নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰোডত শোকাৱহ ঘটনা, ৰেলৰ খুন্দাত প্ৰাণ গ’ল দুই বন্ধুৰ

এক শোকাৱহ ঘটনাই স্তব্ধ কৰি তুলিছে বৰপেটাৰোড চহৰ। নিশা ৰেলৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে দুই কিশোৰ বন্ধুৱে। নিহত দুয়োজন হৈছে বৰপেটাৰোড চহৰৰ আজাদ নগৰৰ বাসিন্দা জাহাংগীৰ আলম (১৬) আৰু মোস্তাফা খান (১৭)।

জানিব পৰা মতে, জাহাংগীৰ আলম বি এইচ কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল আৰু মোস্তাফা খান দ্ৰোণাচাৰ্য একাডেমীৰ উচ্চতৰ মাধ্যমিক বৰ্ষৰ ছাত্ৰ আছিল। স্থানীয় লোকৰ মতে, দুয়োৰে লক্ষ্য আছিল ভাৰতীয় সেনাবাহিনীত যোগদান কৰা। সেই উদ্দেশ্যে প্ৰতিদিনে পুৱা আৰু গধূলি দৌৰা আৰু শাৰীৰিক অনুশীলন কৰি আহিছিল দুই বন্ধুৱে।

মঙলবাৰে গধূলিও অনুশীলনৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত নিশালৈকে ঘৰলৈ উভতি নাহে দুয়ো। উদ্বিগ্ন পৰিয়ালৰ সদস্য আৰু স্থানীয় লোকে ব্যাপক বিচাৰ-খোঁচাৰ আৰম্ভ কৰে। অৱশেষত নিশা প্ৰায় ১১ বজাত বৰপেটাৰোড ৰেল লাইনৰ ওপৰত দুয়ো কিশোৰৰ মৃতদেহ উদ্ধাৰ হয়।

স্থানীয় সূত্ৰৰ মতে, মৃতদেহ দুটাৰ ওপৰেৰে পৰৱৰ্তী সময়ত কেইবাখনো ৰেল পাৰ হৈ যোৱাৰ ফলত কোনখন ৰেলৰ খুন্দাত এই দুৰ্ঘটনা সংঘটিত হৈছিল, সেয়া নিশ্চিতভাৱে নিৰ্ধাৰণ কৰাটো কঠিন হৈ পৰিছে।

খবৰ পোৱাৰ পিছতে বৰপেটাৰোড আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ সপোন দেখা দুই কিশোৰ বন্ধুৰ এনে আকস্মিক মৃত্যুত সমগ্ৰ বৰপেটাৰোড অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

ডিজিটেল ডেস্ক, ২৪ জুন

You might also like