নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনি-নামনিত আহাৰমহীয়া বানৰ তাণ্ডৱ, ঠায়ে ঠায়ে ছিঙিল মথাউৰি

এজাক বৰষুণতে বৰপেটাৰ মন্দিয়া বজাৰত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। বজাৰখনত পৰ্যাপ্ত নলা অভাৱত জমা হয় পানী। ফলত থলুৱা ব্যৱসায়ী, শিক্ষাৰ্থী আৰু পথচাৰীয়ে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বজাৰখনৰ মাজ মজিয়াত একাঠু পৰ্যন্ত পানী জমা হৈ থকাৰ বাবে ৰাইজ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰী সম্প্ৰতি খোজ কাঢ়িও যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে কৃত্ৰিম বানৰ ফলত ইতিমধ্যে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। সেয়ে এতিয়া বজাৰখনৰ কাষতে বৈ যোৱা ভেলেঙী নদীৰ সৈতে সংযোগ হোৱাকৈ বৈজ্ঞানিক পদ্ধতিৰে নলাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা স্থানীয় বিধায়কক অনুৰোধ কৰিছে পথচাৰীয়ে।

বজালীৰ বনগাঁৱত ছিঙিল কালদিয়া নৈৰ মথাউৰিl বজালীৰ বনগাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত প্লাৱিত হৈছেl বনগাঁৱৰ গোস্বামী চুবুৰিৰ কালদিয়া নৈৰ মথাউৰি ছিঙি স্থানীয় ৰাইজ তথা কৃষকলৈ আহিছে সমস্যাl কেইবাশ কৃষকৰ কঠীয়া নষ্ট হোৱাৰ আশংকা। পথৰ ওপৰেৰে বাগৰিছে পানী।

আহাৰ মহীয়া বানত পথ যোগাযোগ বিচ্ছিন্ন। টুলুঙা নাৱেৰে একমাত্ৰ যাতায়াতৰ ব্যৱস্থা। পথৰ ওপৰত এডিঙি, একঁকাল পানী। পথটো নিম্নমানৰ লগতে চাপৰকৈ নিৰ্মাণ কৰাত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। জীয়াধল, কুমটীয়া, ন-নদীৰ বানত বিধ্বস্ত বাট পথ। বৰদৈবাম তিনিআলিৰ ২২নং ঢকুৱাখনা ৰাজ্যিক ঘাইপথৰ পৰা গৰৈমাৰী, কমাচলা হৈ গোগামুখলৈ যোৱা উপ পথটো অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা ফলত ছিয়াল ফাট মেলাত ক্ষোভ ৰাইজৰ।পথটোত কালভাৰ্ট নিৰ্মাণৰ বাবে প্ৰায় ১ কোটি টকা আৱণ্টন দিছিল যদিও ধেমাজিৰ লোকনিৰ্মাণ বিভাগৰ অভিযন্তা সৈতে গোপন বুজাবুজিৰে ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা অভিযোগ। পথটো আজিপৰ্যন্ত সম্পন্ন নোহোৱাত ৰাইজে এতিয়া যম যান্তনা ভুগিবলগীয়া হৈছে।

মানকাচৰ সমষ্টিৰ বৰবালু গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই সৃষ্টি কৰিছে আতংকময় পৰিস্থিতি। যোৱা প্ৰায় ১৫ দিন ধৰি অব্যাহত থকা গৰাখহনীয়াত ইতিমধ্যে শতাধিক পৰিয়ালৰ মাটিভেঁটি নদীগৰ্ভত বিলীন হৈছে। ঘৰ দুৱাৰ নদীৰ বুকুত জাহ যোৱাত মুক্ত আকাশৰ তলতে দিন কটাইছে বহু ভুক্তভোগী পৰিয়ালে নিৰাপদ স্থান বিচাৰি বৰ্তমান হাহাকাৰ পৰিস্থিতি বৰবালু গাঁৱৰ ৰাইজৰ ৷ বিশেষকৈ অঞ্চলটোৰ একমাত্ৰ শিক্ষা প্ৰতিষ্ঠান ২০৩৭ বৰবালু এল.পি. স্কুলখন গৰাখহনীয়াৰ চৰম ভাবুকিৰ সন্মুখীন হৈছে। বিদ্যালয়খনৰ পৰা মাত্ৰ প্ৰায় ৫ মিটাৰ দূৰত গৰাখহনীয়া অব্যাহত থকাত শতাধিক ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱন অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে। ইয়াৰ উপৰি হাজিৰহাট-খোপাতী সংযোগী একমাত্ৰ গুৰুত্বপূৰ্ণ পথটোও গৰাখহনীয়াৰ কৱলত পৰাৰ উপক্ৰম হৈছে। পথটো নদীগৰ্ভত বিলীন হলে সমগ্ৰ অঞ্চলটোৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ আশংকা বৃদ্ধি পাইছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে জিলা প্ৰশাসনে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিলেও এতিয়ালৈকে কোনো স্থায়ী সমাধান উলিয়াবলৈ সক্ষম হোৱা নাই। ফলত ঘৰ-বাৰী, কৃষিভূমি আৰু শিক্ষা প্ৰতিষ্ঠান হেৰুৱাৰ ভয়ত অঞ্চলজুৰি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। অনতিপলমে স্থায়ী গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণৰ জীৱন, সম্পত্তি আৰু শিক্ষা প্ৰতিষ্ঠান সুৰক্ষিত কৰাৰ দাবী জনাইছে স্থানীয় ৷ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰলৈ কাতৰ অনুৰোধ জনায়।

নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত মৰাপাগলাদিয়া নৈৰ তাণ্ডৱ অব্যাহত। বছৰৰ প্ৰথমটো বানত টিহু বিধানসভা সমষ্টিৰ সন্ধেলী-মাক্ৰাপাৰ, হাৰিভাংগাৰ একাংশ ঠাই প্ৰভাৱিত হোৱাৰ লগতে সময় বাগৰাৰ লগে লগে নিকটৱৰ্তী অঞ্চল সমুহতো বানৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। মৰাপাগলাদিয়া নৈৰ উন্মুক্ত মথাউৰিৰে বাঢ়নী পানী সোমাই ঠাইখনৰ একাধিক পথৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে পথাৰৰ শালিধানৰ কঠীয়াৰ ব্যপক অনিষ্ট সাধন কৰে। যাৰ ফলত অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু শালিধানৰ কঠিয়া পানীত বুৰ যোৱাত কৃষক সকলে মূৰে কপালে হাত দিছে।

ডিজিটেল ডেস্ক, ২৪ জুন

You might also like