নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আত্মনির্ভৰ প্রতিৰক্ষা

এখন দেশৰ সার্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ ক্ষেত্রত আটাইতকৈ গুৰুত্বপূর্ণ দিশটো হ’ল প্রতিৰক্ষা৷ সেইবাবেই বিশ্বৰ প্রতিখন দেশেই নিজৰ প্রতিৰক্ষাৰ দিশটো মজবুত কৰি ৰখাৰ ওপৰত যথাসাধ্য গুৰুত্ব দিয়ে৷ বিশ্বৰ শক্তিশালী দেশসমূহৰো শক্তিৰ আধাৰ বহু পৰিমাণে নির্ভৰ কৰে তেওঁলোকৰ প্রতিৰক্ষা ব্যৱস্থাৰ ওপৰত৷

সেইবাবে প্রতিখন দেশেই নিজৰ অস্ত্র ভাণ্ডাৰ মেটমৰা কৰি ৰাখিবলৈ বিচাৰে, যাতে বিপদৰ সময়ত সেইবোৰৰ ব্যৱহাৰেৰে উদ্ধাৰ হ’ব পৰা যায়৷ তাৰ বাবে দেশসমূহে আন আন বিভিন্ন দেশৰ পৰা অত্যাধুনিক অস্ত্র–শস্ত্র ক্রয় কৰিবলৈ বিচাৰে৷

তেনেক্ষেত্রত বিশ্বত এখন মাৰণাস্ত্রৰ ৰমৰমীয়া বেহাও গঢি উঠিছে৷ ব্যৱসায়িক স্বার্থত বিভিন্ন দেশে আন কোনো দেশৰ সৈতে সংঘাতৰ সৃষ্টি কৰি নিজৰ অস্ত্র–শস্ত্রৰ ব্যৱসায় টনকিয়াল কৰিবলৈ উঠি–পৰিলগা দেখিবলৈ পোৱা যায়৷

ফলত সম্প্রতি বিশ্বৰ বিভিন্ন প্রান্তত এখন নহয় এখন যুদ্ধ যেন সদায়ে চলি থাকিবলৈ লৈছে৷ সম্প্রতি বিশ্ব পৰিস্থিতিয়ে উদঙাই দিছে যে শক্তিশালী দেশসমূহে দুর্বল বুলি গণ্য কৰা দেশসমূহৰ ওপৰত প্রভুত্ব বিস্তাৰ কৰিবলৈ লৈছে এই প্রতিৰক্ষা ব্যৱস্থাৰ দুর্বলতাৰ সুযোগ লৈ৷

শেহতীয়াকৈ বিশ্বৰ অন্যতম শক্তিধৰ দেশ আমেৰিকাই অতি সহজতে ভেনিজুৱেলাৰ ওপৰত বৰমতা দেখুৱাব পাৰিছে একমাত্র এইটো কাৰণতে৷ আনহাতে ইৰানৰ প্রতিৰক্ষা শক্তি সন্দর্ভত ভুল প্রাক্কলন কৰাৰ ফলত বাৰে বাৰে মুখ থেকেচা খাবলগীয়া অৱস্থা হৈছে আমেৰিকাৰ৷

এনে পৰিস্থিতিত প্রতিখন দেশেই নিজৰ নিজৰ বছৰেকীয়া বাজেটৰ এক বুজন পৰিমাণৰ ধন প্রতিৰক্ষা শিতানত ব্যয় কৰিবলৈ বাধ্য হৈছে৷ ৰাজকোষৰ বহু ধন অস্ত্র–শস্ত্র ক্রয় কৰাৰ নামত ওলাই গৈছে আৰু উন্নয়নমূলক বা কল্যাণকামী কাম–কাজৰ ক্ষেত্রত ধন ব্যয় হ্রাস কৰিবলৈ বাধ্য হৈছে দেশসমূহ৷ এইক্ষেত্রত ব্যতিক্রম নাছিল ভৰতো৷

সৌ–সিদিনালৈকে অস্ত্র–শস্ত্রৰ ক্ষেত্রত ভাৰত আছিল এখন ক্রেতা দেশ৷ নিজৰ প্রতিৰক্ষাৰ স্বার্থ পূৰণৰ বাবে আনৰ পৰা অস্ত্র–শস্ত্র ক্রয় কৰিহে চলিবলগীয়া হৈছিল৷ এনে পৰিস্থিতিত আন দেশসমূহে সহজে অনুমান কৰিব পাৰিছিল ভাৰতৰ প্রতিৰক্ষা শক্তিৰ কথা৷

কিন্তু শেহতীয়াকৈ চৰকাৰৰ ‘আত্মনির্ভৰ ভাৰত’ গঢাৰ প্রয়াসে ছবিখন ওলোটা কৰি তুলিছে৷ ভাৰত এতিয়া আন আন ক্ষেত্রৰ দৰে প্রতিৰক্ষা ক্ষেত্রতো বহুপৰিমাণে আত্মনির্ভৰ হৈ উঠিছে৷ কেৱল আত্মনির্ভৰ হৈ উঠাই নহয়, এতিয়া ভাৰতে পৃথিৱীৰ বিভিন্ন দেশলৈ অত্যাধুনিক অস্ত্র–শস্ত্র ৰপ্তানি কৰিব পৰাও হৈছে৷

দেশৰ বার্ষিক প্রতিৰক্ষা খণ্ডৰ উৎপাদনে সর্বকালৰ অভিলেখ ভংগ কৰিছে৷ অলপতে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে প্রকাশ কৰা মতে ২০২৫–২৬ বিত্তীয় বর্ষত ভাৰতে ১.৭৮ লাখ কোটি টকাৰ প্রতিৰক্ষা সামগ্রী দেশীয়ভাৱে উৎপাদন কৰিছে৷

আনহাতে চলিত বিত্তীয় বর্ষত (২০২৬–২৭) দেশৰ বাজেটৰ প্রতিৰক্ষা শিতানত অভিলেখ পৰিমাণৰ ৭.৮৫ লাখ কোটি টকালৈ ধনৰ আবণ্টন বৃদ্ধি কৰিছে৷ পূর্বৱত্ বিত্তীয় বর্ষৰ আবণ্টন ৬.৮১ লাখ কোটি টকাতকৈ ই ১৫.৩ শতাংশ অধিক৷ প্রতিৰক্ষা খণ্ডৰ উৎপাদনৰ ক্ষেত্রত মূলতঃ প্রতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগ (ডিপিএছইউ) আৰু অন্যান্য ৰাজহুৱা খণ্ডৰ উদ্যোগ (পিএছইউ)সমূহে প্রায় ৭৬ শতাংশ অৰিহণা যোগাইছে৷

এই পৰিসংখ্যাই পূর্বৰ বছৰৰ ১.৫৪ লাখ কোটি টকাৰ উৎপাদনতকৈ ১৫.৬ শতাংশ বৃদ্ধিক প্রতিফলন কৰে৷ ২০২০–২১ বিত্তীয় বর্ষৰ পিছত দেশৰ প্রতিৰক্ষা উৎপাদন ১১০ শতাংশ বৃদ্ধি পাইছে৷ আনহাতে ২০২৫–২৬ বিত্তীয় বর্ষত ভাৰতৰ প্রতিৰক্ষা উৎপাদনত ব্যক্তিগত খণ্ডৰ উদ্যোগে ৪২ হাজৰ কোটি টকা লাভ কৰে৷

অর্থাৎ এই খণ্ডতো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সংমিশ্রণৰ লগতে ক্ষুদ্র আৰু মজলীয়া উদ্যোগ তথা ষ্টার্ট–আপসমূহেও বিশেষ ভূমিকা লোৱা বুলি প্রকাশ কৰিছে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ ফলত আজিৰ ভাৰত প্রতিৰক্ষাৰ ক্ষেত্রতো আত্মনির্ভৰ হৈ উঠিছে।

পৰিসংখ্যা মতে যোৱা এটা দশকত দেশীয় প্রযুক্তিৰে নির্মিত অস্ত্র–শস্ত্রৰ উৎপাদন প্রায় চাৰি গুণ বৃদ্ধি পাইছে৷ যোৱা ২০১৩–১৪ বিত্তীয় বর্ষত ভাৰতৰ প্রতিৰক্ষা উৎপাদন আছিল মাত্র ৪৩,৭৪৬ কোটি টকা৷ তাৰ বিপৰীতে বর্তমান ১.৭৮ লাখ কোটি টকাৰ উৎপাদন হোৱাটো এক ঐতিহাসিক আৰু যুগান্তকাৰী সফলতা হিচাপে বিবেচিত হৈছে৷

চাৰিওফালে শত্রু ৰাষ্ট্রই শেনচকু দি থকা ভাৰতৰ বাবে এয়া নিতান্তই প্রয়োজনীয় আছিল৷ কেৱল সিমানেই নহয়, ভাৰতত নির্মিত অত্যাধুনিক সমৰাস্ত্র ক্রয় কৰিবলৈ এতিয়া পৃথিৱীৰ বিভিন্ন দেশে আগ্রহ প্রকাশ কৰিছে৷ ইতিমধ্যে এই সন্দর্ভত কেইবাখনো দেশৰ সৈতে প্রতিৰক্ষা চুক্তিও সম্পাদিত হৈছে৷

উদাহৰণস্বৰূপে ভাৰতৰ ব্রাহ্মোছ ক্ষেপণাস্ত্রৰ চাহিদা এতিয়া বিশ্বৰ বিভিন্ন দেশত বৃদ্ধি পাইছে৷ এতিয়া ভাৰত প্রতিৰক্ষা সামগ্রী বা অস্ত্র–শস্ত্র ৰপ্তানিৰ ক্ষেত্রতো এখন আগশাৰীৰ দেশ হিচাপে মূৰ দাঙি উঠিবলৈ সক্ষম হৈছে৷ কেৱল কূটনৈতিক দিশতেই নহয়, প্রতিৰক্ষাৰ ক্ষেত্রতা ভাৰতৰ এই উত্থান নিশ্চয়কৈ আশাপ্রদ৷

অৱশ্যে ভাৰতে এই নীতিও ইতিপূর্বেই দাঙি ধৰিছে যে ভাৰতে কেতিয়াও নিজে প্রথমতে কাৰো লগত যুদ্ধ নকৰে, কিন্তু নিজৰ প্রতিৰক্ষাৰ ক্ষেত্রত কোনো কাৰণতেই আপোচো নকৰে৷ ভাৰতৰ এই আত্মবিশ্বাস আৰু দৃঢ়তাই এক নতুন দিগন্তৰ সূচনা কৰিছে৷

You might also like