভীৰ কূটনীতি, গোলকীয় অর্থনীতিৰ জটিল সমীকৰণ আৰু বিশ্ব নেতাসকলৰ হাইপ্রফাইল বৈঠকৰ মাজতে ফ্রান্সৰ এভিয়ান–লে–বেইনছত অনুষ্ঠিত জি–৭ সন্মিলনৰ মজিয়াত এক আমোদজনক আৰু আকর্ষণীয় দৃশ্যই পুনৰ জোকাৰি গ’ল নেটিজেনক৷

বিশ্ব ৰাজনীতিৰ মঞ্চত পুনৰ চলিল মেল’ডীৰ যাদু৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নিৰ চিৰপৰিচিত মধুৰ কেমিষ্ট্রীয়ে পুনৰ সকলোৰে দৃষ্টি আকর্ষণ কৰিলে৷ ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰা বিখ্যাত মেল’ডী ট্রেণ্ডটোক স্বয়ং মেল’নিয়ে বিশ্বমঞ্চত স্বীকাৰ কৰি হাঁহিমুখে ক’লে– ইনষ্টাগ্রামত আমিয়েই এতিয়া আটাইতকৈ জনপ্রিয় যুটি৷

জি–৭ সন্মিলনৰ লগত সংগতি ৰাখি মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পসহ বিশ্বৰ অন্যান্য শীর্ষ নেতাসকলৰ পৰম্পৰাগত দলীয় ফটো তোলাৰ বাবে সমৱেত হোৱা আজি দেখা গ’ল এই ব্যতিক্রমী দৃশ্য৷ নেতাসকলৰ দীঘলীয়া শাৰী আৰু ভিৰ ফালি ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নিয়ে হাঁহিমুখে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ফালে আগুৱাই আহে আৰু দুয়ো কৰমর্দন কৰে৷

আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সূত্র অনুসৰি মোদীয়ে মেল’নিক উদ্দেশ্যি তেওঁক লগ পাই আনন্দিত হোৱা বুলি কোৱাৰ পাছতে মেল’নিয়ে ইনষ্টাগ্রামৰ সেই আমোদজনক প্রসংগটো উল্লেখ কৰে৷ ইয়াৰ পাছতে দুয়ো হাস্যৰসত বুৰ যায়৷

ছ’চিয়েল মিডিয়াত এই মুহূর্তৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে নেটিজেনৰ উৎসাহ দুগুণে বৃদ্ধি পাইছে৷ প্রকৃততে মোদী আৰু মেল’নিৰ এই ডিজিটেল বন্ধুত্ব এতিয়া গোলকীয় ক্রেজত পৰিণত হৈছে৷

২০২৩ চনৰ এক দ্বিপাক্ষিক বৈঠকৰ পিছৰে পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে দুয়োৰে নাম সাঙুৰি মেল’ডী শব্দটোৰ সৃষ্টি কৰিছিল৷ কেৱল অনুৰাগীয়ে নহয়, স্বয়ং মেল’নিয়েও ইয়াৰ পূর্বে মোদীৰ সৈতে ছেল্ফি তুলি মেল’ডী শব্দটো ব্যৱহাৰ কৰি দিয়া পোষ্টৰ ট্রেণ্ডটোক আদৰি লৈছিল৷

শেহতীয়াভাৱে ৰোম ভ্রমণৰ সময়ত প্রধানমন্ত্রী মোদীয়ে মেল’নিক ভাৰতৰ বিখ্যাত পার্লে মেল’ডী টফী এটাৰ পেকেট উপহাৰ দিয়াৰ ভিডি’টোৱেও ব্যাপক চর্চা লাভ কৰিছিল৷ যাক লৈ নেটিজেনেও বিভিন্ন ধেমেলীয়া মন্তব্য কৰিছিল৷

অৱশ্যে কেৱল ছ’চিয়েল মিডিয়াৰ ৰসাত্মক চর্চাই নহয়, মোদী–মেল’নিৰ এই সুন্দৰ সম্পর্কই ভাৰত আৰু ইটালীৰ কূটনৈতিক বন্ধনক এক অভূতপূর্ব শক্তি প্রদান কৰিছে৷ বর্তমান দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১৬.৭৭ বিলিয়ন মার্কিন ডলাৰ অতিক্রম কৰিছে৷

তদুপৰি ভাৰত–মধ্যপ্রাচ্য–ই অর্থনৈতিক কৰিড’ৰৰ দৰে গুৰুত্বপূর্ণ সামৰিক তথা অর্থনৈতিক প্রকল্পত দুয়োখন দেশে অতি ঘনিষ্ঠভাৱে কাম কৰি আছে৷ গোলকীয় ৰাজনীতিৰ জটিলতাৰ মাজতো এইবাৰৰ জি–৭ সন্মিলনৰ এই বিশেষ মেল’ডী মুহূর্তটো সমগ্র বিশ্বৰ বাবে আটাইতকৈ চর্চিত আৰু আকর্ষণীয় খবৰ হৈ পৰিছে৷

ডিজিটেল ডেস্ক, ১৮ জুন

You might also like