নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট যুৱক, পৰিয়ালত হাহাকাৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ঠাকুৰানবাৰী গাঁৱৰ পৰা এজন যুৱক ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।নিৰুদ্দিষ্ট কিশোৰজনৰ নাম চুলতান ছাকিল আখতাৰ গালিব বুলি জানিব পৰা গৈছে।

​প্ৰাপ্ত তথ্য অনুসৰি, যুৱকজন কালি পুৱাৰ পৰাই নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈ আছে। কিশোৰজনৰ দৈহিক গঠনৰ বিৱৰণ দি পৰিয়ালৰ লোকে জনোৱা মতে, তেওঁৰ উচ্চতা ৫ ফুট ৪ ইঞ্চি, বৰণ বগা আৰু নিৰুদ্দেশ হোৱাৰ সময়ত তেওঁৰ গাত চাৰ্ট আৰু পেন্ট আছিল।

তেওঁ অসমীয়া আৰু বাংলা ভাষা ভালদৰে ক’ব পাৰে। কালি ​পুৱাৰ পৰা কিশোৰজনক বিচাৰি পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰত তথা বিভিন্ন স্থানত সৰ্বত্ৰে বিচাৰ-খোঁচাৰ চলাইছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো শুংসূত্ৰ লাভ কৰা নাই।

এই সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে মানকাচৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। ​পুত্ৰক বিচাৰি নোপোৱাত পৰিয়ালৰ লোকসকল এতিয়া শোকত ম্ৰিয়মাণ হৈ পৰিছে।

যদি কোনো সদাশয় ব্যক্তিয়ে উক্ত কিশোৰজনক ক’ৰবাত দেখা পায় বা তেওঁৰ অৱস্থানৰ বিষয়ে কোনো তথ্য জানে, তেন্তে তৎক্ষণাৎ ৯৬৭৮১৭৫২৫০ ফোন নম্বৰত খবৰ দিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ২৫ জুন

You might also like