নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ ৰেংকিঙত ভাৰতীয় বেটাৰৰ আধিপত্য

আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন টি-২০ মেচৰ শৃংখলা খেলিবলৈ ভাৰতীয় দল ইতিমধ্যে বেলফাষ্টলৈ ৰাওনা হৈছে। ২৬ জুন আৰু ২৮ জুনত অনুষ্ঠিত হ’বলগীয়া এই দুয়োখন মেচৰ পূৰ্বে টি-২০ ৰেংকিঙত ভাৰতীয় বেটাৰসকলৰ দপদপনি স্পষ্ট হৈ পৰিছে।

বৰ্তমান টি-২০ ফৰ্মেটৰ বিশ্ব চেম্পিয়ন ভাৰত আইচিচি দলীয় ৰেংকিঙৰ শীৰ্ষস্থানত আছে। আনহাতে, বেটাৰৰ ৰেংকিঙতো ভাৰতীয় খেলুৱৈসকলৰ আধিপত্য অব্যাহত আছে। বিশ্বৰ শীৰ্ষ সাতগৰাকী টি-২০ বেটাৰৰ তালিকাত চাৰিজনেই ভাৰতীয়।

টি-২০ ৰেংকিঙত ভাৰতৰ উদীয়মান তাৰকা অভিষেক শর্মাই এক নম্বৰ স্থান দখল কৰি আছে। শেহতীয়া টি-২০ বিশ্বকাপত উজ্জ্বল প্ৰদৰ্শন কৰা ঈশান কিষাণ দ্বিতীয় স্থানত আছে। প্ৰথম আৰু দ্বিতীয় স্থানত থকা অভিষেক আৰু ঈশানৰ মাজত মাত্ৰ ৪ ৰেটিং পইণ্টৰ পাৰ্থক্য আছে। তৃতীয় স্থানত আছে পাকিস্তানৰ ছাহিবজাদা ফাৰহান।

শেহতীয়াকৈ সমাপ্ত ত্ৰিদেশীয় শৃংখলাত ইণ্ডিয়া ‘এ’ দলৰ অধিনায়কত্ব কৰা তিলক বৰ্মা বৰ্তমান ষষ্ঠ স্থানত আছে। আনহাতে, সূৰ্যকুমাৰ যাদৱ সপ্তম স্থানত আছে। অধিনায়কত্ব হেৰুৱাৰ লগতে দলৰ পৰা বাদ পৰিলেও সূৰ্যকুমাৰে শীৰ্ষ সাতত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।

এই চাৰিজন খেলুৱৈৰ বাহিৰে আন কোনো ভাৰতীয় বেটাৰে শীৰ্ষ ২০ত স্থান লাভ কৰা নাই। বিশ্বকাপত উল্লেখযোগ্য প্ৰদৰ্শন কৰা সঞ্জু ছেমছন বৰ্তমান ২১ নম্বৰ আৰু শিৱম ডুবে ২৭ নম্বৰ স্থানত আছে।

টি-২০ বলাৰৰ ৰেংকিঙতো ভাৰতীয় খেলুৱৈসকলৰ উপস্থিতি উল্লেখযোগ্য। স্পীনাৰ বৰুণ চক্ৰৱৰ্তী দ্বিতীয় স্থানত থকাৰ বিপৰীতে তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ ষষ্ঠ স্থানত আছে।

ডিজিটেল ডেস্ক, ২৪ জুন

You might also like