নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

GMCH-ত যুৱতীক চেণ্ডেলেৰে প্ৰহাৰ আৰক্ষী কনিষ্টবলৰ!

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)-ত এগৰাকী যুৱতীক প্ৰহাৰ কৰাৰ অভিযোগত এজন আৰক্ষী কনিষ্টবলক আটক কৰা হৈছে। মঙলবাৰে নিশা প্ৰায় ১১:৩০ বজাত সংঘটিত এই ঘটনাই চিকিৎসালয় চৌহদত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি, পিতৃৰ চিকিৎসাৰ বাবে হাস্পতালত থকা যুৱতীগৰাকীক আৰক্ষী কনিষ্টবল ধনমণি দাসে কেইবাদিন ধৰি অশ্লীল ইংগিত দি আহিছিল। মঙলবাৰে নিশা হাস্পতাললৈ অহা আন এজন ব্যক্তিক কনিষ্টবলজনে প্ৰহাৰ কৰি থকাৰ সময়ত যুৱতীগৰাকীয়ে বাধা প্ৰদান কৰাত ক্ষুব্ধ হৈ তেওঁক চেণ্ডেলেৰে আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, ঘটনাটো GMCHৰ পুৰণি ভৱনৰ দ্বিতীয় মহলাত অৱস্থিত আইচিইউৰ সমীপৰ জিৰণি কোঠাত সংঘটিত হয়।

অভিযুক্ত ধনমণি দাস বাক্সাৰ মুছলপুৰৰ বাসিন্দা আৰু তেওঁ দুমাহ পূৰ্বে ওদালগুৰিৰ পৰা বদলি হৈ গুৱাহাটীলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে পূৰ্বেও একাধিক অভিযোগ উত্থাপিত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে ভুক্তভোগী যুৱতীগৰাকীয়ে ভঙাগড় থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে নিশাই ধনমণি দাসক আটক কৰি লকআপত ৰাখে।

পুলিচে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু সমগ্ৰ বিষয়টোক লৈ অধিক তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ২৫ জুন

You might also like