ডিজিটেল ডেস্ক, ২৬ জুন : শান্ত–সমাহিত নীলাচলৰ বুকু আজি ৪টা দিন ভক্তিপ্রাণ ৰাইজৰ আধ্যাত্মিকতাৰে উদুলি–মুদুলি হৈ পৰে ৷ নীলাচলৰ শিখৰ আৰু পাদদেশ যিফালেই চকু যায়, সেইফালেই কেৱল আদ্যাশক্তি মা কামাখ্যাৰ আৰাধনা–বন্দনাৰে মুখৰ হৈ পৰে৷
এই আধ্যাত্মিক পৰিৱেশৰ মাজতে যোৱানিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত নিবৃত্তি হয় অম্বুবাচী মহাযোগৰ৷ গতিকে অন্তিম দিনটোত দেৱী কামাখ্যাৰ আশিস বিচাৰি লানি নিছিগা সোঁত বৈছে ভক্তিপ্রাণ ৰাইজৰ৷ বিগত তিনি দিন ধৰি প্রতিটো প্রহৰে দেৱী কামাখ্যাৰ আশিস বিচাৰি কৰা আৰাধনাৰ পিছত যোৱানিশা অম্বুবাচী মহাযোগৰ নিবৃত্তি হয়৷ ইয়াৰ পাছতে যথাবিহিত পূজা-অৰ্চনা আৰু মন্ত্ৰোচ্চাৰণেৰে মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হয়। আজি সূৰ্যোদয়ৰ পিছতে মুকলি কৰি দিয়া হ’ল মাৰ কামাখ্যাৰ দুৱাৰ।
অম্বুবাচী মহাযোগ উপলক্ষে বিগত কেইবাদিন পূর্বৰে পৰা কামাখ্যা ধামত অৱস্থান কৰে দেশ–বিদেশৰ সাধু–সন্যাসীৰ লগতে ভক্তিপ্রাণ ৰাইজে৷ অৱশ্যে দুৱাৰ খুলিলেও আজি বা কাইলৈ কোনোধৰণৰ ভিভিআইপিৰ দর্শনৰ ব্যৱস্থা ৰখা নহয় বুলি সমিতিয়ে স্পষ্ট কৰিছে৷