নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা… যোৰহাটত ‘বিহাৰী’ৰ অতপালি

যোৰহাটত এগৰাকী যুৱতীক শ্লীলতাহানিৰ চেষ্টা কৰাৰ অভিযোগত ৰাকেশ কুমাৰ শ্বাহ নামৰ এজন যুৱকক আৰক্ষীৰ হাতত গতাই দিয়ে স্থানীয় লোকে। ঘটনাটো সংঘটিত হৈছে যোৰহাটৰ ৰজামৈদাম অঞ্চলত।

অভিযোগ অনুসৰি, ৰজামৈদামৰ বাসিন্দা দাস উপাধিৰ যুৱতীৰ পৰিয়ালৰ পৰা চাৰি বছৰ পূৰ্বে ৰাকেশ কুমাৰ শ্বাহে প্ৰায় ডেৰ লাখ টকা ধাৰ লৈছিল। পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ পিতৃ প্ৰয়াত হোৱাৰ পিছত টকা ঘূৰাই দিয়াৰ ক্ষেত্ৰত অভিযুক্তজনে হেহোনেহো কৰাৰ লগতে পৰিয়ালটোক ভাবুকিও প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

মঙলবাৰে যোৰহাট ষ্টেডিয়ামৰ সন্মুখত যুৱতীগৰাকীয়ে ৰাকেশ কুমাৰ শ্বাহক লগ পাই ধাৰলৈ দিয়া টকাৰ কথা উত্থাপন কৰাত প্ৰথমে দুয়োৰে মাজত তৰ্কাতৰ্কি হয়। অভিযোগ অনুসৰি, ইয়াৰ পিছতে অভিযুক্তজনে যুৱতীগৰাকীক অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে শ্লীলতাহানিৰ চেষ্টা কৰে আৰু গাত স্পৰ্শ কৰে।

ইয়াৰ পিছতে ক্ষুব্ধ যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যই অভিযুক্তজনক আটক কৰি যোৰহাট সদৰ আৰক্ষীৰ হাতত গতাই দিয়ে। ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত এখন এজাহাৰো দাখিল কৰিছে।

ডিজিটেল ডেস্ক, ২৪ জুন

You might also like