নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনুষ্ঠানিকভাৱে বাতিল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ প্ৰস্তাৱিত অসম ভ্ৰমণ আনুষ্ঠানিকভাৱে বাতিল কৰা হৈছে। অহা ১ জুলাইত অনুষ্ঠিত হ’বলগীয়া এই উচ্চ পৰ্যায়ৰ ভ্ৰমণক লৈ ৰাজ্যজুৰি ব্যাপক আশা-আকাংক্ষা সৃষ্টি হৈছিল যদিও শেষ মুহূৰ্তত জাপান চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কেইবাটাও শীৰ্ষস্থানীয় জাপানী কোম্পানীৰ প্ৰতিনিধিও অসমলৈ আহিবলগীয়া আছিল। এই ভ্ৰমণৰ জৰিয়তে ৰাজ্যখনত জাপানী বিনিয়োগ আৰু বাণিজ্যিক সহযোগিতাৰ নতুন দিগন্ত মুকলি হোৱাৰ আশা কৰা হৈছিল।

উল্লেখযোগ্যভাৱে, ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী আন্দোলনৰ বাবে তদানীন্তন জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ অসম ভ্ৰমণো বাতিল হৈছিল। সাত বছৰৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে কোনো জাপানী প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হ’ল।

ডিজিটেল ডেস্ক, ২৩ জুন

You might also like