ফিফা বিশ্বকাপ-২০২৬ত জয়েৰে অভিযান আৰম্ভ ইংলেণ্ডৰ
ফিফা বিশ্বকাপ ২০২৬ত ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে ৪-২ গ’লত জয় লাভ কৰি অভিযান আৰম্ভ কৰিছে ইংলেণ্ডে। এই মেচখনতে ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে পৰ্তুগালৰ তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ এক বিশেষ অভিলেখ অতিক্ৰম কৰে।
মেচখনত হেৰী কেনে দুটা গ’ল কৰি ইংলেণ্ডৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁৰ দুয়োটা গ’ল আহে ১২ আৰু ৪২ মিনিটত। আন দুটা গ’ল কৰে জুড বেলিংহেমে (৪৭ মিনিট) আৰু মাৰ্কাছ ৰেছফ’ৰ্ডে (৮৫ মিনিটত)। ক্ৰ’ৱেছিয়াই ৩৬ মিনিট আৰু প্ৰথমাৰ্ধৰ সংযোজিত সময়ত দুটা গ’ল কৰি উভতি অহাৰ চেষ্টা কৰিছিল যদিও ইংলেণ্ডৰ আক্ৰমণাত্মক ফুটবলৰ সন্মুখত সেই চেষ্টা ব্যৰ্থ হয়।
ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে এতিয়ালৈকে ৬খন বিশ্বকাপত ২৩খন মেচ খেলি ৮টা গ’ল কৰিছে। আনহাতে হেৰী কেনে মাত্ৰ তৃতীয়টো বিশ্বকাপত অংশগ্ৰহণ কৰিয়েই ১০টা গ’ল সম্পূৰ্ণ কৰিছে। ফলত বিশ্বকাপত গ’লৰ সংখ্যাৰ ক্ষেত্ৰত তেওঁ ৰ’নাল্ডোকো অতিক্ৰম কৰিলে।
ইংলেণ্ডৰ বাবে এই জয় বিশেষ তাৎপৰ্যপূৰ্ণ। বিশ্বকাপৰ ইতিহাসত ৬০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ইংলেণ্ডে কোনো মেচ ৪-২ ব্যৱধানত জয় কৰিছে। ইয়াৰ পূৰ্বে ১৯৬৬ চনৰ বিশ্বকাপত পশ্চিম জাৰ্মানীক একে ব্যৱধানত পৰাস্ত কৰিছিল ইংলেণ্ডে।
হেৰী কেন এতিয়া ইংলেণ্ডৰ প্ৰথম খেলুৱৈ হিচাপে তিনিটা পৃথক বিশ্বকাপত গ’ল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। ২০১৮ চনত তেওঁ ৬টা, ২০২২ চনত ২টা আৰু ২০২৬ বিশ্বকাপৰ প্ৰথমখন মেচতেই ২টা গ’ল কৰিছে।
ইংলেণ্ডৰ হৈ তিনিটা পৃথক বিশ্বকাপত গ’ল কৰা দ্বিতীয় খেলুৱৈ হিচাপেও ইতিহাস গঢ়িছে হেৰী কেনে। ইয়াৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল ডেভিদ বেকহামে, যিয়ে ১৯৯৮, ২০০২ আৰু ২০০৬ চনৰ বিশ্বকাপত গ’ল কৰিছিল।
বিশ্বকাপ ২০২৬ত ইংলেণ্ডে এতিয়ালৈকে মাত্ৰ এখন মেচহে খেলিছে। এনে পৰিস্থিতিত হেৰী কেনৰ সন্মুখত আৰু বহু অভিলেখ স্পৰ্শ কৰাৰ সুযোগ থাকিব। বৰ্তমানৰ ফৰ্ম অব্যাহত ৰাখিলে বিশ্বকাপৰ শেষলৈ তেওঁ ইংলেণ্ডৰ অন্যতম সফল বিশ্বকাপ খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা উজ্জ্বল।
ডিজিটেল ডেস্ক, ১৮ জুন