ডিজিটেল ডেস্ক, কাজলগাঁও, ২৬ জুন : চিৰাং জিলাৰ ডাংতল আৰক্ষী চকীৰ অন্তৰ্গত কাকাৰাগাঁও-কামাৰডাংগা গাঁৱত আজি পুৱাৰ ভাগত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত এজন যুৱক অকালতে মৃত্যুমুখত পৰে।
আজি পুৱাৰ ভাগত স্থানীয় লোকে পথৰ দাঁতিত থকা এটা পুখুৰীত এখন বগা ৰঙৰ বিলাসী বাহন ডুবি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। বাহনখনৰ ভিতৰত কোনো লোক থকাৰ সন্দেহ কৰি উদ্ধাৰৰ উদ্দেশ্যে একাংশ গঞাই পুখুৰীত নামি সাঁতুৰি নিৰীক্ষণ কৰাত বাহনখনৰ ভিতৰত এজন লোকক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। পিছত উক্ত দুৰ্ঘটনাৰ বিষয়ে গাঁওবাসীয়ে ডাংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰে।
খবৰ পোৱা মাত্ৰেই আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ ভিতৰত আবদ্ধ হৈ থকা চালকজনৰ মৃতদেহৰ সৈতে বাহনখন পুখুৰীৰ মাজৰ পৰা বামলৈ তুলিবলৈ সক্ষম হয়। মৃত চালকজনৰ জেপত উদ্ধাৰ হোৱা পৰিচয় পত্ৰত থকা ঠিকনা অনুসৰি গোৱালপাৰা জিলাৰ দুধনৈৰ ৯৯নং তাৰাপাৰাৰ বাসিন্দা ৰবীন্দ্ৰ নাথ দত্তৰ পুত্ৰ হাৰাধন দত্ত বুলি চিনাক্ত কৰা হয়।
দুৰ্ঘটনাৰ খবৰ প্ৰচাৰ হোৱাৰ পাছতেই ঢালিগাঁও বজাৰত চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰে। দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰা যুৱকজন ঢালিগাঁও দৈনিক বজাৰৰ ‘মনোৰমা’ নামৰ কিতাপৰ বিপণীখনৰ স্বত্বাধিকাৰ হাৰাধন দত্ত বুলি বজাৰৰ ব্যৱসায়ীসকল নিশ্চিত হয়। উদীয়মান যুৱ ব্যৱসায়ীজনৰ অকাল মৃত্যুত বৃহত্তৰ ঢালিগাঁও অঞ্চলত শোকৰ ছাঁ পৰে। দৈনিক বজাৰখনৰ সকলো দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানে মৃতকৰ প্ৰতি শ্ৰদ্ধা জনাই বিয়লি দুই বজালৈ বন্ধ পালন কৰে।
বাসুগাঁও চহৰৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকা অৱস্থাত এ এছ-১৯ ভি-৪৩৭৭ নম্বৰৰ বিলাসী ‘কিয়া’ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা দ পুখুৰীটোত সোমাই পৰে। ফলত পুখুৰীৰ পানীত ডুব যোৱা বাহনখনত আবদ্ধ হৈ যুকজনৰ অকাল মৃত্যু হয় বুলি জানিব পৰা গৈছে। ডাংতল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান বঙাইগাঁও চহৰৰ সমীপৱৰ্তী কিষাণ বজাৰত স্থায়ীভাৱে বসবাস কৰা যুৱ ব্যৱসায়ীজনে মৃতুৰ সময়ত বৃদ্ধ পিতৃ, পত্নী আৰু এটি কণমানি কন্যাক ইহসংসাৰত এৰি যায়।