নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰিষা : আজিৰে পৰা বন্ধ ঘোষণা মানাহ ৰাষ্ট্ৰীয় উদ্যান

​বাৰিষাৰ আগমনৰ লগে লগে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু তেওঁলোকৰ প্ৰয়োজনীয় জিৰণিৰ কথা বিবেচনা কৰি আজিৰে পৰা অহা ৩-৪ মাহৰ বাবে পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান।

এই সন্দৰ্ভত মানাহৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল তালুকদাৰে প্ৰকাশ কৰে যে প্ৰকৃতিৰ স্বাভাৱিক নিয়ম আৰু বন্যপ্ৰাণীৰ প্ৰজনন তথা জিৰণিৰ সময়ছোৱাত কোনো ধৰণৰ ব্যাঘাত নজন্মাবলৈ বন বিভাগে প্ৰতিবছৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰণ কৰিছে।

​পৰ্যটকৰ বাবে উদ্যানখনৰ মূল অংশ বন্ধ থকাৰ বিপৰীতে এক সু-খবৰো প্ৰদান কৰিছে ৰেঞ্জাৰগৰাকীয়ে। তেওঁ জনোৱা মতে, উদ্যানখনৰ দক্ষিণ দিশৰ ‘বাউণ্ডাৰী ৰোড’ (Southern Boundary Road) পৰ্যটকৰ বাবে এই সময়ছোৱাতো মুকলি থাকিব।

বিগত সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ সংখ্যা আশাব্যঞ্জকভাৱে বৃদ্ধি পোৱাৰ লগতে দুষ্প্ৰাপ্য ‘ব্লেক পেন্থাৰ’ৰ উপস্থিতি প্ৰায়ে পৰিলক্ষিত হৈছে। যিহেতু ২০২৫ চনৰ অক্টোবৰ মাহত উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল, সেয়েহে বাউণ্ডাৰী ৰোডৰ জৰিয়তে পৰ্যটকসকলে মানাহৰ প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ এই সমৃদ্ধ পৰিৱেশ উপভোগ কৰিব পাৰিব বুলি ৰেঞ্জাৰ প্ৰাঞ্জল তালুকদাৰে জানিবলৈ দিয়ে।

ডিজিটেল ডেস্ক, ২৫ জুন

You might also like