আজি ২৪ জুন, আহাৰ মাহৰ ৯ তাৰিখ
বুধবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : চিত্রা, যাত্রা : মধ্যম
মেষ : আজি কর্মক্ষেত্রত শুভ৷ শাৰীৰিকভাৱে দুর্বলতাই দেখা দিব৷ দিনটো সুকলমে পাৰ হ’ব৷ বিবাহিত সম্পর্ক কাজিয়াৰ সৃষ্টি৷ প্রেমত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
বৃষ : আজি কর্মস্থানত সুনামৰ যোগ৷ আদালতৰ ফলাফলত জয়ী হোৱাৰ সম্ভাৱনা৷ অকলশৰীয়া মনোভাব বৃদ্ধি হ’ব৷ পিতৃ–মাতৃয়ে সন্তানৰ পৰা মানসিক চাপত ভুগিব৷ আর্থিক ক্ষেত্রত শুভ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷
মিথুন : আজি কর্মক্ষেত্রত উন্নতিৰ যোগ কিন্তু কিছুমান বাধা দেখা দিব পাৰে৷ মানসিক চিন্তাৰ পৰা দূৰত থাকি ধৈর্য বজাই ৰখাৰ চেষ্টা কৰক৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
কর্কট : আজি কর্মস্থানত অশান্তিৰ সৃষ্টি হ’ব পাৰে৷ আর্থিক ক্ষেত্রত মধ্যমভাৱে পাৰ হ’ব৷ মানসিক চিন্তাই দিনটোৰ শেষৰ ভাগত দেখা দিব পাৰে৷ জুইৰ পৰা দূৰত্ব বজাই ৰখা দৰকাৰ৷ প্রেমত অশান্তি বৃদ্ধি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷
সিংহ : আজি কর্মক্ষেত্রত যথেষ্ট সন্মান বৃদ্ধিৰ যোগ৷ ভাতৃৰ লগত বিবাদৰ সংঘাতৰ সৃষ্টি হ’ব পাৰে৷ শৰীৰৰ প্রতি যত্ন লোৱাটো জৰুৰী৷ প্রেমত মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
কন্যা : আজি সংসাৰত বাধাৰ লগতে নতুন সমস্যাই দেখা দিব পাৰে৷ দৈনন্দিন কর্মত দিনটো মধ্যম৷ কোনোবা ফালৰ পৰা হঠাৎ অর্থ লাভৰ যোগ দেখিবলৈ পোৱা যায়৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷
তুলা : আজি দিনটোৰ ভাগত ভাগ্যই সহায় কৰিব৷ চাকৰিৰ ক্ষেত্রত সুনাম অর্জন৷ আকস্মিক দুর্ঘটনাৰ আশংকা আছে৷ অচিনাকি মানুহৰ পৰা দূৰত থাকক৷ প্রেমত আনন্দ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷
বৃশ্চিকঃ আজি দৈনন্দিন কর্মত চিন্তাৰ সৃষ্টি হ’ব৷ শৰীৰৰ অৱনতি ঘটিব৷ সাংসাৰিক জীৱনত নতুন সমস্যাই দেখা দিব৷ পিতৃ–মাতৃৰ চিন্তা বৃদ্ধি পাব৷ প্রেমত মধ্যম যোগ৷ শুভ ৰং ধূসৰ৷ শুভ সংখ্যা ৯৷
ধনু : আজি কর্ম কৰাৰ পাছতো সফলতাৰ যোগ নাই৷ ব্যৱসায়ৰ ক্ষেত্রত নতুন চিন্তাই দেখা দিব পাৰে৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ প্রেমত বাধা৷ শৰীৰৰ যত্ন লোৱাটো দৰকাৰ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৩৷
মকৰ : আজি কর্মক্ষেত্রত সাফল্যৰ যোগ৷ মানসিক চিন্তাই দেখা দিব৷ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখিব লাগিব৷ দিনটো মধ্যমভাৱে পাৰ হ’ব৷ প্রেমত শুভ৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৮৷
কুম্ভ : আজি কর্মক্ষেত্রত নতুন বাধাই দেখা দিব পাৰে৷ অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰখা দৰকাৰ৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ ব্যৱসায়–বাণিজ্যত মধ্যম৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৩৷
মীন : আজি দৈনন্দিন জীৱনত সফলতাৰ যোগ৷ দিনটোৰ ভাগত ধৈর্য বজাই ৰখাটো দৰকাৰ৷ মিছা বদনামৰ পৰা দূৰত্ব বজাই ৰাখিব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৯৷