ডিজিটেল ডেস্ক, ২৬ জুন : নুমলীগড়ত তেল চোৰ চক্ৰৰ বিৰুদ্ধে নুমলীগড় আৰক্ষীৰ এক সফল অভিযান। তেল কাটি থকা অৱস্থাতে আৰক্ষীয়ে হাতে-লোটে আটক কৰিছে দুই তেল চোৰক।
নুমলীগড়ৰ তেলগৰমত তেল চুৰি কাৰ্যত লিপ্ত থকা অৱস্থাতে আৰক্ষীৰ জালত পৰে দুই চোৰ। আটক হোৱা লোক দুজন বিশাল ৰয় আৰু শশাংক বৰা বুলি জানিব পৰা গৈছে।
দীৰ্ঘদিন ধৰি অঞ্চলটোত সক্ৰিয় হৈ থকা এই চোৰাং তেলৰ ক’লা বজাৰখনৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল আৰু অৱশেষত এই দুই অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীয়ে দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰু এই চক্ৰটোৰ সৈতে আন কোন কোন জড়িত আছে, তাৰ সন্ধান উলিয়াবলৈ তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে।