নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা

  • বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণৰ ঘটনা।
  • বাঙালীপাৰা প্ৰথম খণ্ড গাঁৱত সংঘটিত হৈছে এই ঘটনা।
  • ভুক্তভোগীগৰাকীৰ নাম গাঁওখনৰ বাসিন্দা আলেকজান বিবিৰ ছোৱালী ৰেশমীনা বেগম।
  • বিগত ২০ দিন ধৰি নিৰুদ্দেশ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি।
  • নয়াহাটৰ বাসিন্দা নুৰ ইছলাম আৰু তেওঁৰ ছোৱালীয়ে ৰেশমীনা বেগমত অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
  • অপহৰণ কৰি বহিঃৰাজ্যত বিক্ৰী অথবা দেহ ব্যৱসায়ত জড়িত কৰাৰ সন্দেহ পৰিয়ালৰ।
  • এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে বিলাসীপাৰা থানাত নুৰ ইছলাম আৰু তেওঁৰ ছোৱালীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো শুং-সূত্ৰ পোৱা নাই।
  • কোনোবা সদাশয় ব্যক্তিয়ে যদি ছোৱালীগৰাকীৰ সম্ভেদ পালে 98643-79303 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ভুক্তভোগী পৰিয়ালৰ লোকে।

ডিজিটেল ডেস্ক, ২২ জুন

You might also like