নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰিৰ উৰণ সেতুত পুনৰ জিলিকিল জুবিন গার্গৰ প্রতিচ্ছবি

‘এন্ধাৰ হ’ব নোৱাৰোঁ/মচি দিব নোখোজোঁ/পাখি মেলা অতীতক কিদৰে পাহৰোঁ…’৷ এন্ধাৰক কেতিয়াও তেওঁ ভয় কৰা নাছিল৷ অতীতক সোণালী স্মৃতিৰূপে বুকুত বান্ধি হেজাৰটা প্রত্যাহ্বানকো নেওচি কেৱল অসম আৰু অসমীয়াৰ বাবেই ওৰেটো জীৱন উৎসর্গা কৰা প্রাণৰ শিল্পী জুবিন গার্গ আজি কায়িকভাৱে নাই যদিও প্রতিজন অসমীয়াৰ হূদয়ৰ মাজত আছে৷

জীৱিত জুবিনতকৈ মৃত জুবিন অধিক প্রাসংগিক হৈ পৰিছে অসম আৰু অসমীয়াৰ বাবে৷ এই গুৰুত্বক একাংশ কাণ্ডজ্ঞানহীন লোকে উপলব্ধি কৰিব নোৱাৰিলেও অগণিত অনুৰাগীৰ মনত অমৰত্ব লাভ কৰা প্রাণৰ শিল্পী জুবিন গার্গৰ প্রতিচ্ছবি মচি দিয়াক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷

অসম আৰু অসমীয়াৰ অস্তিত্ব থকালৈকে চিৰদিন অমৰ হৈ থাকিব জুবিন গার্গ৷ হেজাৰ চেষ্টা কৰিলেও কোনেও অসমীয়াৰ বুকুৰ মাজৰ পৰা কাঢ়ি নিব নোৱাৰে প্রাণৰ শিল্পীৰ স্মৃতিক৷ মহানগৰীৰ সদাব্যস্ত গণেশগুৰিৰ উৰণ সেতুৰ দেৱালত শিল্পীগৰাকীৰ ছবি মচি পেলোৱাৰ পাছতে আজি সেয়ে পুনৰ জিলিকিল প্রাণৰ শিল্পীৰ আলোক উদ্ভাসিত প্রতিচ্ছবি৷

উল্লেখ্য যে একাংশ কাণ্ডজ্ঞানহীন কর্মীয়ে মহানগৰীৰ বিভিন্ন প্রান্তক চিকুণাই তোলাৰ নামত গণেশগুৰিৰ উৰণ সেতুৰ খুঁটাত অংকিত প্রাণৰ শিল্পীৰ প্রতিচ্ছবিখন মচি পেলাইছিল৷ নিমিষতে এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগতে ছবিখন অংকন কৰা শিল্পী মার্শ্বেল বৰুৱাই আৱেগিকভাৱে ফেচবুকত পোষ্ট কৰি ছবিখন পুনৰ অংকন কৰাৰ ঘোষণা কৰিছিল৷

গণেশগুৰিৰ উৰণ সেতুৰ তলত ৰাইজক সমৱেত হোৱাৰ আহ্বান জনাই শিল্পী বৰুৱাই ছবিখন ৰাইজৰ উপস্থিতিত অংকন কৰাৰ ঘোষণা কৰিছিল৷ সেইমর্মে শিল্পীগৰাকীয়ে গণেশগুৰিত উপস্থিত হৈ কাণ্ডজ্ঞানহীন কর্মীসকলে মচি পেলোৱা ছবিখন আন কেইবাগৰাকীও সহযোগী শিল্পীৰ সহযোগত পুনৰ অংকন কৰে৷

মন কৰিবলগীয়া যে ছবিখন মচি পেলোৱাক লৈ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গার্গ আৰু ভগ্ণী ড০ পামী বৰঠাকুৰে সামাজিক মাধ্যমযোগে এই কর্মকাণ্ডৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছিল৷ ইয়াৰ পাছতে বহুসংখ্যক জুবিন অনুৰাগীয়েও এই কাণ্ডত ক্ষোভ প্রকাশ কৰি চৰকাৰক ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছিল৷

শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে এই ছবি অংকন কৰিছিল শিল্পী মার্শ্বেল বৰুৱাই৷ কাণ্ডজ্ঞানহীন একাংশ লোকে ছবিখনৰ গুৰুত্ব উপলব্ধি নকৰাকৈয়ে মচি পেলোৱাক লৈ আৱেগিক হৈ পৰা শিল্পী বৰুৱাই আজিৰ জনসমাগমক লৈ কয় যে ইমান মানুহ ওলাই আহিব বুলি ভবা নাছিলোঁ৷

ভিৰ বহুত বেছি হোৱা বাবে ছবিখন আঁকিবলৈ কিছু অসুবিধা হৈছে৷ থূলমূলকৈ ছবিখন আঁকিলোঁ যদিও পৰৱর্তী সময়ত ভালদৰে ছবিখন আঁকিম৷

লক্ষণীয় যে প্রিয় শিল্পীগৰাকীৰ ছবিখন মচি পেলোৱাক লৈ একপ্রকাৰ উত্তাল হৈ পৰে গণেশগুৰি৷ বিভিন্ন প্রান্তৰ পৰা অহা অগণন অনুৰাগীয়ে জয় জুবিনদা ধ্বনিৰে গণেশগুৰি কঁপাই তোলাৰ পাছত জি এছ ৰোড, ৰাধাগোবিন্দ বৰুৱা পথ, দিছপুৰ–কছাৰীবস্তি সংযোগী পথ আৰু গণেশগুৰি–ছুপাৰ মার্কেট সংযোগী পথত বহু সময়লৈকে তীব্র যান–জঁটৰ সৃষ্টি হয়৷

কেইবাঘণ্টাৰ মূৰকতহে যান–বাহন আৰক্ষীয়ে এই যান–জঁট মুকলি কৰিবলৈ সক্ষম হয়৷ এয়াই প্রাণৰ শিল্পীৰ মহিমা৷ জীৱিত জুবিন গার্গতকৈও অমৰত্ব লাভ কৰা জুবিন গার্গ এতিয়া প্রতিগৰাকী অসমীয়াৰ বাবে গুৰুত্বপূর্ণ৷

এই সৰু অথচ গুৰুত্বপূর্ণ পদক্ষেপে পুনৰ প্রতিফলিত কৰিলে এগৰাকী শিল্পীৰ প্রতি অসমীয়াৰ শ্রদ্ধা আৰু মৰমক৷ প্রিয় শিল্পী জুবিন গার্গে এনেদৰে চিৰকাল জীয়াই থাকিব অসমীয়াৰ মন–মগজুত৷

ডিজিটেল ডেস্ক, ১৯ জুন

You might also like