নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা, ডুবিল সামগ্ৰীভৰ্তি ভুটভুটী

বৰপেটা জিলাৰ নগৰবেৰা সমীপৰ মৈৰাদিয়া ঘাটত আজি এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। সামগ্ৰীভৰ্তি এখন বৃহৎ ভুটভুটী ব্ৰহ্মপুত্ৰত ডুব যোৱাত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, মৈৰাদিয়া ঘাটৰ পৰা কাছুমাৰা বজাৰ ঘাটলৈ গৈ থকা অৱস্থাত নাওখন দুৰ্ঘটনাৰ সন্মুখীন হয়। নাওখনত থকা কেইবাজন নাৱৰীয়াই তৎক্ষণাত নদীত জঁপিয়াই সাঁতুৰি পাৰলৈ আহি কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়।

দুৰ্ঘটনাগ্ৰস্ত নাওখনত স্থানীয় কেইবাজন ব্যৱসায়ীৰ প্ৰায় ২০০ বস্তা মাকৈ আৰু ধান কঢ়িয়াই নিয়াৰ কথা জানিব পৰা গৈছে। নাওখন ভাঙি ব্ৰহ্মপুত্ৰত ডুব যোৱাৰ ফলত বিপুল পৰিমাণৰ সামগ্ৰীৰ ক্ষতি হোৱা বুলি আশংকা কৰা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় ৰাইজ ঘটনাস্থলীত সমবেত হয়। এই ভয়ংকৰ নাও দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

ডিজিটেল ডেস্ক, ২৫ জুন

You might also like