নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাইভিং লাইচেঞ্চক লৈ পৰিবহণ মন্ত্রীৰ ডাঙৰ ঘোষণা

ড্রাইভিং লাইচেঞ্চৰ বাবে বাধ্যতামূলক হ’ব ড্রাইভিং টেষ্ট৷ ড্রাইভিং টেষ্ট অবিহনে চালকে লাভ নকৰিব লাইচেঞ্চ৷ এই কথা স্পষ্ট কৰিছে পৰিবহণ মন্ত্রী চৰণ বড়োৱে৷ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বেতকুছিস্থিত কার্যালয় পৰিদর্শন কৰি মন্ত্রীগৰাকীয়ে এই কথা প্রকাশ কৰে৷

মন্ত্রীগৰাকীয়ে জিলা পৰিবহণ কার্যালয়টোৰ বিভিন্ন দিশ পর্যবেক্ষণ কৰাৰ লগতে প্রশিক্ষণ কেন্দ্র আৰু অনুজ্ঞাপত্রৰ বাবে দিবলগীয়া পৰীক্ষা কেন্দ্র পৰিদর্শন কৰি বিভাগৰ বিষয়াসকলৰ লগতো মত বিনিময় কৰে৷

পৰিদর্শনকালত সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে কয়–সকলোৱে জানে যে ড্রাইভিং লাইচেন্স পাবলৈ হ’লে টেষ্ট দিয়াটো বাধ্যতামূলক৷ কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে বহু লোকে টেষ্ট নিদিয়াকৈও ড্রাইভিং লাইচেঞ্চ লাভ কৰে৷ এনেকুৱা অভিযোগো পাওঁ যে বহু সময়ত প্রার্থীজন উপস্থিত নহয়, সেইদৰে আন জিলাৰ লোকে আন জিলাৰ পৰা ড্রাইভিং লাহচেঞ্চ লোৱাৰো অভিযোগ পাওঁ৷

এই অভিযোগসমূহ পোৱাৰ বাবে মই নিজে চাব আহিছোঁ৷ ইতিমধ্যে আমি সিদ্ধান্ত লৈছো আৰু নতুন এছ অ’ পি ওলাব৷ সংবাদ মাধ্যমৰ আগত তেওঁ আৰু কয় যে ড্রাইভিং লাইচেঞ্চৰ বাবে ড্রাইভিং টেষ্ট দিবই লাগিব৷

নিজে টেষ্ট নিদিলে লাইচেঞ্চ নাপাব৷ সেইদৰে বেলেগ জিলাৰ মানুহে বেলেগ জিলাত ড্রাইভিং লাইচেঞ্চ ল’ব নোৱাৰিব৷ এইটো আমি কঠোৰভাৱে লৈছোঁ ৷ কাৰণ ৰাইজৰ পৰা যথেষ্ট অভিযোগ আহিছে৷

তেওঁ লগতে কয়– ৰাজ্যত পথ দুর্ঘটনা বহুত বৃদ্ধি পাইছে৷ পথ সুৰক্ষাৰ বাবে আমি বহুত চেষ্টা কৰাৰ পিছতো অলপ হ’লেও পথ দুর্ঘটনা বৃদ্ধি পাইছে৷ পথ দুর্ঘটনাই সকলোকে দুখ দিয়ে৷ তাৰ বাবে পথ দুর্ঘটনা ৰোধ কমাবৰ বাবে প্রশিক্ষিত তথা দক্ষ চালক হোৱাটো অত্যন্ত প্রয়োজনীয়৷

সেই কাৰণে ড্রাইভিং লাইচেঞ্চ দিয়াৰ ক্ষেত্রত আমি কঠোৰ হৈছো৷ পৰিবহণ বিভাগে লোৱা নতুন পদক্ষেপ সন্দর্ভত মন্ত্রীগৰাকীয়ে কয়– ড্রাইভিঙৰ টেষ্ট লোৱাৰ বাবে টেষ্টিং চেণ্টাৰ সকলো ডিটিঅ’ অফিচত নাই৷ এই বছৰ নোৱাৰিলেও অহা বছৰ প্রতিটো ডিটিঅ’ অফিচত এনে পৰীক্ষা চেণ্টাৰ কৰাৰ বাবে পৰিকল্পনা গ্রহণ কৰিছো৷

অসমৰ প্রতিখন জিলাত মই এনেদৰে চাবলৈ যাম৷ গুৱাহাটীৰ যান–জঁট প্রসংগত মন্ত্রীগৰাকীয়ে কয়– গুৱাহাটীৰ যান–জঁট নিয়ন্ত্রণৰ বাবে শীঘ্রেহ ই–ৰিক্সা আৰু গ্রীন বাছৰ ক্ষেত্রত নতুন ব্যৱস্থা গ্রহণ কৰা হ’ব৷

ইফালে বাহপাছ ৰোডত পার্কিং নথকা বাবে খানাপাৰাত যান–জঁটৰ সমস্যা হয়, জালুকবাৰী উৰণ সেতুত যান–জঁটৰ সমস্যা হয়৷ আদাবাৰীত হয়৷ তাৰ বাবে খানাপাৰাত পার্কিঙৰ বাবে এখন ঠাই ঠিক কৰিছোঁ৷

আনহাতে নামনি অসমৰ পৰা অহা বাছসমূহৰ পার্কিঙৰ বাবে আদাবাৰীত পূর্বৰ দৰে ব্যৱস্থা কৰা হ’ব৷ সেইদৰে ৰাষ্ট্রীয় ঘাইপথত ট্ৰাকসমূহ ৰখাব নোৱাৰিব আৰু যাৰ বাবে ট্ৰাক টার্মিনেল বনাব লাগিব৷

গ্রীনবাছৰ ক্ষেত্রত কিছু নিয়ম সালসলনি কৰিব লগা আছে৷ সেইক্ষেত্রত আমি কাম কৰিম৷ গুৱাহাটীৰ যান–বাহন ব্যৱস্থাপনা সন্দর্ভত মন্ত্রীগৰাকীয়ে কয় যে চৰকাৰে ই–ৰিক্সা আৰু গ্রীন বাছ চলোৱাৰ বাবে নতুন নিয়ম প্রস্তুত কৰি আছে যাতে যান–জঁট হ্রাস কৰাত সহায়ক হয়৷

খানাপাৰা আৰু আদাবাৰীত নতুনকৈ বাছ পার্কিঙৰ ব্যৱস্থা গঢ়ি তোলাৰ কথাও তেওঁ ঘোষণা কৰি মন্ত্রীগৰাকীয়ে কয় যে পুৰণি আদাবাৰী বাছ ষ্টেণ্ডটো নামনি অসমলৈ অহা–যোৱা কৰা বাছসমূহৰ লগতে অন্যান্য যান–বাহনৰ পার্কিঙৰ বাবে ব্যৱহাৰ কৰা হ’ব৷

ইতিমধ্যে এই প্রকল্পৰ কাম আৰম্ভ হৈছে বুলিও তেওঁ লগতে কয়৷

ডিজিটেল ডেস্ক, ২৭ জুন

You might also like