কামৰূপ মহানগৰ জিলাই হিউমেন পেপিলোমাভাইৰাছ (HPV) টীকাকৰণ কাৰ্যসূচীৰ অধীনত নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে ১০০.৯ শতাংশ সফলতা অৰ্জন কৰিছে। এই উল্লেখযোগ্য সাফল্যৰে কামৰূপ মহানগৰ অসমত প্ৰথম জিলা হিচাপে লক্ষ্যভুক্ত সকলো হিতাধিকাৰীক গৰ্ভাশয়-মুখৰ কৰ্কটৰোগৰ বিৰুদ্ধে টীকাকৰণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।
এই স্বাস্থ্য উদ্যোগটো ৰাজ্যৰ আন অংশৰ সৈতে একেলগে ১৫ মাৰ্চত আৰম্ভ কৰা হৈছিল। ভাৰত চৰকাৰৰ সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচী (UIP)-ৰ অধীনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
জিলাখনৰ সকলো ক’ল্ড চেইন পইণ্ট থকা স্বাস্থ্য প্ৰতিষ্ঠানত টীকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হৈছিল। সংশ্লিষ্ট চিকিৎসা বিষয়াসকলৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এই শিবিৰসমূহ পৰিচালনা কৰা হয়।
এই কাৰ্যসূচীৰ অধীনত ১৪ বছৰ বয়সীয়া কিশোৰীসকলক বিনামূলীয়াকৈ গাৰ্ডাছিল-৪ (Gardasil-4) HPV ভেকচিনৰ একক ড’জ প্ৰদান কৰা হয়। এই একক ড’জেই গৰ্ভাশয়-মুখৰ কৰ্কটৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে।
স্বাস্থ্য বিভাগে জিলাখনত মুঠ ১২,৫৩৯গৰাকী কিশোৰীক টীকাকৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু স্বাস্থ্যকৰ্মীৰ দলসমূহে সফলতাৰে ১২,৬৫৫গৰাকী কিশোৰীক টীকা প্ৰদান কৰে, যাৰ ফলত সামগ্ৰিকভাৱে ১০০.৯ শতাংশ কভাৰেজ সম্ভৱ হয়।
ডিজিটেল ডেস্ক, ২২ জুন