নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ঘোষপাৰাত বুজন পৰিমাণৰ ড্ৰাগছসহ সাতজনক আটক

ডিজিটেল ডেস্ক, ধুবুৰী, ২৬ জুন : যোৱানিশা ধুবুৰী চহৰৰ ঘোষপাৰা অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে এক বিশেষ অভিযান চলায়।

জানিব পৰা মতে, ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) ডাঃ অনুপ জ্যোতি বৰাৰ নেতৃত্বত অঞ্চলটোৰ ফিৰোজ সেখ নামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ গৃহত চলোৱা হৈছিল উক্ত অভিযান।

অভিযানটোত আনুমানিক ৩৭.০৬ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ, ৩৯০টা য়াবা টেবলেটকে ধৰি ৪,৯০০ নগদ ধনসহ পাঁচটা মোবাইল ফোন জব্দ হোৱা বুলি প্ৰকাশ। আৰক্ষীৰ সেই অভিযানত কৰায়ত্ত হৈছে ৭গৰাকী সৰবৰাহকাৰীও। ধৃতকেইজন ফিৰোজ সেখ, আব্দুল সমীৰ, ইনুল খান, ছাইদুল ইছলাম, মুন খানয়াছ, য়াছ আগৰৱাল আৰু সুব্ৰত ঘোৰামি বুলি প্ৰকাশ।

You might also like