নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৈক্ষিক ক্ষেত্ৰলৈ তেজপুৰ বিশ্ববিঃৰ ৩ অধ্যাপকে কঢ়িয়ালে আশাৰ বতৰা

শৈক্ষিক ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাসায়নিক বিজ্ঞান বিভাগৰ তিনিগৰাকী বিশিষ্ট অধ্যাপকে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক উৎপল বৰা, অধ্যাপক পংকজ ভৰালী আৰু অধ্যাপক বিপুল চন্দ্ৰ শৰ্মাই—SciRank Global Scientist Index 2025ত বিশ্বৰ শীৰ্ষ ৫% বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰি বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। SciRank Global Scientist Index হৈছে এক সন্মানজনক আন্তঃৰাষ্ট্ৰীয় মূল্যায়ন ব্যৱস্থা, যিয়ে গৱেষকসকলৰ গৱেষণা প্ৰকাশন, উদ্ধৃতি (citation) আৰু সামগ্ৰিক বৈজ্ঞানিক অৱদানৰ ভিত্তিত বিশ্বজুৰি বিজ্ঞানীসকলৰ মূল্যায়ন কৰে।

তথ্য-আধাৰিত আৰু স্বচ্ছ bibliometric পদ্ধতি ব্যৱহাৰ কৰি এই সূচকে বিশ্বৰ লাখ লাখ সক্ৰিয় গৱেষকৰ প্ৰফাইল আৰু গৱেষণা প্ৰকাশন বিশ্লেষণ কৰি বিশ্বব্যাপী সৰ্বাধিক প্ৰভাৱশালী গৱেষকসকলক চিনাক্ত কৰে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ এই তিনিগৰাকী অধ্যাপকৰ এই সাফল্যই ৰাসায়নিক বিজ্ঞান বিভাগত চলি থকা উচ্চমানৰ গৱেষণা, অধ্যৱসায়, উৎকৰ্ষতা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ প্ৰভাৱৰ প্ৰতিফলন ঘটাইছে।

একে সময়তে, এই স্বীকৃতিয়ে বিশ্ব বৈজ্ঞানিক সমাজত তেজপুৰ বিশ্ববিদ্যালয়ৰ ক্ৰমবৰ্ধমান সুনাম আৰু গৱেষণাগত অৱস্থানক অধিক সুদৃঢ় কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ উল্লেখযোগ্য সাফল্যৰ বাবে অধ্যাপক উৎপল বৰা, অধ্যাপক পংকজ ভৰালী আৰু অধ্যাপক বিপুল চন্দ্ৰ শৰ্মাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যৎ গৱেষণা আৰু বৈজ্ঞানিক সাধনাৰ সফলতা কামনা কৰিছে।

বিশেষ বাৰ্তা, তেজপুৰ, ১৯ জুন

You might also like