নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বন চেলেঞ্জ

পৃথিৱীখনত ক্রমে বৃদ্ধি পাবলৈ ধৰা পাৰিপার্শ্বিক বিপর্যয়ে সকলো সচেতন লোককে উদ্বিগ্ন কৰি তোলাটো তেনেই স্বাভাৱিক৷ বিশেষকৈ সমগ্র বিশ্বত চলা নির্বনানীকৰণৰ প্রৱণতাক লৈ ইতিমধ্যে বিভিন্ন পদক্ষেপো লোৱা হৈছে৷ তাৰ ভিতৰত অন্যতম হ’ল ‘বন চেলেঞ্জ’৷

ৰিঅ’ সন্মিলন আৰু ১৯৯২ চনৰ ধৰিত্রী সন্মিলনৰ অন্যান্য সফলতাসমূহক লক্ষ্য হিচাপে লৈ বনপৰিপার্শ্ব সংৰক্ষণ সন্দর্ভত গোলকীয় অংশীদাৰিত্বৰ সহযোগিতাত ২০১১ চনৰ ২ ছেপ্ঢেম্বৰত বনত জার্মানীৰ আতিথ্যত প্রকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্রীয় সংস্থা চমুকৈ আইইউচিএনৰ উদ্যোগত এই কার্যসূচী গ্রহণ কৰা হয়৷

বন চেলেঞ্জ হ’ল এনে এটা প্রয়াস যিয়ে ২০২০ চনৰ ভিতৰত সমগ্র বিশ্বৰ ১৫০ মিলিয়ন হেক্টৰ আৰু ২০৩০ চনৰ ভিতৰত ২৫০ মিলিয়ন হেক্টৰ অৱক্ষয়ী আৰু নির্বনানীকৃত ভূমিক পুনৰুদ্ধাৰ কৰাৰ উদ্যোগ৷

ভাৰতে ১৯১৫ চনত এই চেলেঞ্জত যোগ দিয়ে৷ প্রাথমিক আৰু বৃহৎ লক্ষ্য হিচাপে ২০৩০ চনৰ ভিতৰত দেশখনৰ ২৬ মিলিয়ন হেক্টৰ ক্ষয়প্রাপ্ত ভূমি পুৰুদ্ধাৰৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ ইতিমধ্যে ভাৰতে ২০১১–২০২১ বর্ষৰ সময়ছোৱাত বন চেলেঞ্জ লক্ষ্যৰ ৮৪ শতাংশ পূৰণেৰে ২১.৭৬ মিলিয়ন হেক্টৰ ভূমি পুনৰুদ্ধাৰ কৰিছে৷

আইইউচিএনৰ বন চেলেঞ্জ সম্পক্য় ভাৰতৰ দ্বিতীয়খন অগ্রগতিৰ প্রতিবেদনত প্রকাশ পোৱা মতে এই লক্ষ্য প্রাপ্তিৰ ক্ষেত্রত তেলেংগানাই বিশেষ সাফল্য দেখুৱাবলৈ সক্ষম হৈছে৷ তাৰ পিছত ই স্থান লাভ কৰিছে ক্রমে অন্ধ্রপ্রদেশ, গুজৰাট, মধ্যপ্রদেশ আৰু ওড়িশাই৷

পৰিৱেশ, বন আৰু জলবায়ু মন্ত্রালয়ে প্রকাশ কৰা ‘বন চেলেঞ্জ’ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ মূলতঃ গছপুলি ৰোপণৰ জৰিয়তে অৰণ্যভূমি পুনৰুদ্ধাৰ, প্রাকৃতিকভাৱে সংৰক্ষণ, কৃষি বনানীকৰণ আদি ব্যৱস্থা গ্রহণ কৰে এই ৰাজ্যসমূহে৷

‘বন চেলেঞ্জ’ নামৰ এনে গোলকীয় পদক্ষেপৰ অধীনত বিশ্বৰ ৭০খনতকৈও অধিক দেশে ২০২০ চনৰ ভিতৰত ১৫ কোটিতকৈ অধিক হেক্টৰ ভূমি পুনৰুদ্ধাৰ কৰিছে৷ কেৱল ইমানতে ক্ষান্ত নাথাকি ২০৩০ চনৰ ভিতৰত এনে অৱক্ষয়ী আৰু বনাঞ্চল ধ্বংস হোৱা ৩৫ কোটি হেক্টৰ ভূ–প্রকৃতি পুনৰুদ্ধাৰ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷

সময়ে সময়ে এই সন্দর্ভত প্রতিবেদন প্রকাশ পাই আহিছে৷ ইয়াৰ পূর্বে এই সম্পক্য় অগ্রগতিৰ প্রথমখন প্রতিবেদনত ২০১১ চনৰ পৰা ২০১৭ চনৰ ভিতৰত ভাৰতে ৯৮ লাখ হেক্টৰ ভূমি পুনৰুদ্ধাৰ কৰাৰ কথা প্রকাশ পাইছিল৷

মন্ত্রালয়ে এই সন্দর্ভত প্রকাশ কৰা মতে, এই অগ্রগতিৰ মূল কাৰণ হ’ল ক্ষতিপূৰণমূলক বনানীকৰণ পুঁজি গঠন, সেউজ ভাৰত অভিযান, ৰাষ্ট্রীয় বনানীকৰণ কার্যসূচী আৰু মহাত্মা গান্ধী ৰাষ্ট্রীয় গ্রাম্য নিয়োগ নিশ্চয়তা আঁচনিৰ (সম্প্রতি এই আঁচনিখনৰ নাম ‘বিকশিত ভাৰত–ৰোজগাৰ আৰু আজীৱিকা নিশ্চিতি অভিযান (গ্রামীণ)’ চমুকৈ ভিবি–জিৰামজি ৰখা হৈছে) দৰে একাধিক ধ্বজাবাহী আঁচনিৰ সমন্বয়ত ৰাজ্য চৰকাৰসমূহে গ্রহণ কৰা সেউজীকৰণৰ প্রচেষ্টা৷

আচলতে বাসস্থানৰ ক্ষতি, প্রাকৃতিক সম্পদৰ শোষণ, আক্রমণাত্মক বিদেশী উদ্ভিদৰ প্রজাতি, জলবায়ু পৰিৱর্তন, প্রদূষণ আদিয়ে এনে ভূমিৰ অৱক্ষয়ত অৰিহণা যোগাইছে৷

প্রতিবেদনখনত প্রকাশ কৰা মতে, এইক্ষেত্রত প্রথম স্থানত থকা ৰাজ্য তেলেংগানাই ৩৬ লাখ হেক্টৰতকৈও অধিক ভূমি পুনৰুদ্ধাৰ কৰিছে৷ এই প্রতিবেদনে স্বাভাৱিকতেই আশাৰ বতৰা কঢিয়াই আনিছে৷

আমাৰ দেশত যিটো হাৰত ভূমিৰ অৱক্ষয় আৰু প্রাকৃতিক ক্ষতিসাধন হৈ আছে তালৈ চাই এনেধৰণৰ পদক্ষেপৰ তেনেই জৰুৰী প্রয়োজন হৈ পৰিছে৷ দেশৰ প্রতিখন ৰাজ্যই এনেদৰে হাত উজান দিলে দেশৰ পাৰিপার্শ্বিক অৱস্থা যে অদূৰ ভৱিষ্যতে সন্তুলিত হৈ পৰিব তাৰ আশা কৰিব পাৰি৷

শেহতীয়াকৈ সমগ্র বিশ্বৰ লগতে ভাৰতৰো পাৰিপার্শ্বিকতা বিঘ্ণিত হৈছে৷ প্রাকৃতিক সম্পদত চহকী বুলি খ্যাত আমাৰ উত্তৰ–পূর্বাঞ্চলতো পাৰিপার্শ্বিক স্খলন স্পষ্টকৈ দৃশ্যমান হৈছে৷ কেৱল অসমতে নহয়, উত্তৰ–পূর্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমূহতো আজি ব্যাপক নির্বনানীকৰণ চলিব লাগিছে৷

বহুক্ষেত্রত উন্নয়নৰ স্বার্থত আৰু বহুক্ষেত্রত অবিবেচিত কার্যকলাপৰ ফলত এনেদৰে অঞ্চলটোৰ সেউজ আৱৰণ বিলুপ্ত হ’বলৈ ধৰিছে৷ জনসংখ্যা বৃদ্ধিৰ চাপত পৰিও বহু বনাঞ্চল ধ্বংসৰ মুখত পৰিছে৷ তাৰ জল্জল্–পট্পট্ উদাহৰণ অসম৷

বিশেষকৈ অনুপ্রৱেশৰ ফলত হোৱা জনবিস্ফোৰণে বনাঞ্চলসমূহত চাপ পেলাইছে৷ বহুতো লোকে অসমৰ বনাঞ্চলসমূহ মুকলি কৰি বসতি স্থাপন কৰিবলৈ লোৱাত ৰাজ্যখনৰ বনাঞ্চলৰ পৰিমাণ সংকুচিত হ’বলৈ ধৰিছে৷

তদুপৰি, খনীয়াৰ সমস্যায়ো ৰাজ্যখনৰ বহুতো লোকক উদ্বাস্ত কৰি পেলাইছে৷ ঘৰ–বাৰী হেৰুওৱা এই লোকসকলেও বনাঞ্চলত বসতি স্থাপন কৰিবলৈ লোৱাত সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ এতিয়া ই এক মানৱীয় সমস্যা হৈ পৰিছে৷ কিন্তু বৃহত্তৰ স্বার্থৰ খাতিৰত অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নির্দেশ মর্মে যি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে, সিও বিতর্কৰ সৃষ্টি কৰিছে৷ সেইবাবে নির্বনানীকৰণ ৰোধ কৰিবলৈ উচ্ছেদ অভিযান চলোৱাৰ সমাম্তৰালভাৱে সমস্যাটোৰ আশু সমাধানৰ দিশতো চৰকাৰে মনোযোগ দিব লাগিব৷

কাৰণ, উচ্ছেদ কৰাটোৱেই নির্বনানীকৰণ ৰোধৰ স্থায়ী সমাধান নহয়৷ উচ্ছেদৰ পিছত উচ্ছেদিত ঠাই টুকুৰাত যাতে পুনৰ বেদখল হ’ব নোৱাৰে তাৰ বাবে চৰকাৰে কিছুমান স্থায়ী ব্যৱস্থা গ্রহণ কৰিব লাগিব৷

বনাঞ্চসমূহৰ এলেকা পুনৰ নির্ধৰণ কৰি তাত গছ–গছনি ৰোপণৰ দিহা কৰিব পাৰে৷ তাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে সেই নির্দিষ্ট এলকাৰ লগতে সমগ্র বনাঞ্চলত যাতে পুনৰ বেদখল উচ্ছেদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় অর্থাৎ যাতে আৰু কোনোৱেই তাত বেদখল কৰিব নোৱাৰে তাৰ ওপৰত চোকা নজৰ ৰখা৷

তাৰ বাবে সংশ্লিষ্ট মুৰব্বী–বিষয়াক কঠোৰভাৱে জবাবদিহি কৰাৰ ব্যৱস্থা কৰিব লাগে৷ অৱশ্যে এইক্ষেত্রত নির্দেশ দিয়াৰ কথা ইতিপূর্বে অসমৰ মুখ্যমন্ত্রীয়ে প্রকাশ কৰিছে৷ কামবোৰ দূৰর্শিতাৰে কৰিলে এদিন আমাৰ পৰিৱেশক বহুখিনি পূর্বৰ স্থিতিলৈ আনিবলৈ হয়তো আমি সক্ষম হ’ব পাৰোঁ৷

অৱশ্যে তাৰ বাবে কেৱল চৰকাৰৰ মুখলৈ চাই থাকিলেই নহ’ব, দেশ তথা ৰাজ্যখনৰ প্রতিগৰাকী নাগৰিকে নিজৰ নিজৰ দায়িত্ব বুজি নির্বনানীকৰণ ৰোধৰ চেষ্টা চলাবই লাগিব৷ এইক্ষেত্রত ‘অৰণ্য মানৱ’ যাদৱ পায়েঙৰ এষাৰ কথা প্রণিধানযোগ্য৷ তেওঁ কৈছিল যে অসমত গছপুলি ৰোৱাৰ প্রয়োজন নাই, থকা গছবোৰ নাকাটিলেই ইয়াত নিজে নিজে নতুনকৈ গছ গজি উঠিব৷

You might also like