নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে আজি প্রথম টি–২০ত আয়াৰলেণ্ডৰ যুঁজ

ডিজিটেল ডেস্ক, ২৬ জুন : ঘৰুৱা দল আয়াৰলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ দুখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি বেলফাষ্টত অনুষ্ঠিত হ’ব৷ শৃংখলাটো ভাৰতীয় দলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ হ’বলৈ গৈ আছে৷ প্রতিগৰাকী ভাৰতীয়ৰ লগতে প্রতিগৰাকী ক্রিকেটপ্রেমীৰ দৃষ্টি নিবদ্ধ আছে ১৫ বছৰীয়া বৈভৱ সূর্যবংশীৰ ওপৰত৷

আজিৰ প্রথমখন টি–২০ মেচৰ জৰিয়তে বৈভৱৰ ভাৰতীয় ছিনিয়ৰ দলত অভিষেক ঘটাৰ পূর্ণ সম্ভাৱনা আছে৷ ইপিনে, টি–২০ শৃংখলাটোত ভাৰতীয় দলটোক নেতৃত্ব দিব শ্রেয়াছ আয়াৰে৷ আজিৰ মেচখনত ভাৰতীয় দলটোৰ বাবে আটাইতকৈ ডাঙৰ প্রত্যাহ্বান হ’ব বৈভৱ সূর্যবংশীক প্লেয়িং একাদশত স্থান দিয়াটো৷ আইপিএলত দুর্দান্ত প্রদর্শন কৰাৰ পিছত বৈভৱে শ্রীলংকাত সদ্য সমাপ্ত ত্রিদেশীয় শৃংখলাতো বিধ্বংসী বেটিং প্রদর্শন কৰিছিল৷

বৈভৱক অ’পেনাৰ হিচাপে দলত স্থান দিয়াৰ লগে লগে ভাৰতীয় দলৰ বেটিং ক্রমত ব্যাপক সালসলনি হোৱাৰ অধিক সম্ভাৱনা আছে৷ মেচখনত শক্তিশালী দল লৈ নামিব শ্রেয়াছ আয়াৰ বাহিনীয়ে৷

খেলৰ সময় : সন্ধিয়া ৬ বজা৷

You might also like