শান্ত–সমাহিত নীলাচলত এতিয়া উখল–মাখল পৰিৱেশ৷ এয়া যে দেৱী কামাখ্যাৰ সময়৷ ভক্ত–দর্শনার্থীৰ সমাগমেৰে কাইলৈৰ পৰা কেইবাদিনো ধৰি শক্তিপীঠ কামাখ্যা হৈ পৰিব দ্বিতীয় বৈকুণ্ঠপুৰী৷
আজি নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি হোৱাৰ লগে লগে বন্ধ হৈ পৰিব কামাখ্যাধামৰ মূল দুৱাৰ৷ লগে লগে আৰম্ভ হ’ব অম্বুবাচী মহাযোগৰ৷ প্রচলিত কিংবদন্তি অনুসৰি প্রত্যেকবাৰেই আহাৰ মাহৰ এই পৱিত্র সময়ছোৱাত দেৱী কামাখ্যা ৰজঃস্বলা হয়৷
হিন্দু সনাতন সংস্কৃতিত দেৱী কামাখ্যাৰ এই সময়ছোৱাৰ যথেষ্ট তাৎপর্য আছে৷ একেদৰে অসমীয়া সমাজত নাৰীৰ গুৰুত্বকো দেৱী কামাখ্যাৰ এই উৎসৱৰ জৰিয়তে প্রতিনিধিত্ব কৰা হয়৷
সনাতনী সংস্কৃতি মতে, দেৱী কামাখ্যাৰ অম্বুবাচীৰ এই সময়ছোৱা তান্ত্রিক বিদ্যা আহৰণৰ এক অন্যতম সময়৷ সেইবাবে অতীজৰে পৰা বহুসংখ্যক সাধু–সন্যাসীয়ে অম্বুবাচীৰ সময়ছোৱাত তান্ত্রিক শক্তি আহৰণৰ অর্থে উপাসনা কৰিবলৈ দেৱী কামাখ্যাৰ চৰণত আশ্রয় লয়৷
দিন যোৱাৰ লগে লগে কামাখ্যাধামত আয়োজিত অম্বুবাচী মহাযোগৰ তাৎপর্যও বৃদ্ধি পাইছে৷ দেশৰ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম হৈছে নীলাচল পাহাৰৰ কামাখ্যাধাম৷ সেয়েহে অম্বুবাচীৰ সময়ছোৱাত দেৱীৰ আশিস ল’বলৈ সাধু–সন্যাসীৰ লগতে দেশৰ বিভিন্ন প্রান্তৰ পৰা নীলাচল পাহাৰত আহি উপস্থিত হৈছে অগণন ভক্ত–দর্শনার্থী৷ বিগত বর্ষত অম্বুবাচীৰ সময়ছোৱাত ৭ লাখৰো অধিক ভক্ত–দর্শনার্থীৰ আগমন ঘটিছিল৷
এইবাৰো ইয়াৰ ব্যতিক্রম নহয়৷ চলিত বর্ষত ভক্ত–দর্শনার্থীৰ পৰিসংখ্যাই ১০ লক্ষাধিকৰ ঘৰ অতিক্রম কৰিব বুলি আশা প্রকাশ কৰিছে দেৱালয় পৰিচালনা সমিতি তথা চৰকাৰে৷ অম্বুবাচী উপলক্ষে দেৱীৰ আশিস লাভ কৰিবলৈ বিভিন্ন প্রান্তৰ পৰা অহা ভক্ত–দর্শনার্থীয়ে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ তথা প্রশাসনে দেৱালয় পৰিচালনা সমিতিৰ সহযোগত ভক্তপ্রাণ ৰাইজৰ বাবে আয়োজন কৰিছে বিশেষ ব্যৱস্থা৷
ভক্ত–দর্শনার্থীৰ বাবে মহানগৰীৰ কেইবাঠাইত আশ্রয় শিবিৰ নির্মাণ কৰাৰ সমান্তৰালভাৱে খাদ্যৰ অভাৱত যাতে কোনো লোকে অনাহাৰে থাকিবলগীয়া নহয়, তাৰ প্রতিও চৰকাৰে নজৰ ৰাখি বিভিন্ন ঠাইত বহু ভাণ্ডাৰাৰ আয়োজন কৰিছে৷ পর্যটন বিভাগৰ পৰা আৰম্ভ কৰি জনস্বাস্থ্য কাৰিকৰী, লোকনির্মাণ, আৰক্ষী–প্রশাসন আদিকে ধৰি সকলো বিভাগ তৎপৰ হৈ পৰিছে অম্বুবাচীলৈ অহা ৰাইজৰ আতিথ্যৰ বাবে৷
ইতিমধ্যে দেৱালয় পৰিচালনা সমিতিয়ে অম্বুবাচী মহাযোগ সুচাৰুৰূপে চলাই নিবলৈ নিজাববীয়াকৈ ১২০গৰাকী স্থায়ী সুৰক্ষা কর্মী, ৫০০ স্কাউট এণ্ড গাইড, ২০০ স্বেচ্ছাসেৱকৰ লগতে অস্থায়ীভাৱে নিয়োগ কৰিছে ২৫০জন সুৰক্ষা কর্মী৷ ভক্তপ্রাণ ৰাইজৰ যাত্রাত যাতে কোনোধৰণৰ হানি–বিঘিনি নহয়, তাৰ বাবে দেৱালয়ৰ চৌপাশে স্থাপন কৰা হৈছে ৫ শতাধিক চিচি টিভি কেমেৰা৷
এইখিনি আয়োজন দেৱালয় পৰিচালনা সমিতিৰ যদিও চৰকাৰ তথা প্রশাসনেও নিজাববীয়াকৈ সকলোধৰণৰ প্রস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে৷ অম্বুবাচীৰ কেইদিনত যান–বাহনৰ চলাচল নিয়ন্ত্রিত কৰি ৰাখিবলৈ আজিৰ পৰা ২৬ জুন পর্যন্ত নামনি কামাখ্যাৰ পৰা দেৱালয় চৌহদলৈকে যান–বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে৷
জৰুৰীকালীন সেৱাৰ বাহনৰ লগতে প্রশাসনৰ অনুমোদিত একাংশ বাহনৰ বাদে আন বাহনৰ নিয়মীয়া চলাচল এইকেইদিন বন্ধ থাকিব৷ তদুপৰি ভক্তক কঢ়িয়াই অনা বাহন তথা আন ব্যক্তিগত বাহনসমূহো নীলাচল উৰণ সেতুৰ পৰা দূৰৈত ৰাখিবলৈ যান–বাহন আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই ৰাইজক আহ্বান জনোৱাৰ লগতে সংশ্লিষ্ট বিভাগকো নির্দেশনা দিছে৷
সকলো দর্শনার্থীয়ে পদব্রজেই নামনি কামাখ্যাৰ পৰা মূল দেৱালয়লৈকে যাব লাগিব৷ অহা ২৬ জুনৰ পুৱা নিবৃত্তি হ’ব আৰু ইয়াৰ লগে লগে সামৰণি পৰিব অম্বুবাচী মহাযোগৰ৷ নিবৃত্তিৰ পাছতে নিত্য পূজাৰ অন্তত দেৱালয়ৰ দ্বাৰ দর্শনার্থীৰ বাবে মুকলি কৰা হ’ব৷
আজি প্রবৃত্তি উপলক্ষে লোকাৰণ্য হৈ পৰিছে কামাখ্যাধাম৷ প্রবৃত্তিৰ পূর্বে দেৱীৰ আশিস গ্রহণ কৰিবলৈ দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা ভক্তপ্রাণ ৰাইজে বতৰৰ প্রতিকূলতাকো নেওচি দেৱীৰ আশিস লাভ কৰিবলৈ দীর্ঘসময় ধৰি লাইনত অপেক্ষা কৰা পৰিলক্ষিত হ’ল৷
নীলাচলবাসিনী দেৱী কামাখ্যাই সকলোৰে জীৱনৰ দুখ–দুর্দশাৰ অন্ত পেলাই এটা সফল জীৱন যাপনৰ বাবে আশিস প্রদান কৰিব৷ দেৱীৰ প্রবৃত্তিৰ প্রাক্মুহূর্তত সকলো ভক্তপ্রাণ ৰাইজৰ এয়াই কামনা৷
ডিজিটেল ডেস্ক, ২২ জুন