ইৰান-আমেৰিকাৰ শান্তি চুক্তি : কিন্তু কেতিয়ালৈ কমিব পেট্ৰ’ল-ডিজেলৰ দাম!
আমেৰিকা আৰু ইৰান ৰ মাজত শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য ধাৰাবাহিকভাৱে হ্ৰাস পাইছে। কিন্তু ইয়াৰ ফলত দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য তৎক্ষণাত কমোৱা হ’ব নেকি, সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপীয়ে বৃহস্পতিবাৰে কয় যে বিশ্ব বজাৰত কেঁচা তেলৰ দাম কমিলেই তৎক্ষণাত ইন্ধনৰ মূল্য হ্ৰাস কৰা সম্ভৱ নহয়।
পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ আৰু পৰ্যটন দপ্তৰৰ ৰাষ্ট্ৰমন্ত্ৰী সুৰেশ গোপীয়ে কয় যে, পেট্ৰ’ল-ডিজেলৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত একাধিক কাৰকে প্ৰভাৱ পেলায়। সস্তীয়া কেঁচা তেল ভাৰতলৈ আহিবলৈ কিমান সময় লাগে, সেয়াও এক গুৰুত্বপূৰ্ণ বিষয়। তেওঁৰ মতে, হৰমুজ প্ৰণালী হৈ ভাৰতলৈ কেঁচা তেল অনা হয় আৰু সেই পথত জাহাজৰ অধিক চলাচল থকাৰ বাবে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ কিছু সময় লাগিব।
সম্প্ৰতি ইন্ধনৰ মূল্য বৃদ্ধি সন্দৰ্ভত মন্ত্ৰীজনে কয় যে, প্ৰতি লিটাৰত প্ৰায় ৩.৯৪ টকাৰ বৃদ্ধি দেখা গৈছিল। কিন্তু কেৱল বিশ্ববজাৰত কেঁচা তেলৰ মূল্য কমাৰ ভিত্তিত এই বৃদ্ধি তৎক্ষণাত প্ৰত্যাহাৰ কৰিব নোৱাৰি।
ইৰান-আমেৰিকা সংঘাতৰ প্ৰসংগ উত্থাপন কৰি সুৰেশ গোপীয়ে কয় যে, ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত তেল কোম্পানীসমূহ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে বৃহৎ অংশৰ আৰ্থিক বোজা নিজেই বহন কৰিছিল। তেওঁৰ দাবী অনুসৰি, এই প্ৰভাৱ নিজৰ ওপৰত লোৱাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ১২ হাজাৰ কোটি টকাৰ ক্ষতি হৈছে। লগতে তেওঁ কয়, কোনো ৰাজ্যই বৃদ্ধি পোৱা ইন্ধনৰ মূল্যৰ ওপৰত কৰ কমাই নিজৰ ৰাজহ হ্ৰাস কৰা নাছিল। সেয়েহে কেন্দ্ৰীয় চৰকাৰ আৰু তেল কোম্পানী দুয়োটাই আৰ্থিকভাৱে টিকি থাকিব লাগিব।
উল্লেখ্য যে, আমেৰিকা আৰু ইৰানৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বাণিজ্যিক জাহাজৰ বাবে পুনৰ মুকলি কৰা হ’ব হৰমুজ প্ৰণালী। বিশ্বৰ প্ৰায় ২০ শতাংশ কেঁচা তেল এই সমুদ্ৰপথেৰেই পৰিবহণ কৰা হয়। ইয়াৰ ফলত কেঁচা তেলৰ মূল্যত উল্লেখযোগ্য পতন ঘটিছে। হৰমুজ অৱৰোধৰ সময়ত প্ৰতি বেৰেল কেঁচা তেলৰ মূল্য ১০০ ডলাৰলৈ বৃদ্ধি পাইছিল, যিটো বৰ্তমান প্ৰায় ৮০ ডলাৰলৈ নামি আহিছে।
ডিজিটেল ডেস্ক, ১৮ জুন