২০২৬ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে, ইশা ফাউণ্ডেচনে কইম্বাটুৰৰ আদিযোগী প্ৰাংগণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-ৰ বাবে আৰু বেংগালুৰুৰ সদ্গুৰু সান্নিধিত এন.চি.চি (NCC) কেডেট আৰু সীমান্ত সুৰক্ষা বাহিনী (BSF)-ৰ বাবে যোগ শিবিৰ অনুষ্ঠিত কৰে।
ইয়াৰ উপৰি সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ১,০০০টা বিনামূলীয়া যোগ আৰু ধ্যান শিবিৰৰ আয়োজন কৰা হয়, যিয়ে কৰ্পোৰেট, শিক্ষানুষ্ঠান, চিকিৎসা প্ৰতিষ্ঠান, চৰকাৰী সংস্থা, প্ৰতিৰক্ষা সংগঠন আৰু সামাজিক প্ৰেক্ষাপটৰ প্ৰায় ৫০,০০০ অংশগ্ৰহণকাৰীক সামৰি লয়।
দ্বাদশ আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে ইশা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সদ্গুৰুৱে কয়, “আপোনালোকে জনাৰ দৰে বাৰ বছৰ হৈছে প্ৰায় এটা সৌৰ চক্ৰ (solar cycle)। গতিকে আমি এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এটা চক্ৰ সম্পূৰ্ণ কৰিলোঁ। এতিয়া ইয়াক আৰু এখোপ ওপৰলৈ লৈ যোৱাৰ সময় আহি পৰিছে, যাতে এই পৃথিৱীৰ কোনো এজন ব্যক্তিও নিজক সুস্থ কৰি ৰখাৰ উপায়সমূহৰ পৰা বঞ্চিত হৈ নৰয় ।”
যোগৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি সদ্গুৰুৱে কয়, “যিটোক আমি যোগ বুলি কওঁ, সেয়া কোনো দৰ্শন নহয়, কোনো মতাদৰ্শ নহয়, কোনো বিশ্বাসৰ পদ্ধতি নহয়, কোনো ধৰ্মও নহয়, আৰু নিশ্চিতভাৱে বহু লোকে বুজি পোৱাৰ দৰে ই কেৱল শৰীৰটোক পকাই-ঘূৰাই কৰা কোনো ব্যায়ামো নহয়।” তেওঁ যোগক এক সোঁৱৰণি বুলি অভিহিত কৰি কয় যে “যিদৰে বাহ্যিক কল্যাণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি আছে, ঠিক তেনেদৰে আন্তৰিক কল্যাণৰ বাবেও এটা সম্পূৰ্ণ বিজ্ঞান আৰু প্ৰযুক্তি আছে।”
তেওঁ গুৰুত্ব আৰোপ কৰে যে মানৱজাতিয়ে সন্মুখীন হোৱা বহু প্ৰত্যাহ্বানৰ মূল কাৰণ হৈছে মানৱীয় অভিজ্ঞতাৰ মৌলিক ভেটিটো বুজি নোপোৱাটো। “মানৱীয় অভিজ্ঞতা আমাৰ ভিতৰৰ পৰা আহে। যদি আমি মানৱীয় অভিজ্ঞতাক ইয়াৰ পূৰ্ণ সম্ভাৱনীয়তালৈ লৈ যাব বিচাৰোঁ, তেন্তে ‘অন্তৰ্মুখী’ হোৱাটোৱেই হৈছে একমাত্ৰ পথ। এইটো হোৱাটো প্ৰয়োজন। এইটোৱেই হৈছে যোগৰ মূল লক্ষ্য।”
এই উপলক্ষ্যে ইশা ফাউণ্ডেচনে সমগ্ৰ ভাৰততে প্ৰায় ১,০০০টা বিনামূলীয়া যোগ আৰু ধ্যান শিবিৰ অনুষ্ঠিত কৰি কৰ্পোৰেট, শিক্ষানুষ্ঠান, চিকিৎসা প্ৰতিষ্ঠান, চৰকাৰী সংস্থা, প্ৰতিৰক্ষা সংগঠন আৰু সামাজিক প্ৰেক্ষাপটৰ প্ৰায় ৫০,০০০ অংশগ্ৰহণকাৰীক স্পৰ্শ কৰিছে। অংশগ্ৰহণকাৰীসকলক শাৰীৰিক স্বাস্থ্য, মানসিক সুস্থতা আৰু সামগ্ৰিক জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা সৰল যোগাভ্যাস আৰু ধ্যানৰ আহিলাসমূহৰ সৈতে পৰিচিত কৰোৱা হয়।
কইম্বাটুৰৰ ঈশা যোগ কেন্দ্ৰত ৭০০তকৈও অধিক লোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উদযাপনত অংশগ্ৰহণ কৰে, যাৰ ভিতৰত ‘য়ং ইণ্ডিয়ানছ কইম্বাটুৰ চেপ্টাৰ’ৰ ৫০০জন শিক্ষাৰ্থী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (CRPF) ২০০জন জোৱান অন্তৰ্ভুক্ত আছিল। আনহাতে, বেংগালুৰুৰ সদ্গুৰু সান্নিধিত আদিযোগীৰ উপস্থিতিত আয়োজিত যোগ আৰু ধ্যান শিবিৰত এন.চি.চি কেডেট, সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান, শিক্ষাৰ্থী, গাঁৱৰ ৰাইজ, স্বেচ্ছাসেৱক আৰু সাধাৰণ ৰাইজকে ধৰি ৩,০০০ তকৈও অধিক অংশগ্ৰহণকাৰী একত্ৰিত হয়।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই ক্ষণত, সদ্গুৰুৰ বিনামূলীয়া নিৰ্দেশিত ধ্যান এপ ‘মিৰাকল অফ মাইণ্ড’ (Miracle of Mind)-ত ছয়টা নতুন ভাষা— গুজৰাটী, কানাড়া, মালয়ালম, বাংলা, ইটালীয় আৰু নেপালী অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত বিশ্বজুৰি বিভিন্ন ভাষিক সম্প্ৰদায়ৰ লোকৰ বাবে এই সাত মিনিটৰ ধ্যান অভ্যাসৰ সুবিধা প্ৰসাৰিত হৈছে। এই এপটো বৰ্তমান ১২ টা ভাষাত উপলব্ধ আৰু ইয়াক isha.sadhguru.org/in/en/miracle-of-mind লিংকৰ জৰিয়তে ব্যৱহাৰ কৰিব পৰা যাব।
ডিজিটেল ডেস্ক, ২৩ জুন