নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধ শেষ : বুজাবুজিৰ চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে ইৰানৰ সৈতে হোৱা ১৪ দফীয়া বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। ফ্ৰান্সৰ এভিয়ান-লে-বেঁছত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়তে এই চুক্তিত স্বাক্ষৰ কৰা হয়। “মেম’ৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং” (MoU) নামেৰে অভিহিত এই চুক্তিৰ জৰিয়তে দীৰ্ঘদিনীয়া সংঘাতৰ অৱসান, হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা আৰু ইৰানৰ ওপৰত আৰোপিত বহু নিষেধাজ্ঞা উঠাই দিয়াৰ পথ সুগম হ’ব।

সকলো ফ্ৰণ্টত যুদ্ধবিৰতি

চুক্তিৰ প্ৰথম দফা অনুসৰি, আমেৰিকা, ইৰান আৰু তেওঁলোকৰ সহযোগীসকলে সকলো ফ্ৰণ্টত সামৰিক অভিযান স্থায়ীভাৱে বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ অন্তৰ্গত আছে লেবাননো। কোনো পক্ষই পৰস্পৰৰ বিৰুদ্ধে সামৰিক পদক্ষেপ গ্ৰহণ নকৰাৰ লগতে একে-অন্যক ভাবুকিও নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি

আমেৰিকা আৰু ইৰানে পৰস্পৰৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি সন্মান জনোৱাৰ লগতে আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ সিদ্ধান্ত লৈছে।

৬০ দিনৰ ভিতৰত চূড়ান্ত চুক্তিৰ লক্ষ্য

দুয়ো দেশৰ মাজত ৬০ দিনৰ ভিতৰত চূড়ান্ত চুক্তি সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰয়োজন হ’লে উভয় পক্ষৰ সন্মতিত এই সময়সীমা বৃদ্ধি কৰিব পাৰিব।

নৌ অৱৰোধ উঠাব আমেৰিকাই

চুক্তি স্বাক্ষৰৰ পিছৰে পৰা আমেৰিকাই ইৰানৰ ওপৰত আৰোপ কৰা নৌ অৱৰোধ আঁতৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ৩০ দিনৰ ভিতৰত এই অৱৰোধ সম্পূৰ্ণৰূপে উঠাই লোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ লগতে ইৰানৰ ওচৰৰ অঞ্চলৰ পৰা আমেৰিকাই নিজৰ সেনাও আঁতৰোৱাৰ প্ৰতিশ্ৰুতি দিছে।

হৰমুজ প্ৰণালী পুনৰ মুকলি

বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক সামুদ্ৰিক পথ হৰমুজ প্ৰণালীত পুনৰ নিৰাপদে জাহাজ চলাচল আৰম্ভ হ’ব। ইয়াৰ বাবে কোনো ধৰণৰ ট’ল বা কৰ আদায় কৰা নহ’ব।

ইৰানৰ পুনৰ নিৰ্মাণৰ বাবে ৩০০ বিলিয়ন ডলাৰৰ পৰিকল্পনা

ইৰানৰ পুনৰ নিৰ্মাণ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে অন্ততঃ ৩০০ বিলিয়ন ডলাৰৰ পৰিকল্পনা প্ৰস্তুত কৰা হ’ব। যদিও এই পুঁজিত আমেৰিকাৰ আৰ্থিক অৱদান বাধ্যতামূলক নহ’ব।

অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ

ইৰানৰ ওপৰত আৰোপিত অৰ্থনৈতিক নিষেধাজ্ঞাসমূহ উঠাই দিয়া হ’ব। ইয়াৰ অন্তৰ্গত আমেৰিকাৰ একপক্ষীয় নিষেধাজ্ঞা আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধীনত আৰোপিত ব্যৱস্থাও অন্তৰ্ভুক্ত।

পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰাৰ প্ৰতিশ্ৰুতি

চুক্তি অনুসৰি, ইৰানে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ বা আহৰণ নকৰাৰ প্ৰতিশ্ৰুতি দিছে। ইৰানৰ সমৃদ্ধ ইউৰেনিয়ামৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (IAEA)-ৰ তত্বাৱধানত সমাধান কৰা হ’ব।

ফ্ৰীজ হৈ থকা সম্পদ মুক্ত কৰাৰ আশ্বাস

আমেৰিকাই ইৰানৰ ফ্ৰীজ হৈ থকা সম্পদসমূহ মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছে। অৱশ্যে, এই সুবিধাসমূহ লাভ কৰিবলৈ ইৰানে চুক্তিৰ সকলো চৰ্ত পালন কৰিব লাগিব।

ৰাষ্ট্ৰসংঘৰ অনুমোদনৰ পিছত চূড়ান্ত ৰূপ

চুক্তিৰ অন্তিম দফাত উল্লেখ কৰা হৈছে যে চূড়ান্ত বুজাবুজিক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বাধ্যতামূলক প্ৰস্তাৱৰ জৰিয়তে অনুমোদন দিয়া হ’ব। আমেৰিকা প্ৰশাসনে এই চুক্তিক “পাৰফৰ্মেন্স-বেছড” বুলি উল্লেখ কৰিছে, অৰ্থাৎ ইৰানে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিলেহে চুক্তিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব।

ডিজিটেল ডেস্ক, ১৮ জুন

You might also like